--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • নতুন ৰাষ্ট্ৰীয় ক্রীড়া প্রশাসন বিধেয়কত এই ব্যৱস্থা কৰা হৈছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় ক্রীড়া প্রশাসন বিধেয়কত ইতিমধ্যে সংসদে অনুমোদন জনাইছে।

ডিজিটেল ডেস্ক : ৰাষ্ট্ৰীয় ক্রীড়া সংগঠনসমূহৰ (এন এছ এফ) শীর্ষ পদৰ বাবে নিয়ম শিথিল কৰিবলৈ বিচাৰিছে ক্রীড়া মন্ত্ৰ্যালয়ে। মন্ত্ৰ্যালয়ে নিয়ম শিথিল কৰি তৰুণ ক্রীড়া প্রশাসক তথা এথলীট-ক্রীড়া সংগঠকসকলক শীর্ষ পদত অধিষ্ঠিত হোৱাৰ পথ মুকলি কৰাৰ ব্যৱস্থা কৰিছে। নতুন ৰাষ্ট্ৰীয় ক্রীড়া প্রশাসন বিধেয়কত এই ব্যৱস্থা কৰা হৈছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় ক্রীড়া প্রশাসন বিধেয়কত ইতিমধ্যে সংসদে অনুমোদন জনাইছে।


এতিয়া বিধেয়কত ৰাষ্ট্ৰপতিয়ে অনুমোদন জনোৱাৰ লগে লগে আইনত পৰিণত হ'ব। নতুন নিয়ম অনুসৰি এন এছ এফৰ শীৰ্ষ পদত অধিষ্ঠিত হোৱাৰ বাবে কাৰ্যনিৰ্বাহক কমিটীত এটা কার্যকাল সম্পূৰ্ণ কৰিলেই হ'ব। পুৰণি নিয়ম অনুসৰি শীৰ্ষ পদৰ বাবে কার্যনির্বাহক কমিটীত কমেও দুটা কার্যকাল সম্পূর্ণ হোৱাৰ প্ৰয়োজন আছিল।


যোৱা সপ্তাহত লোক সভা আৰু ৰাজ্য সভাত গৃহীত হোৱা বিধেয়কখনত ৰাষ্ট্ৰীয় ক্রীড়া ফেডাৰেশ্যনসমূহৰ অধ্যক্ষ, সচিব আৰু কোষাধ্যক্ষ পদৰ বাবে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ বাবে প্ৰাৰ্থীৰ মান নিৰূপণ কৰা হৈছে। পূৰ্বৰ নিয়ম অনুসৰি এই তিনিওটা পদত প্রতিদ্বন্দ্বিতা কৰাৰ কাৰণে প্রার্থীজনে এন এফ এছৰ কাৰ্যনিৰ্বাহক কমিটীত কমেও দুটা কার্যকাল সম্পূৰ্ণ কৰাটো অনিবার্য আছিল। সংশ্লিষ্ট সকলো পক্ষৰ সৈতে আলোচনা-বিলোচনা কৰাৰ পাছত এই নিয়ম সংশোধন কৰি ন্যূনতম এটা কার্যকাল কৰা হয়। নতুন নিয়মে ভাৰতীয় অলিম্পিক সন্থাৰ (আই অ' এ) সভানেত্রী পি টি ঊষা আৰু ভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ সভাপতি কল্যাণ চৌবেই পুনৰ এই পদৰ বাবে প্রতিদ্বন্দ্বিতা কৰাৰ পথ মুকলি কৰিব।


ক্রীড়া মন্ত্রী মনসুখ মণ্ডাভিয়াই কয় যে এই নিয়মৰ সংশোধনে ক্রীড়া প্রশাসকৰ ক্ষেত্ৰখনত অধিক প্রতিযোগিতামূলক হোৱাটো সুনিশ্চিত কৰাৰ বাবে প্রয়োজনীয় ভাৰসাম্য ৰক্ষা কৰিব। তেওঁ লগতে কয় যে ক্রীড়া ফেডাৰেশ্যনসমূহৰ নির্বাচনত প্রার্থিত্ব আগবঢ়োৱাৰ বাবে কাৰ্যকৰী কমিটীত কমেও এটা কাৰ্যকাল সম্পূৰ্ণ কৰাৰ নিয়ম কৰাৰ ফলত যোগ্য আৰু দক্ষ প্ৰাৰ্থীৰ বিকল্পৰ পৰিসৰ ব্যাপক কৰিব। মন্ত্ৰীজনে কয় যে ক্রীড়া প্রশাসন বিধেয়কখন প্রণয়ন কৰাৰ সময়ত বিভিন্ন পক্ষই এই কথাত গুৰুত্ব আৰোপ কৰিছিল যে প্রার্থিত্বৰ বাবে কঠোৰ নিয়মে ইতিমধ্যে পদত থকা লোকসকলক অধিক শক্তিশালী কৰে আৰু নতুন নেতৃত্বৰ বাবে সুযোগ সীমিত কৰে। নতুন নিয়মে প্রতিভাশালী প্রশাসক তথা শক্তিশালী প্রশাসনিক ক্ষমতা থকা প্রাক্তন খেলুৱৈক এই পদ গ্রহণ কৰাত সুবিধা দিব বুলি তেওঁ কয়।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু