--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • ভাৰত আৰু চীনক 'সহযোগী' আখ্যা দি পুটিনে কয় যে আমেৰিকাৰ শুল্ক ব্যৱস্থা হৈছে 'এই দুখন দেশৰ নেতৃত্বক দুৰ্বল কৰাৰ' এক প্রচেষ্টা।

ডিজিটেল ডেস্কঃ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে আমেৰিকাক ভাৰত আৰু চীনৰ ওপৰত বল প্রয়োগ কৰাৰ চেষ্টা নকৰিবলৈ সকীয়াই দিয়ে। 


পুটিনে কয়, 'আপোনালোকে ভাৰত আৰু চীনক তেনেধৰণে কথা ক'ব নোৱাৰে।' চীনত ছাংহাই কো-অপাৰেশ্যন অর্গেনাইজেশ্যনৰ (এছ চি অ') শীর্ষ সন্মিলন আৰু সামৰিক পেৰেডত অংশগ্রহণ কৰাৰ পাছত সাংবাদিকসকলক সম্বোধন কৰি পুটিনে অভিযোগ কৰে যে আমেৰিকাই অৰ্থনৈতিক হেঁচাক এছিয়াৰ দুই বৃহত্তম শক্তিক দুৰ্বল কৰাৰ আহিলা হিচাপে ব্যৱহাৰ কৰিছে। 


ভাৰত আৰু চীনক 'সহযোগী' আখ্যা দি পুটিনে কয় যে আমেৰিকাৰ শুল্ক ব্যৱস্থা হৈছে 'এই দুখন দেশৰ নেতৃত্বক দুৰ্বল কৰাৰ' এক প্রচেষ্টা। পুটিনে কয়, '১.৫ বিলিয়ন জনসংখ্যাৰে ভাৰত, চীন হৈছে শক্তিশালী অৰ্থনীতিৰ দেশ। তেওঁলোকৰ নিজৰ ঘৰুৱা ৰাজনৈতিক ব্যৱস্থা আৰু আইনো আছে।' 


তেওঁ আৰু কয়, 'যেতিয়া কোনোবাই কয় যে তেওঁলোকে শাস্তি দিবলৈ গৈ আছে, তেতিয়া এই কথাও ভাবিব লাগিব যে এই বৃহৎ দেশ দুখনৰ নেতৃত্বই কিদৰে প্ৰতিক্রিয়া জনাব?' ভাৰত আৰু চীনৰ বিষয়ে পুটিনে আৰু কয়, 'ইতিহাসত তেওঁলোকৰ দীর্ঘ সময় ঔপনিৱেশবাদ, তেওঁলোকৰ সাৰ্বভৌমত্বত কৰৰ দৰে কঠিন সময়ো আছিল। 


যদি তেওঁলোকৰ কোনোবাই দুৰ্বলতা প্রদর্শন কৰে, তেওঁৰ ৰাজনৈতিক জীৱনৰ আধ্যা পৰিব। সিয়ে তেওঁৰ আচৰণক প্ৰভাৱান্বিত কৰে।' পুটিনে আৰু কয় যে আমেৰিকাৰ বাগধাৰাই মান্ধাতা যুগৰ চিন্তাৰ প্ৰতিধ্বনি শুনায়। 


তেওঁ কয়, 'উপনিৱেশৰ যুগৰ অন্ত পৰিল। তেওঁলোকে উপলব্ধি কৰা উচিত যে অংশাদীৰৰ সৈতে কথা পাতোতে তেওঁলোকে সেই মেজাজেৰে কথা পাতিব নোৱাৰে।' পুটিনে আৰু কয়, 'অৱশেষত কথাবোৰৰ সমাধান ওলাব, সকলোবোৰ স্বাভাৱিকভাৱে চলিব আৰু আমি পুনৰ স্বাভাৱিক ৰাজনৈতিক আলোচনা দেখিবলৈ পাম।' 


উল্লেখযোগ্য যে ৰাছিয়াৰ তেল ক্ৰয় কৰাৰ বাবে ভাৰতে আমেৰিকাৰ উচ্চ হাৰৰ শুল্কৰ (৫০ শতাংশ) মুখামুখি হোৱা তথা চীনৰ বিৰুদ্ধে উচ্চ হাৰৰ শুল্ক আৰোপ কৰা (এতিয়াও বলৱৎ নোহোৱা)ৰ সময়তে পুটিনে এই প্রতিক্রিয়া প্রকাশ কৰে ।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ