--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • আমেৰিকাই দুয়োখন দেশৰ সৈতে সংঘৰ্ষ নিবিচাৰে,‌কিন্তু শক্তিশালীভাৱে বাধা দিয়াৰ মেজাজ অটুট ৰাখিবলৈ বিচাৰে।

ডিজিটেল ডেস্ক : আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ৰাছিয়া আৰু চীনক বাধা দিবৰ বাবে প্রস্তুতি শক্তিশালী কৰিবলৈ দেশখনৰ প্ৰতিৰক্ষা বিভাগক নির্দেশ দিছে। পেন্টাগনৰ মুৰব্বী পীট হেগছেথে এই কথা জনায়।


তেওঁ কয় যে আমেৰিকাই দুয়োখন দেশৰ সৈতে সংঘৰ্ষ নিবিচাৰে,‌কিন্তু শক্তিশালীভাৱে বাধা দিয়াৰ মেজাজ অটুট ৰাখিবলৈ বিচাৰে। 'ফক্স নিউজ'ৰ এটা সাক্ষাৎকাৰত হেগছেথে শেহতীয়াকৈ চীন, ৰাছিয়া আৰু উত্তৰ কোৰিয়াৰ নেতাসকলে অংশগ্রহণ কৰা বেইজিঙৰ সামৰিক পেৰেড আমেৰিকাৰ পূৰ্বৰ চৰকাৰৰ ক্রটীবোৰৰ ফল বুলি কয়।


তেওঁ কয়, 'দুর্ভাগ্যজনকভাৱে পূৰ্বৰ চৰকাৰৰ দুৰ্বলতাই ৰাছিয়া আৰু চীনক অধিক অন্তৰংগ কৰালে। আমেৰিকাৰ নেতৃত্বৰ দুৰ্বলতাৰ সেয়া এক বিষম ফল।' তেওঁ আৰু কয়, 'সেয়ে, ৰাষ্ট্ৰপতি ট্রাম্পে আমাৰ প্ৰতিৰক্ষা বিভাগক প্রস্তুত হ'বলৈ, ঐতিহাসিকভাৱে আমাৰ সামৰিক বাহিনীক পুনৰ গঠন কৰিবলৈ, যোদ্ধাৰ বৈশিষ্ট্য পুনৰ স্থাপন কৰিবলৈ আৰু পুনৰ বাধা দিবলৈ দায়িত্ব দিছে। আমি সংঘর্ষ বিচাৰোঁ বাবে অৱশ্যে নহয়, আমি সংঘর্ষ নিবিচাৰোঁ।' হেগছেথে কয় যে আমেৰিকাৰ প্ৰস্তুতিৰ প্ৰকৃতি হৈছে প্ৰতিৰক্ষামূলক। তেওঁ কয়, 'চীন, ৰাছিয়া বা আন দেশক আমি এই কথা স্পষ্ট কৰি দিছোঁ। এয়া এই কাৰণে কৰা হৈছে যে প্রস্তুতিয়ে সংঘর্ষক বাধা দিয়ে।'


হেগছেথে কয়, 'আমি জানো তেওঁলোকে কি বিশ্বাস কৰে আৰু তেওঁলোক কোন। আমি এই কথাও জানো যে আমি কিমান শক্তিশালী আৰু আমাৰ কি কি সামৰিক সুবিধা আছে। তেওঁলোকেও এই কথা জানে।' তেওঁ আৰু কয়, 'আমাৰ কাম হৈছে মহাকাশ, আকাশ, সমুদ্র, সমুদ্ৰৰ তলত দীর্ঘ দূৰত্বৰ অস্ত্ৰৰে আমাৰ এই সামৰিক সুবিধাবোৰ অব্যাহত ৰখা। আমাৰ সকলো সক্ষমতা, 'গ'ল্ডেন ড'ম' (চীনে জানে যে ইয়াৰ বিকল্প নাই)। আৰু আমি এইবোৰৰ ভিতৰতে কাম কৰিম।' হেগছেথে কয়, 'প্ৰদৰ্শন আৰু পেৰেডবোৰ ভাল, কিন্তু আমেৰিকাই আশা কৰে যে সেইবোৰে যেন প্রকৃত সামৰিক সংঘাত হৈ নপৰে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু