--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • নতুন ৰাষ্ট্ৰীয় ক্রীড়া প্রশাসন বিধেয়কত এই ব্যৱস্থা কৰা হৈছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় ক্রীড়া প্রশাসন বিধেয়কত ইতিমধ্যে সংসদে অনুমোদন জনাইছে।

ডিজিটেল ডেস্ক : ৰাষ্ট্ৰীয় ক্রীড়া সংগঠনসমূহৰ (এন এছ এফ) শীর্ষ পদৰ বাবে নিয়ম শিথিল কৰিবলৈ বিচাৰিছে ক্রীড়া মন্ত্ৰ্যালয়ে। মন্ত্ৰ্যালয়ে নিয়ম শিথিল কৰি তৰুণ ক্রীড়া প্রশাসক তথা এথলীট-ক্রীড়া সংগঠকসকলক শীর্ষ পদত অধিষ্ঠিত হোৱাৰ পথ মুকলি কৰাৰ ব্যৱস্থা কৰিছে। নতুন ৰাষ্ট্ৰীয় ক্রীড়া প্রশাসন বিধেয়কত এই ব্যৱস্থা কৰা হৈছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় ক্রীড়া প্রশাসন বিধেয়কত ইতিমধ্যে সংসদে অনুমোদন জনাইছে।


এতিয়া বিধেয়কত ৰাষ্ট্ৰপতিয়ে অনুমোদন জনোৱাৰ লগে লগে আইনত পৰিণত হ'ব। নতুন নিয়ম অনুসৰি এন এছ এফৰ শীৰ্ষ পদত অধিষ্ঠিত হোৱাৰ বাবে কাৰ্যনিৰ্বাহক কমিটীত এটা কার্যকাল সম্পূৰ্ণ কৰিলেই হ'ব। পুৰণি নিয়ম অনুসৰি শীৰ্ষ পদৰ বাবে কার্যনির্বাহক কমিটীত কমেও দুটা কার্যকাল সম্পূর্ণ হোৱাৰ প্ৰয়োজন আছিল।


যোৱা সপ্তাহত লোক সভা আৰু ৰাজ্য সভাত গৃহীত হোৱা বিধেয়কখনত ৰাষ্ট্ৰীয় ক্রীড়া ফেডাৰেশ্যনসমূহৰ অধ্যক্ষ, সচিব আৰু কোষাধ্যক্ষ পদৰ বাবে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ বাবে প্ৰাৰ্থীৰ মান নিৰূপণ কৰা হৈছে। পূৰ্বৰ নিয়ম অনুসৰি এই তিনিওটা পদত প্রতিদ্বন্দ্বিতা কৰাৰ কাৰণে প্রার্থীজনে এন এফ এছৰ কাৰ্যনিৰ্বাহক কমিটীত কমেও দুটা কার্যকাল সম্পূৰ্ণ কৰাটো অনিবার্য আছিল। সংশ্লিষ্ট সকলো পক্ষৰ সৈতে আলোচনা-বিলোচনা কৰাৰ পাছত এই নিয়ম সংশোধন কৰি ন্যূনতম এটা কার্যকাল কৰা হয়। নতুন নিয়মে ভাৰতীয় অলিম্পিক সন্থাৰ (আই অ' এ) সভানেত্রী পি টি ঊষা আৰু ভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ সভাপতি কল্যাণ চৌবেই পুনৰ এই পদৰ বাবে প্রতিদ্বন্দ্বিতা কৰাৰ পথ মুকলি কৰিব।


ক্রীড়া মন্ত্রী মনসুখ মণ্ডাভিয়াই কয় যে এই নিয়মৰ সংশোধনে ক্রীড়া প্রশাসকৰ ক্ষেত্ৰখনত অধিক প্রতিযোগিতামূলক হোৱাটো সুনিশ্চিত কৰাৰ বাবে প্রয়োজনীয় ভাৰসাম্য ৰক্ষা কৰিব। তেওঁ লগতে কয় যে ক্রীড়া ফেডাৰেশ্যনসমূহৰ নির্বাচনত প্রার্থিত্ব আগবঢ়োৱাৰ বাবে কাৰ্যকৰী কমিটীত কমেও এটা কাৰ্যকাল সম্পূৰ্ণ কৰাৰ নিয়ম কৰাৰ ফলত যোগ্য আৰু দক্ষ প্ৰাৰ্থীৰ বিকল্পৰ পৰিসৰ ব্যাপক কৰিব। মন্ত্ৰীজনে কয় যে ক্রীড়া প্রশাসন বিধেয়কখন প্রণয়ন কৰাৰ সময়ত বিভিন্ন পক্ষই এই কথাত গুৰুত্ব আৰোপ কৰিছিল যে প্রার্থিত্বৰ বাবে কঠোৰ নিয়মে ইতিমধ্যে পদত থকা লোকসকলক অধিক শক্তিশালী কৰে আৰু নতুন নেতৃত্বৰ বাবে সুযোগ সীমিত কৰে। নতুন নিয়মে প্রতিভাশালী প্রশাসক তথা শক্তিশালী প্রশাসনিক ক্ষমতা থকা প্রাক্তন খেলুৱৈক এই পদ গ্রহণ কৰাত সুবিধা দিব বুলি তেওঁ কয়।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ