--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দিল্লী আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই গান্ধী পৰিয়ালৰ দুজন সদস্যসহ ছয়জন লোকৰ বিৰুদ্ধে এই গোচৰৰ সন্দৰ্ভত নতুনকৈ দাখিল কৰা এখন এজাহাৰত এই বিষয়টো উল্লেখ আছে।

ডিজিটেল ডেস্ক : নেশ্যনেল হেৰল্ড গোচৰৰ সৈতে ধনৰ অবৈধ সৰবৰাহৰ সংক্ৰান্তত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰ কৰাৰ অভিযোগ অনা হৈছে। 


দিল্লী আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই গান্ধী পৰিয়ালৰ দুজন সদস্যসহ ছয়জন লোকৰ বিৰুদ্ধে এই গোচৰৰ সন্দৰ্ভত নতুনকৈ দাখিল কৰা এখন এজাহাৰত এই বিষয়টো উল্লেখ আছে। 


এজাহাৰখনত চেম পিট্ৰ'ডা সুমন ডুবে, সুনীল ভাণ্ডাৰী আৰু এজন অচিনাক্ত ব্যক্তিৰ নাম আছে। তদুপৰি তিনিটা কোম্পানী এছ'চিয়েট জার্নেল লিমিটেড, ইয়ং ইণ্ডিয়ান আৰু ড'টেক্স মার্চেনডাইজ প্রাইভেট লিমিটেডকো এই গোচৰৰ সৈতে সাঙোৰা হৈছে। 


এজাহাৰখনত অভিযোগ অনা হৈছে যে এছ'চিয়েটেড জার্নেল লিমিটেডে (এ জে এল) ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা ৯০.২৫ কোটি টকাৰ সুতবিহীন ঋণ লৈ ঘূৰাই দিয়া নাছিল। এই ক্ষেত্রত এ জে এলৰ অভিভাৱক প্রতিষ্ঠান অধুনালুপ্ত নেশ্যনেল হেৰল্ড বাতৰি কাকতখন ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ মালিকানাধীন আছিল আৰু সেই সময়তে দুয়োজনে অপৰাধমূলক ষড়যন্ত্ৰ কৰি প্ৰৱঞ্চনাৰে এ জে এলক মালিকানাধীন কৰিছিল বুলি ই ডিয়ে অভিযোগ কৰিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু