--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ট্ৰাকখন তালাচী কৰি ভিতৰৰ পৰা ২৫০টা পেকেট বাৰ্মিজ চিগাৰেট উদ্ধাৰ কৰা হয়। প্ৰতিটো পেকেটত ২০০টাকৈ চিগাৰেট থাকি মুঠ উদ্ধাৰ হোৱা চিগাৰেটৰ সংখ্যা ৫০,০০০টা।

ডিজিটেল ডেস্ক: কাছাৰৰ দিগৰখাল চেকপোষ্টত অসম-মেঘালয় সীমান্তত চোৰাচালান বিৰোধী অভিযানত নিৰাপত্তা বাহিনীয়ে এক ডাঙৰ সফলতা লাভ কৰিছে। গোপন সূত্ৰৰ আধাৰত শুকুৰবাৰে দিগৰখাল চেকপোষ্টত সন্দেহজনক MH 46 BM 4236 নম্বৰৰ এখন ট্ৰাক জব্দ কৰা হয়।


ট্ৰাকখন তালাচী কৰি ভিতৰৰ পৰা ২৫০টা পেকেট বাৰ্মিজ চিগাৰেট উদ্ধাৰ কৰা হয়। প্ৰতিটো পেকেটত ২০০টাকৈ চিগাৰেট থাকি মুঠ উদ্ধাৰ হোৱা চিগাৰেটৰ সংখ্যা ৫০,০০০টা। উদ্ধাৰ হোৱা চিগাৰেটসহ ট্ৰাকখন বাজেয়াপ্ত কৰা হৈছে।


এই ঘটনাত গোৱালপাৰাৰ বাসিন্দা মহম্মদ সাজিদ আহমদ আৰু ইদ্ৰিছ আলী নামৰ দুজন ব্যক্তিক আটক কৰা হৈছে। প্ৰাথমিক জেৰাত চোৰাচালান চক্ৰৰ সৈতে তেওঁলোকৰ যোগসূত্ৰ থকাৰ ইংগিত পোৱা গৈছে বুলি সূত্ৰই জানিবলৈ দিয়ে।


ঘটনাৰ পিছতে সংশ্লিষ্ট ধাৰাত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে। উদ্ধাৰ হোৱা চিগাৰেটসমূহ ক’ৰ পৰা অনা হৈছিল আৰু ক’লৈ নিয়াৰ পৰিকল্পনা আছিল, লগতে এই চক্ৰৰ সৈতে আন কোন কোন লোক জড়িত আছে-এই সকলো দিশ গভীৰভাৱে তদন্ত কৰা হৈছে বুলি তদন্তকাৰী বিষয়াই জানিবলৈ দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু