--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সিদ্ধাৰামায়াই কয়, 'বিজেপিৰ বিশেষজ্ঞসকল মিছা কথা কোৱাত পাৰ্গত। 'ভোট চুৰি' তেওঁলোকৰ পেছা হৈ পৰিছে।'

ডিজিটেল ডেস্ক : নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পাছত তেওঁ দেশৰ সকলো সাংবিধানিক আৰু স্বতন্ত্র সংস্থাসমূহ ধ্বংস কৰিছে। এই অভিযোগ উত্থাপন কৰিছে কৰ্ণাটকৰ মুখ্যমন্ত্রী সিদ্ধাৰামায়াই। কেন্দ্রীয় চৰকাৰৰ অধীনস্থ কৰি নিৰ্বাচন আয়োগকো ধ্বংস কৰিছে বুলি মুখ্যমন্ত্রীজনে ক্ষোভ প্রকাশ কৰে। 


মুখ্যমন্ত্ৰীজনে দাবী কৰে যে বিজেপিয়ে ইতিমধ্যে প্ৰমাণ কৰিছে, তেওঁলোক 'ভোট চুৰি'ত বিশেষজ্ঞ। 'ভোট চুৰি' কৰি বিজেপিয়ে কেন্দ্ৰৰ লগতে বিভিন্ন ৰাজ্যত ক্ষমতা দখল কৰিছে বুলি সিদ্ধাৰামায়াই অভিযোগ কৰে। 'ভোট চুৰি'ৰ বিৰুদ্ধে সমগ্র দেশত কংগ্ৰেছে চলোৱা স্বাক্ষৰ অভিযানৰ অংশ হিচাপে কর্ণাটকত ১.১২ কোটি লোকে এই স্বাক্ষৰ অভিযানত অংশ লৈছে বুলি মুখ্যমন্ত্রীজনে ঘোষণা কৰে। 


সিদ্ধাৰামায়াই কয়, 'বিজেপিৰ বিশেষজ্ঞসকল মিছা কথা কোৱাত পাৰ্গত। 'ভোট চুৰি' তেওঁলোকৰ পেছা হৈ পৰিছে।' কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে বিজেপিয়ে 'ভোেট চুৰি' তেওঁলোকৰ পেছা হৈ পৰিছে।' কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে প্রমাণসহকাৰে মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু হাৰিয়ানাত বিজেপিয়ে 'ভোট চুৰি' কৰিছে বুলি ইতিমধ্যে প্রমাণ কৰি দিছে। নির্বাচন আয়োগেও বিজেপিৰ 'ভোট চুৰি'ৰ বিষয়ত অনুসন্ধান কৰাত ব্যৰ্থ হৈছে বুলি সিদ্ধাৰামায়াই কয়।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
'২৬ অস্কাৰৰ দৌৰত দুখন ভাৰতীয় চিনেমা
পাকিস্তানৰ পৰা নিয়ন্ত্ৰণ অসমৰ চাইবাৰ অপৰাধ ; ডুবাই হৈ পাকিস্তানলৈ প্ৰেৰণ কৰা হয় ধন
ভাৰতীয় সেনাত অত্যাধুনিক 'ভৈৰৱ বেটেলিয়ন', শেহতীয়া যুদ্ধ কৌশলত পাকৈত নতুন সৈন্যবলক মোতায়েন কৰিব সীমান্তত
ড'নাল্ড ট্রাম্পৰ হুংকাৰ; ভাৰতৰ বিৰুদ্ধে আৰোপ কৰিব ৫০০% শুল্ক
দহ বছৰত ১০২ সাংসদৰ সম্পত্তি ১১০% বৃদ্ধি, 'এ ডি আৰ', 'নেশ্যনেল ইলেকশ্যন ৱা'ৰ প্ৰতিবেদনত প্রকাশিত তথ্য
১ এপ্ৰিলৰ পৰা ৩০ ছেপ্টেম্বৰৰ ভিতৰত হ'ব সম্পন্ন, লোকপিয়লৰ অধিসূচনা জাৰি
বৰপেটাৰোড আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ দুই গভাইত চোৰ
বিধ্বংসী আক্ৰমণৰ ১০০০ বছৰ; সোমনাথ জ্যোতিৰ্লিংগ মন্দিৰত ‘সোমনাথ স্বাভিমান পৰ্ব’ৰ আয়োজন
ধান উৎপাদনত বিশ্বৰ শীৰ্ষ স্থানত ভাৰত; মার্কিন গৱেষণা সংস্থা 'ইউনাইটেড ষ্টেট্‌ছ ডিপার্টমেন্ট অব্ এগ্রিকালচাৰ'ৰ তথ্যত প্ৰকাশ
ইখনৰ পিছত সিখন ৰাষ্ট্ৰক ৰঙা চকু ট্রাম্পৰ; ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ধমকি দিলে ট্রাম্পে
ম'হ যুঁজৰ বাবে সাজু মৰিগঞা ম'হ গোৱাল, গোনা মহে শিং ধৰাইছে মৰিগাঁৱত
সত্ৰাধিকাৰৰ পৰিয়ালত মিঞা, ভোটাৰ তালিকাত ব্যাপক বিসংগতি, হতভম্ব ধিঙৰ নৰোৱা বালিসত্ৰৰ ডেকা সত্ৰীয়াৰ পৰিয়াল
"মোদীৰ সৈতে মোৰ সম্পৰ্ক অতি ভাল, কিন্তু তেওঁ মোৰ ওপৰত অসন্তুষ্ট" ভাৰতৰ সৈতে সম্পৰ্ক সন্দৰ্ভত কি ক’লে ট্ৰাম্পে?
ট্রাম্পক প্রত্যাহ্বান কলম্বিয়াৰ ৰাষ্ট্ৰপতি পেট্ৰ'ৰ, হোৱাইট হাউছ দখলৰ হুংকাৰ মাডুৰোৰ পুত্ৰ নিকোলাছৰ