--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মহাৰাষ্ট্ৰৰ ৰাজনীতিত এটা নতুন সমীকৰণৰ ইংগিত বহন কৰি শনিবাৰে দুই ভাতৃয়ে মুম্বাইত একেলগে এখন বিশাল জন সমাৱেশত অংশ লয়।

ডিজিটেল ডেস্ক : যোৱা দুটা দশক ধৰি বিচ্ছেদ হৈ থকা মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ দুই শক্তিশালী নেতা তথা ককাই-ভাই শিৱ সেনা (ইউ বি টি)ৰ মুৰব্বী উদ্ধৱ থাকৰে আৰু মহাৰাষ্ট্ৰ নিৰ্মাণ সমিতিৰ (এম এন এছ) সভাপতি ৰাজ থাকৰেৰ শনিবাৰে পুনৰ মিলন হয়।


মহাৰাষ্ট্ৰৰ ৰাজনীতিত এটা নতুন সমীকৰণৰ ইংগিত বহন কৰি শনিবাৰে দুই ভাতৃয়ে মুম্বাইত একেলগে এখন বিশাল জন সমাৱেশত অংশ লয়।


মহাৰাষ্ট্ৰৰ প্রাথমিক বিদ্যালয়ত হিন্দী ভাষা আৰোপ কৰাৰ বিৰোধিতা কৰি শনিবাৰৰ দিনটোতে দুয়ো থাকৰেই এখন প্রতিবাদী সভাৰ আহ্বান জনাইছিল। কিন্তু ৰাজ্যখনত মহাৰাষ্ট্ৰ চৰকাৰে ত্ৰি-ভাষা নীতি পৰিহাৰ কৰাৰ সিদ্ধান্ত লোৱাৰ পাছত বিৰোধী দলসমূহে শনিবাৰে মুম্বাইত মাৰাঠী ভাষাৰ 'বিজয় সমাৱেশ' উদযাপন কৰে। কালি জন সমাৱেশত মুখ্যমন্ত্রী দেবেন্দ্র ফৰনবীচক লক্ষ্য কৰি ৰাজ থাকৰেই কয়, 'ফৰনবীচে সেই কাম কৰিলে, যি কাম বালাচাহেব থাকেৰেয়ো কৰিব পৰা নাছিল- তেওঁ আমাৰ পুনৰ মিলন ঘটালে।' ইফালে শিৱ সেনা (ইউ বিটি) আৰু এম এন এছৰ মাজৰ মিত্ৰতাৰ সম্ভাৱনাৰ ইংগিত দি উদ্ধৱ থাকৰেই কয়, 'বহু বছৰৰ পাছত আমি এতিয়া একলগ হ'লোঁ, একেলগে থাকিবলৈ।' প্রথম শ্ৰেণীৰ পৰা পঞ্চম শ্রেণীলৈ হিন্দী বাধ্যতামূলক কৰাৰ চৰকাৰৰ প্ৰস্তাৱ প্ৰত্যাহাৰ কৰাৰ পাছত মুম্বাইৰ ৱলীত থকা নেশ্যনেল স্পর্টছ ক্লাব অব ইণ্ডিয়াত উদযাপন হোৱা এই 'বিজয় সমাবেশ' হাজাৰ হাজাৰ লোকৰ উপস্থিতিৰে ঠাহ খাই থাকে। 'অৰাজনৈতিক আৰু সৰ্বদলীয়' সমাৱেশ ৰূপে আয়োজন কৰা এই সমাৱেশৰ মঞ্চত কোনো দলবে পতাকা বা বেনাৰ অঁৰা হোৱা নাছিল। মঞ্চৰ পিছৰ আঁৰকাপোৰত আছিল কেৱল মহাৰাষ্ট্ৰৰ মানচিত্ৰ যি এই সমাৱেশৰ বিষয়- মাৰাঠী পৰিচিতি, ভাষা আৰু গৌৰৱক আলোকপাত কৰিছিল।


যদিও এই সমাৱেশত এন চি পি (শাৰদ পাৱাৰ)ৰ নেত্রী সুপ্রিয়া সুলে তথা নেতা জিতেন্দ্র আৱহাদকে ধৰি বিভিন্ন বিৰোধী দলৰ নেতা উপস্থিত আছিল, মঞ্চত আছিল কেৱল উদ্ধৱ আৰু ৰাজ থাকৰে। তেওঁলোকেই আছিল বক্তা।


উক্ত সমাৱেশত ভাষণ দি ৰাজ থাকৰেই কয় যে বিজেপিয়ে ত্রি-ভাষাৰ ফর্মুলাক শৈক্ষিক সংস্কাৰতকৈ 'ৰাজনৈতিক আহিলা' হিচাপেহে ব্যৱহাৰ কৰিছে। তেওঁ অভিযোগ কৰে যে বিজেপিয়ে পৰীক্ষা কৰি চাইছিল যে মুম্বাইক মহাৰাষ্ট্ৰৰ পৰা পৃথক কৰিব পাৰি নেকি। তেওঁ কয়, 'তেওঁলোকে অপ্রয়োজনীয়ভাবে আমাৰ ওপৰত (হিন্দী) জাপি দিবলৈ বিচাৰিছিল। কিন্তু তেওঁলোকে মহাৰাষ্ট্ৰ আৰু মাৰাঠী লোকৰ শক্তি দেখিলে- সেয়ে, তেওঁলোকে জি আৰ (চৰকাৰী প্ৰস্তাৱ) প্রত্যাহাৰ কৰিবলৈ বাধ্য হ'ল। বিজেপিৰ বিধানসভা আৰু সংসদত ক্ষমতা থাকিব পাৰে, কিন্তু থাকৰেৰ ৰাজপথত ক্ষমতা আছে, যিটো তেওঁলোকে এতিয়া দেখিলে।' তেওঁ আৰু কয়, 'হিন্দীৰ কি প্রয়োজন আছিল? ত্রি-ভাষাৰ ফর্মুলা কেৱল কেন্দ্ৰ-ৰাজ্যৰ সমন্বয়ৰ বাবে। আনকি ৰাষ্ট্ৰীয় শিক্ষা নীতিতো (এন ই পি) ইয়াক বাধ্যতামূলক কৰা হোৱা নাই। তেওঁলোকে মহাৰাষ্ট্ৰত পৰীক্ষা কৰি চালে, কাৰণ দক্ষিণৰ ৰাজ্যবোৰে তেওঁলোকৰ কথা নুশুনালে।'


ৰাজ থাকৰেই আৰু কয়, 'হাস্যকৰ কথাটো চাওক হিন্দীভাষী ৰাজ্যবোৰ অর্থনৈতিকভাৱে পিছপৰা আৰু অহিন্দীভাষী ৰাজ্যবোৰ আগবঢ়া। আৰু এই মানুহবোৰে আমি হিন্দী শিকাটো বিচাৰে। কিয়? মই হিন্দীৰ বিৰোধী নহয়। কিন্তু আঞ্চলিক ভাষাক আক্ৰমণ কৰি কিয় ইয়াক জাপি দিয়া হ'ব।' থাকৰেই আৰু কয়, 'এয়া সংগ্ৰামৰ অন্ত নহয়। সতর্ক হৈ থাকক। এতিয়া তেওঁলোকে (বিজেপি) আমাক জাত-পাত আৰু ধৰ্ম ব্যৱহাৰ কৰি ভাগ কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ চিকাৰ নহ'ব। মাৰাঠীৰ এই একতা অটুট থকা উচিত আৰু বালাচাহেবৰ (থাকৰে) সপোন সফল হোৱা উচিত।' আনহাতে, উদ্ধৱ থাকৰেই কয়, 'আমি (ৰাজ আৰু উদ্ধৱ) একলগ হৈছোঁ। এয়া ৰাজনীতিৰ বাবে নহয়, মাৰাঠীৰ বাবে।' উদ্ধৱ থাকবেই মাৰাঠীৰ আন্দোলনৰ কথাও সমাৱেশত উল্লেখ কৰে।


তেওঁ কয়, 'সংযুক্ত মহাৰাষ্ট্ৰ আন্দোলনত (পঞ্চাশ দশকৰ শেষৰ ফালে) জন সংঘ (বিজেপিৰ পূৰ্ববর্তী দল) একেবাৰে শেষৰফালে আহিল আৰু সোনকালেই গুচি গ'ল। আৰু এতিয়া তেওঁলোকে আমাক ৰাষ্ট্ৰীয়তাবাদ আৰু মহাৰাষ্ট্ৰৰ গৌৰৱৰ কথা শিকাবলৈ আহে।' উল্লেখযোগ্য যে মুম্বাইক (তদানীন্তন বোম্বাই) অন্তর্ভুক্ত কৰি এখন মাৰাঠা ৰাজ্য গঠনৰ বাবে সংযুক্ত মহাৰাষ্ট্ৰ আন্দোলন হৈছিল।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ