--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বিস্ফোৰণৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে পাহাৰগঞ্জ, দৰয়াগঞ্জ, কন’ট প্লেচ, আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত ব্যাপক তালাচী অভিযান আৰম্ভ কৰে।

ডিজিটেল ডেস্কঃ লালকিল্লাৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণৰ পিছতে দিল্লীত আতংকৰ পৰিৱেশ। সক্ৰিয় হৈ পৰিছে ৰাজধানীৰ নিৰাপত্তা সংস্থাসমূহ । যোৱা নিশাৰ পৰা সষ্টম হৈ আছে দিল্লী আৰক্ষী, বিশেষ কোষ, আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষীৰ দল। 


বিস্ফোৰণৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে পাহাৰগঞ্জ, দৰয়াগঞ্জ, কন’ট প্লেচ, আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত ব্যাপক তালাচী অভিযান আৰম্ভ কৰে।


আৰক্ষীৰ দলে অঞ্চলটোৰ সৰু-বৰ প্ৰায় সকলো হোটেল, লজ, অতিথিশালাতে অভিযান চলায়। এই অনুসন্ধানৰ সময়ত হোটেলৰ পঞ্জীয়নসমূহ ভালদৰে পৰীক্ষা কৰি বিগত ৪৮ ঘণ্টাত কোনে কোঠা বুকিং কৰিছে সেইটো নিৰ্ণয় কৰা হয়। সন্দেহজনক গতিবিধি চিনাক্ত কৰিবলৈ চিচিটিভিৰ ফুটেজো পৰীক্ষা কৰা হৈছে। তদন্তৰ সময়ত আৰক্ষীয়ে চাৰিজন সন্দেহযুক্ত লোকক চিনাক্ত কৰিছে। এই চাৰিজন ব্যক্তিক আটক কৰি জেৰা অব্যাহত ৰাখিছে। অৱশ্যে তেওঁলোকৰ পৰিচয় বা গ্ৰেপ্তাৰ এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই আৰক্ষীয়ে।


দিল্লীত সংঘটিত বিস্ফোৰণৰ সৈতে পুলৱামা লিংক


I20 বাহনখনৰ গৰাকী পুলৱামা জিলাৰ এজন লোক । গাড়ীখন প্ৰথমে ক্ৰয় কৰিছিল হাৰিয়ানাৰ মহম্মদ ছলমানে । ২০১৪ চনৰ পৰা ৪ বাৰ সলনি হৈছিল গাড়ীখনৰ মালিক। 

শেহতীয়াকৈ ক্ৰয় কৰিছিল পুলৱামাৰ তাৰিক নামৰ ব্যক্তিজনে ।পুলৱামা জিলাৰ সম্ভুৰা গাঁৱৰ বাসিন্দা তাৰিক । বৈধভাৱে পৰিৱৰ্তন কৰা হোৱা নাছিল গাড়ীখনৰ নথিপত্ৰ।ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে হাৰিয়ানাৰ মহম্মদ ছলমানক । পুলৱামাৰ তাৰিকক বিচাৰি কাশ্মীৰলৈ যাব দিল্লী আৰক্ষী । তাৰিকে কিনা গাড়ী দিল্লী কেনেকৈ পালেহি তাক লৈ ৰহস্য ।


সূত্ৰ অনুসৰি এই কোম্পানীটো দিল্লীৰ পৰা মাত্ৰ কেইকিলোমিটাৰমান দূৰত ফৰিদাবাদৰ ছেক্টৰ ৩৭ জ’নত অৱস্থিত। খবৰ অনুসৰি এই কোম্পানীটোৱে ব্যৱহৃত গাড়ী ক্ৰয়-বিক্ৰয়ৰ ব্যৱসায় কৰে। বৰ্তমান দিল্লী আৰক্ষীৰ বিশেষ কোষ আৰু এন আই এৰ দলসমূহে এই লেনদেনৰ সৈতে জড়িত সকলো নথি-পত্ৰ পৰীক্ষা কৰি গাড়ীখন কোন শৃংখলৰ মাজেৰে তাৰিকত উপস্থিত হৈছিল সেইটো নিৰ্ণয় কৰি আছে।


তদন্তত নিয়োজিত আৰক্ষী


এই সমগ্ৰ বিষয়ত দিল্লী আৰক্ষীয়ে অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ আইন (UAPA)ৰ অধীনত গোচৰ ৰুজু কৰিছে। সূত্ৰ অনুসৰি বিস্ফোৰণত ব্যৱহৃত গাড়ীখনৰ সেৱা আৰু মালিকীস্বত্ব দুয়োটা ইতিহাসৰ তদন্ত চলি আছে। তাৰিক আৰু উমৰ কেতিয়া দিল্লীলৈ আহিছিল আৰু বিস্ফোৰণৰ দিনটোত তেওঁলোকৰ স্থান কি আছিল সেই বিষয়েও তদন্ত অব্যাহত আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু