--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • পৰিবেশ গৱেষণা প্রতিষ্ঠান, ক্লাইমেট ট্রেন্ডে প্রস্তুত কৰা প্রতিবেদনৰ তথ্যৰ বিশ্লেষণত দেখা গৈছে যে দেশৰ ১১খন প্রধান মহানগৰত দীর্ঘদিন ধৰি বায়ু প্রদূষণ হৈ আছে।

ডিজিটেল ডেস্ক : দেশৰ প্রধান মহানগৰসমূহত উদ্বেগজনকভাবে ভয়ংকৰ বায়ু প্রদূষণ হৈ আছে। ভাৰতৰ প্রধান মহানগৰসমূহত বায়ু প্ৰদূষণৰ বিষয়ত চলোৱা যোৱা ১০ বছৰৰ মূল্যায়নত তথ্য পোৱা গৈছে যে দেশৰ শীর্ষ মহানগৰসমূহে ২০১৫-২০২৫ বৰ্ষৰ ভিতৰত যিকোনো বিষয়তে নিৰাপদ বায়ুৰ মান সূচকাংক (এ কিউ আই) পূৰণ কৰিব পৰা নাই। 


পৰিবেশ গৱেষণা প্রতিষ্ঠান, ক্লাইমেট ট্রেন্ডে প্রস্তুত কৰা প্রতিবেদনৰ তথ্যৰ বিশ্লেষণত দেখা গৈছে যে দেশৰ ১১খন প্রধান মহানগৰত দীর্ঘদিন ধৰি বায়ু প্রদূষণ হৈ আছে। অধ্যয়নটোত প্রকাশ হোৱা মতে, এই অধ্যয়নৰ সময়ছোৱাত দেশৰ সবাতোকৈ প্রদূষিত মহানগৰ হৈছে দিল্লী। 


দিল্লীত ২০১৬ চনত এ কিউ আই আছিল গড় হিচাপত ২৫০ আৰু বৰ্তমান এই এ কিউ আই (বায়ুৰ মান সূচকাংক) ৪০০ হৈ শোচনীয় হৈ পৰিছে। ২০১৯ চনত ৰাষ্ট্ৰীয় ৰাজধানী মহানগৰখনত এ কিউ আই সামান্য হ্রাস পাইছিল যদিও দিল্লীত কেতিয়াও স্বাস্থ্যকৰ বায়ুৰ মান হোৱা নাই। যান-বাহনৰ পৰা নিৰ্গত হোৱা দূষিত বায়ু, উদ্যোগসমূহৰ পৰা প্ৰদূষণ আৰু নৰা জ্বলোৱা আদিৰ বাবে দিল্লী মহানগৰীত ভয়াৱহ প্রদূষণ অধিক বৃদ্ধি পাইছে। লক্ষ্ণৌ, বাৰাণসী আৰু আহমেদাবাদ আদি মহানগৰত যোৱা ১০ বছৰত এ কিউ আই প্রায়ে ২০০ৰ ওপৰত থাকে। দক্ষিণ আৰু পশ্চিম ভাৰতৰ মহানগৰসমূহ যেনে-মুম্বাই, চেন্নাই, পুনে আৰু বেংগালুৰু আদি মহানগৰতো এ কিউ আই ঊর্ধ্বগামী হৈছে। 


উল্লেখযোগ্য যে বিষাক্ত ধূলিকণা পি এম ২.৫ অথবা পি এম ১০ বায়ুমণ্ডলত থকাৰ বিষয়ত ভিত্তি কৰি বায়ুৰ মান সূচকাংক (এ কিউ আই) নির্ধাৰণ কৰা হয়। এই সন্দর্ভত স্কাইমেট বেডাৰৰ উপাধ্যক্ষ মহেশ পালাৱটে কয় যে ভৌগোলিক অৱস্থাই দীর্ঘদিনীয়া বায়ু প্ৰদূষণৰ ক্ষেত্ৰত অৰিহণা যোগায়, বিশেষকৈ উত্তৰ ভাৰতীয় অঞ্চলসমূহত। উত্তৰ-পশ্চিম দিশৰ পৰা ঠাণ্ডা বতাহ নামনি অঞ্চললৈ আহে। ইয়াৰ লগতে তাপমাত্রা নিম্নগামী হৈ বায়ু প্রদূষণত অৰিহণা যোগায়। বিশেষজ্ঞসকলে মত ব্যক্ত কৰিছে যে উপযুক্ত প্রযুক্তি অৱলম্বনেবে এই মহানগৰ আৰু অঞ্চলসমূহত বায়ু প্রদূষণত বাধা দিব পৰা যায়।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু