--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মহাৰাষ্ট্ৰৰ ৰাজনীতিত এটা নতুন সমীকৰণৰ ইংগিত বহন কৰি শনিবাৰে দুই ভাতৃয়ে মুম্বাইত একেলগে এখন বিশাল জন সমাৱেশত অংশ লয়।

ডিজিটেল ডেস্ক : যোৱা দুটা দশক ধৰি বিচ্ছেদ হৈ থকা মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ দুই শক্তিশালী নেতা তথা ককাই-ভাই শিৱ সেনা (ইউ বি টি)ৰ মুৰব্বী উদ্ধৱ থাকৰে আৰু মহাৰাষ্ট্ৰ নিৰ্মাণ সমিতিৰ (এম এন এছ) সভাপতি ৰাজ থাকৰেৰ শনিবাৰে পুনৰ মিলন হয়।


মহাৰাষ্ট্ৰৰ ৰাজনীতিত এটা নতুন সমীকৰণৰ ইংগিত বহন কৰি শনিবাৰে দুই ভাতৃয়ে মুম্বাইত একেলগে এখন বিশাল জন সমাৱেশত অংশ লয়।


মহাৰাষ্ট্ৰৰ প্রাথমিক বিদ্যালয়ত হিন্দী ভাষা আৰোপ কৰাৰ বিৰোধিতা কৰি শনিবাৰৰ দিনটোতে দুয়ো থাকৰেই এখন প্রতিবাদী সভাৰ আহ্বান জনাইছিল। কিন্তু ৰাজ্যখনত মহাৰাষ্ট্ৰ চৰকাৰে ত্ৰি-ভাষা নীতি পৰিহাৰ কৰাৰ সিদ্ধান্ত লোৱাৰ পাছত বিৰোধী দলসমূহে শনিবাৰে মুম্বাইত মাৰাঠী ভাষাৰ 'বিজয় সমাৱেশ' উদযাপন কৰে। কালি জন সমাৱেশত মুখ্যমন্ত্রী দেবেন্দ্র ফৰনবীচক লক্ষ্য কৰি ৰাজ থাকৰেই কয়, 'ফৰনবীচে সেই কাম কৰিলে, যি কাম বালাচাহেব থাকেৰেয়ো কৰিব পৰা নাছিল- তেওঁ আমাৰ পুনৰ মিলন ঘটালে।' ইফালে শিৱ সেনা (ইউ বিটি) আৰু এম এন এছৰ মাজৰ মিত্ৰতাৰ সম্ভাৱনাৰ ইংগিত দি উদ্ধৱ থাকৰেই কয়, 'বহু বছৰৰ পাছত আমি এতিয়া একলগ হ'লোঁ, একেলগে থাকিবলৈ।' প্রথম শ্ৰেণীৰ পৰা পঞ্চম শ্রেণীলৈ হিন্দী বাধ্যতামূলক কৰাৰ চৰকাৰৰ প্ৰস্তাৱ প্ৰত্যাহাৰ কৰাৰ পাছত মুম্বাইৰ ৱলীত থকা নেশ্যনেল স্পর্টছ ক্লাব অব ইণ্ডিয়াত উদযাপন হোৱা এই 'বিজয় সমাবেশ' হাজাৰ হাজাৰ লোকৰ উপস্থিতিৰে ঠাহ খাই থাকে। 'অৰাজনৈতিক আৰু সৰ্বদলীয়' সমাৱেশ ৰূপে আয়োজন কৰা এই সমাৱেশৰ মঞ্চত কোনো দলবে পতাকা বা বেনাৰ অঁৰা হোৱা নাছিল। মঞ্চৰ পিছৰ আঁৰকাপোৰত আছিল কেৱল মহাৰাষ্ট্ৰৰ মানচিত্ৰ যি এই সমাৱেশৰ বিষয়- মাৰাঠী পৰিচিতি, ভাষা আৰু গৌৰৱক আলোকপাত কৰিছিল।


যদিও এই সমাৱেশত এন চি পি (শাৰদ পাৱাৰ)ৰ নেত্রী সুপ্রিয়া সুলে তথা নেতা জিতেন্দ্র আৱহাদকে ধৰি বিভিন্ন বিৰোধী দলৰ নেতা উপস্থিত আছিল, মঞ্চত আছিল কেৱল উদ্ধৱ আৰু ৰাজ থাকৰে। তেওঁলোকেই আছিল বক্তা।


উক্ত সমাৱেশত ভাষণ দি ৰাজ থাকৰেই কয় যে বিজেপিয়ে ত্রি-ভাষাৰ ফর্মুলাক শৈক্ষিক সংস্কাৰতকৈ 'ৰাজনৈতিক আহিলা' হিচাপেহে ব্যৱহাৰ কৰিছে। তেওঁ অভিযোগ কৰে যে বিজেপিয়ে পৰীক্ষা কৰি চাইছিল যে মুম্বাইক মহাৰাষ্ট্ৰৰ পৰা পৃথক কৰিব পাৰি নেকি। তেওঁ কয়, 'তেওঁলোকে অপ্রয়োজনীয়ভাবে আমাৰ ওপৰত (হিন্দী) জাপি দিবলৈ বিচাৰিছিল। কিন্তু তেওঁলোকে মহাৰাষ্ট্ৰ আৰু মাৰাঠী লোকৰ শক্তি দেখিলে- সেয়ে, তেওঁলোকে জি আৰ (চৰকাৰী প্ৰস্তাৱ) প্রত্যাহাৰ কৰিবলৈ বাধ্য হ'ল। বিজেপিৰ বিধানসভা আৰু সংসদত ক্ষমতা থাকিব পাৰে, কিন্তু থাকৰেৰ ৰাজপথত ক্ষমতা আছে, যিটো তেওঁলোকে এতিয়া দেখিলে।' তেওঁ আৰু কয়, 'হিন্দীৰ কি প্রয়োজন আছিল? ত্রি-ভাষাৰ ফর্মুলা কেৱল কেন্দ্ৰ-ৰাজ্যৰ সমন্বয়ৰ বাবে। আনকি ৰাষ্ট্ৰীয় শিক্ষা নীতিতো (এন ই পি) ইয়াক বাধ্যতামূলক কৰা হোৱা নাই। তেওঁলোকে মহাৰাষ্ট্ৰত পৰীক্ষা কৰি চালে, কাৰণ দক্ষিণৰ ৰাজ্যবোৰে তেওঁলোকৰ কথা নুশুনালে।'


ৰাজ থাকৰেই আৰু কয়, 'হাস্যকৰ কথাটো চাওক হিন্দীভাষী ৰাজ্যবোৰ অর্থনৈতিকভাৱে পিছপৰা আৰু অহিন্দীভাষী ৰাজ্যবোৰ আগবঢ়া। আৰু এই মানুহবোৰে আমি হিন্দী শিকাটো বিচাৰে। কিয়? মই হিন্দীৰ বিৰোধী নহয়। কিন্তু আঞ্চলিক ভাষাক আক্ৰমণ কৰি কিয় ইয়াক জাপি দিয়া হ'ব।' থাকৰেই আৰু কয়, 'এয়া সংগ্ৰামৰ অন্ত নহয়। সতর্ক হৈ থাকক। এতিয়া তেওঁলোকে (বিজেপি) আমাক জাত-পাত আৰু ধৰ্ম ব্যৱহাৰ কৰি ভাগ কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ চিকাৰ নহ'ব। মাৰাঠীৰ এই একতা অটুট থকা উচিত আৰু বালাচাহেবৰ (থাকৰে) সপোন সফল হোৱা উচিত।' আনহাতে, উদ্ধৱ থাকৰেই কয়, 'আমি (ৰাজ আৰু উদ্ধৱ) একলগ হৈছোঁ। এয়া ৰাজনীতিৰ বাবে নহয়, মাৰাঠীৰ বাবে।' উদ্ধৱ থাকবেই মাৰাঠীৰ আন্দোলনৰ কথাও সমাৱেশত উল্লেখ কৰে।


তেওঁ কয়, 'সংযুক্ত মহাৰাষ্ট্ৰ আন্দোলনত (পঞ্চাশ দশকৰ শেষৰ ফালে) জন সংঘ (বিজেপিৰ পূৰ্ববর্তী দল) একেবাৰে শেষৰফালে আহিল আৰু সোনকালেই গুচি গ'ল। আৰু এতিয়া তেওঁলোকে আমাক ৰাষ্ট্ৰীয়তাবাদ আৰু মহাৰাষ্ট্ৰৰ গৌৰৱৰ কথা শিকাবলৈ আহে।' উল্লেখযোগ্য যে মুম্বাইক (তদানীন্তন বোম্বাই) অন্তর্ভুক্ত কৰি এখন মাৰাঠা ৰাজ্য গঠনৰ বাবে সংযুক্ত মহাৰাষ্ট্ৰ আন্দোলন হৈছিল।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক