--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • পৰিবেশ গৱেষণা প্রতিষ্ঠান, ক্লাইমেট ট্রেন্ডে প্রস্তুত কৰা প্রতিবেদনৰ তথ্যৰ বিশ্লেষণত দেখা গৈছে যে দেশৰ ১১খন প্রধান মহানগৰত দীর্ঘদিন ধৰি বায়ু প্রদূষণ হৈ আছে।

ডিজিটেল ডেস্ক : দেশৰ প্রধান মহানগৰসমূহত উদ্বেগজনকভাবে ভয়ংকৰ বায়ু প্রদূষণ হৈ আছে। ভাৰতৰ প্রধান মহানগৰসমূহত বায়ু প্ৰদূষণৰ বিষয়ত চলোৱা যোৱা ১০ বছৰৰ মূল্যায়নত তথ্য পোৱা গৈছে যে দেশৰ শীর্ষ মহানগৰসমূহে ২০১৫-২০২৫ বৰ্ষৰ ভিতৰত যিকোনো বিষয়তে নিৰাপদ বায়ুৰ মান সূচকাংক (এ কিউ আই) পূৰণ কৰিব পৰা নাই। 


পৰিবেশ গৱেষণা প্রতিষ্ঠান, ক্লাইমেট ট্রেন্ডে প্রস্তুত কৰা প্রতিবেদনৰ তথ্যৰ বিশ্লেষণত দেখা গৈছে যে দেশৰ ১১খন প্রধান মহানগৰত দীর্ঘদিন ধৰি বায়ু প্রদূষণ হৈ আছে। অধ্যয়নটোত প্রকাশ হোৱা মতে, এই অধ্যয়নৰ সময়ছোৱাত দেশৰ সবাতোকৈ প্রদূষিত মহানগৰ হৈছে দিল্লী। 


দিল্লীত ২০১৬ চনত এ কিউ আই আছিল গড় হিচাপত ২৫০ আৰু বৰ্তমান এই এ কিউ আই (বায়ুৰ মান সূচকাংক) ৪০০ হৈ শোচনীয় হৈ পৰিছে। ২০১৯ চনত ৰাষ্ট্ৰীয় ৰাজধানী মহানগৰখনত এ কিউ আই সামান্য হ্রাস পাইছিল যদিও দিল্লীত কেতিয়াও স্বাস্থ্যকৰ বায়ুৰ মান হোৱা নাই। যান-বাহনৰ পৰা নিৰ্গত হোৱা দূষিত বায়ু, উদ্যোগসমূহৰ পৰা প্ৰদূষণ আৰু নৰা জ্বলোৱা আদিৰ বাবে দিল্লী মহানগৰীত ভয়াৱহ প্রদূষণ অধিক বৃদ্ধি পাইছে। লক্ষ্ণৌ, বাৰাণসী আৰু আহমেদাবাদ আদি মহানগৰত যোৱা ১০ বছৰত এ কিউ আই প্রায়ে ২০০ৰ ওপৰত থাকে। দক্ষিণ আৰু পশ্চিম ভাৰতৰ মহানগৰসমূহ যেনে-মুম্বাই, চেন্নাই, পুনে আৰু বেংগালুৰু আদি মহানগৰতো এ কিউ আই ঊর্ধ্বগামী হৈছে। 


উল্লেখযোগ্য যে বিষাক্ত ধূলিকণা পি এম ২.৫ অথবা পি এম ১০ বায়ুমণ্ডলত থকাৰ বিষয়ত ভিত্তি কৰি বায়ুৰ মান সূচকাংক (এ কিউ আই) নির্ধাৰণ কৰা হয়। এই সন্দর্ভত স্কাইমেট বেডাৰৰ উপাধ্যক্ষ মহেশ পালাৱটে কয় যে ভৌগোলিক অৱস্থাই দীর্ঘদিনীয়া বায়ু প্ৰদূষণৰ ক্ষেত্ৰত অৰিহণা যোগায়, বিশেষকৈ উত্তৰ ভাৰতীয় অঞ্চলসমূহত। উত্তৰ-পশ্চিম দিশৰ পৰা ঠাণ্ডা বতাহ নামনি অঞ্চললৈ আহে। ইয়াৰ লগতে তাপমাত্রা নিম্নগামী হৈ বায়ু প্রদূষণত অৰিহণা যোগায়। বিশেষজ্ঞসকলে মত ব্যক্ত কৰিছে যে উপযুক্ত প্রযুক্তি অৱলম্বনেবে এই মহানগৰ আৰু অঞ্চলসমূহত বায়ু প্রদূষণত বাধা দিব পৰা যায়।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ