--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ট্ৰাকখন তালাচী কৰি ভিতৰৰ পৰা ২৫০টা পেকেট বাৰ্মিজ চিগাৰেট উদ্ধাৰ কৰা হয়। প্ৰতিটো পেকেটত ২০০টাকৈ চিগাৰেট থাকি মুঠ উদ্ধাৰ হোৱা চিগাৰেটৰ সংখ্যা ৫০,০০০টা।

ডিজিটেল ডেস্ক: কাছাৰৰ দিগৰখাল চেকপোষ্টত অসম-মেঘালয় সীমান্তত চোৰাচালান বিৰোধী অভিযানত নিৰাপত্তা বাহিনীয়ে এক ডাঙৰ সফলতা লাভ কৰিছে। গোপন সূত্ৰৰ আধাৰত শুকুৰবাৰে দিগৰখাল চেকপোষ্টত সন্দেহজনক MH 46 BM 4236 নম্বৰৰ এখন ট্ৰাক জব্দ কৰা হয়।


ট্ৰাকখন তালাচী কৰি ভিতৰৰ পৰা ২৫০টা পেকেট বাৰ্মিজ চিগাৰেট উদ্ধাৰ কৰা হয়। প্ৰতিটো পেকেটত ২০০টাকৈ চিগাৰেট থাকি মুঠ উদ্ধাৰ হোৱা চিগাৰেটৰ সংখ্যা ৫০,০০০টা। উদ্ধাৰ হোৱা চিগাৰেটসহ ট্ৰাকখন বাজেয়াপ্ত কৰা হৈছে।


এই ঘটনাত গোৱালপাৰাৰ বাসিন্দা মহম্মদ সাজিদ আহমদ আৰু ইদ্ৰিছ আলী নামৰ দুজন ব্যক্তিক আটক কৰা হৈছে। প্ৰাথমিক জেৰাত চোৰাচালান চক্ৰৰ সৈতে তেওঁলোকৰ যোগসূত্ৰ থকাৰ ইংগিত পোৱা গৈছে বুলি সূত্ৰই জানিবলৈ দিয়ে।


ঘটনাৰ পিছতে সংশ্লিষ্ট ধাৰাত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে। উদ্ধাৰ হোৱা চিগাৰেটসমূহ ক’ৰ পৰা অনা হৈছিল আৰু ক’লৈ নিয়াৰ পৰিকল্পনা আছিল, লগতে এই চক্ৰৰ সৈতে আন কোন কোন লোক জড়িত আছে-এই সকলো দিশ গভীৰভাৱে তদন্ত কৰা হৈছে বুলি তদন্তকাৰী বিষয়াই জানিবলৈ দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ