--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বিস্ফোৰণৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে পাহাৰগঞ্জ, দৰয়াগঞ্জ, কন’ট প্লেচ, আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত ব্যাপক তালাচী অভিযান আৰম্ভ কৰে।

ডিজিটেল ডেস্কঃ লালকিল্লাৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণৰ পিছতে দিল্লীত আতংকৰ পৰিৱেশ। সক্ৰিয় হৈ পৰিছে ৰাজধানীৰ নিৰাপত্তা সংস্থাসমূহ । যোৱা নিশাৰ পৰা সষ্টম হৈ আছে দিল্লী আৰক্ষী, বিশেষ কোষ, আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষীৰ দল। 


বিস্ফোৰণৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে পাহাৰগঞ্জ, দৰয়াগঞ্জ, কন’ট প্লেচ, আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত ব্যাপক তালাচী অভিযান আৰম্ভ কৰে।


আৰক্ষীৰ দলে অঞ্চলটোৰ সৰু-বৰ প্ৰায় সকলো হোটেল, লজ, অতিথিশালাতে অভিযান চলায়। এই অনুসন্ধানৰ সময়ত হোটেলৰ পঞ্জীয়নসমূহ ভালদৰে পৰীক্ষা কৰি বিগত ৪৮ ঘণ্টাত কোনে কোঠা বুকিং কৰিছে সেইটো নিৰ্ণয় কৰা হয়। সন্দেহজনক গতিবিধি চিনাক্ত কৰিবলৈ চিচিটিভিৰ ফুটেজো পৰীক্ষা কৰা হৈছে। তদন্তৰ সময়ত আৰক্ষীয়ে চাৰিজন সন্দেহযুক্ত লোকক চিনাক্ত কৰিছে। এই চাৰিজন ব্যক্তিক আটক কৰি জেৰা অব্যাহত ৰাখিছে। অৱশ্যে তেওঁলোকৰ পৰিচয় বা গ্ৰেপ্তাৰ এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই আৰক্ষীয়ে।


দিল্লীত সংঘটিত বিস্ফোৰণৰ সৈতে পুলৱামা লিংক


I20 বাহনখনৰ গৰাকী পুলৱামা জিলাৰ এজন লোক । গাড়ীখন প্ৰথমে ক্ৰয় কৰিছিল হাৰিয়ানাৰ মহম্মদ ছলমানে । ২০১৪ চনৰ পৰা ৪ বাৰ সলনি হৈছিল গাড়ীখনৰ মালিক। 

শেহতীয়াকৈ ক্ৰয় কৰিছিল পুলৱামাৰ তাৰিক নামৰ ব্যক্তিজনে ।পুলৱামা জিলাৰ সম্ভুৰা গাঁৱৰ বাসিন্দা তাৰিক । বৈধভাৱে পৰিৱৰ্তন কৰা হোৱা নাছিল গাড়ীখনৰ নথিপত্ৰ।ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে হাৰিয়ানাৰ মহম্মদ ছলমানক । পুলৱামাৰ তাৰিকক বিচাৰি কাশ্মীৰলৈ যাব দিল্লী আৰক্ষী । তাৰিকে কিনা গাড়ী দিল্লী কেনেকৈ পালেহি তাক লৈ ৰহস্য ।


সূত্ৰ অনুসৰি এই কোম্পানীটো দিল্লীৰ পৰা মাত্ৰ কেইকিলোমিটাৰমান দূৰত ফৰিদাবাদৰ ছেক্টৰ ৩৭ জ’নত অৱস্থিত। খবৰ অনুসৰি এই কোম্পানীটোৱে ব্যৱহৃত গাড়ী ক্ৰয়-বিক্ৰয়ৰ ব্যৱসায় কৰে। বৰ্তমান দিল্লী আৰক্ষীৰ বিশেষ কোষ আৰু এন আই এৰ দলসমূহে এই লেনদেনৰ সৈতে জড়িত সকলো নথি-পত্ৰ পৰীক্ষা কৰি গাড়ীখন কোন শৃংখলৰ মাজেৰে তাৰিকত উপস্থিত হৈছিল সেইটো নিৰ্ণয় কৰি আছে।


তদন্তত নিয়োজিত আৰক্ষী


এই সমগ্ৰ বিষয়ত দিল্লী আৰক্ষীয়ে অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ আইন (UAPA)ৰ অধীনত গোচৰ ৰুজু কৰিছে। সূত্ৰ অনুসৰি বিস্ফোৰণত ব্যৱহৃত গাড়ীখনৰ সেৱা আৰু মালিকীস্বত্ব দুয়োটা ইতিহাসৰ তদন্ত চলি আছে। তাৰিক আৰু উমৰ কেতিয়া দিল্লীলৈ আহিছিল আৰু বিস্ফোৰণৰ দিনটোত তেওঁলোকৰ স্থান কি আছিল সেই বিষয়েও তদন্ত অব্যাহত আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ