--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • ভাৰত আৰু চীনক 'সহযোগী' আখ্যা দি পুটিনে কয় যে আমেৰিকাৰ শুল্ক ব্যৱস্থা হৈছে 'এই দুখন দেশৰ নেতৃত্বক দুৰ্বল কৰাৰ' এক প্রচেষ্টা।

ডিজিটেল ডেস্কঃ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে আমেৰিকাক ভাৰত আৰু চীনৰ ওপৰত বল প্রয়োগ কৰাৰ চেষ্টা নকৰিবলৈ সকীয়াই দিয়ে। 


পুটিনে কয়, 'আপোনালোকে ভাৰত আৰু চীনক তেনেধৰণে কথা ক'ব নোৱাৰে।' চীনত ছাংহাই কো-অপাৰেশ্যন অর্গেনাইজেশ্যনৰ (এছ চি অ') শীর্ষ সন্মিলন আৰু সামৰিক পেৰেডত অংশগ্রহণ কৰাৰ পাছত সাংবাদিকসকলক সম্বোধন কৰি পুটিনে অভিযোগ কৰে যে আমেৰিকাই অৰ্থনৈতিক হেঁচাক এছিয়াৰ দুই বৃহত্তম শক্তিক দুৰ্বল কৰাৰ আহিলা হিচাপে ব্যৱহাৰ কৰিছে। 


ভাৰত আৰু চীনক 'সহযোগী' আখ্যা দি পুটিনে কয় যে আমেৰিকাৰ শুল্ক ব্যৱস্থা হৈছে 'এই দুখন দেশৰ নেতৃত্বক দুৰ্বল কৰাৰ' এক প্রচেষ্টা। পুটিনে কয়, '১.৫ বিলিয়ন জনসংখ্যাৰে ভাৰত, চীন হৈছে শক্তিশালী অৰ্থনীতিৰ দেশ। তেওঁলোকৰ নিজৰ ঘৰুৱা ৰাজনৈতিক ব্যৱস্থা আৰু আইনো আছে।' 


তেওঁ আৰু কয়, 'যেতিয়া কোনোবাই কয় যে তেওঁলোকে শাস্তি দিবলৈ গৈ আছে, তেতিয়া এই কথাও ভাবিব লাগিব যে এই বৃহৎ দেশ দুখনৰ নেতৃত্বই কিদৰে প্ৰতিক্রিয়া জনাব?' ভাৰত আৰু চীনৰ বিষয়ে পুটিনে আৰু কয়, 'ইতিহাসত তেওঁলোকৰ দীর্ঘ সময় ঔপনিৱেশবাদ, তেওঁলোকৰ সাৰ্বভৌমত্বত কৰৰ দৰে কঠিন সময়ো আছিল। 


যদি তেওঁলোকৰ কোনোবাই দুৰ্বলতা প্রদর্শন কৰে, তেওঁৰ ৰাজনৈতিক জীৱনৰ আধ্যা পৰিব। সিয়ে তেওঁৰ আচৰণক প্ৰভাৱান্বিত কৰে।' পুটিনে আৰু কয় যে আমেৰিকাৰ বাগধাৰাই মান্ধাতা যুগৰ চিন্তাৰ প্ৰতিধ্বনি শুনায়। 


তেওঁ কয়, 'উপনিৱেশৰ যুগৰ অন্ত পৰিল। তেওঁলোকে উপলব্ধি কৰা উচিত যে অংশাদীৰৰ সৈতে কথা পাতোতে তেওঁলোকে সেই মেজাজেৰে কথা পাতিব নোৱাৰে।' পুটিনে আৰু কয়, 'অৱশেষত কথাবোৰৰ সমাধান ওলাব, সকলোবোৰ স্বাভাৱিকভাৱে চলিব আৰু আমি পুনৰ স্বাভাৱিক ৰাজনৈতিক আলোচনা দেখিবলৈ পাম।' 


উল্লেখযোগ্য যে ৰাছিয়াৰ তেল ক্ৰয় কৰাৰ বাবে ভাৰতে আমেৰিকাৰ উচ্চ হাৰৰ শুল্কৰ (৫০ শতাংশ) মুখামুখি হোৱা তথা চীনৰ বিৰুদ্ধে উচ্চ হাৰৰ শুল্ক আৰোপ কৰা (এতিয়াও বলৱৎ নোহোৱা)ৰ সময়তে পুটিনে এই প্রতিক্রিয়া প্রকাশ কৰে ।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু