--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • স্থানীয় অঞ্চলৰ এটা দম্পতীৰ মাজত যোৱা কেইবাদিনো ধৰি ঘৰুৱা কাম-কাজক লৈ বিবাদ লাগি আছিল। বিবাদৰ মুখ্য কাৰণ আছিল শেষ হৈ যোৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ।

ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ বাৰাবাঁকী জিলাৰ পৰা এক আচৰিত তথা উদ্বেগজনক ঘটনা পোহৰলৈ আহিছে। কেৱল এটা ৰন্ধন গেছৰ চিলিণ্ডাৰক কেন্দ্ৰ কৰি সৃষ্টি হোৱা ঘৰুৱা বিবাদে এক ভয়াৱহ ৰূপ লয়, যাৰ পৰিণতিত এগৰাকী মহিলাই নিজৰ মাত্ৰ ৫ মহীয়া সন্তানটিক লৈ ঘৰৰ পৰা নিৰুদ্দেশ হয়।



প্ৰাপ্ত খবৰ অনুসৰি, স্থানীয় অঞ্চলৰ এটা দম্পতীৰ মাজত যোৱা কেইবাদিনো ধৰি ঘৰুৱা কাম-কাজক লৈ বিবাদ লাগি আছিল। বিবাদৰ মুখ্য কাৰণ আছিল শেষ হৈ যোৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ। পত্নীয়ে দীৰ্ঘদিন ধৰি স্বামীক চিলিণ্ডাৰটো ৰিফিল কৰি আনিবলৈ অনুৰোধ কৰি আছিল যাতে ঘৰত সঠিকভাৱে ৰন্ধা-বঢ়া কৰিব পৰা যায়।


দেওবাৰে পুৱা এই বিষয়টোক লৈ স্বামী-স্ত্ৰীৰ মাজত পুনৰ তীব্ৰ তৰ্কাতৰ্কি হয়। অভিযোগ মতে স্বামীয়ে গেছ চিলিণ্ডাৰটো ভৰাই আনিবলৈ স্পষ্টকৈ অস্বীকাৰ কৰে। ইয়াতে অতিষ্ঠ হৈ আৰু খঙৰ ভমকত মহিলাগৰাকীয়ে তেওঁৰ ৫ মহীয়া কেঁচুৱাটো লৈ ঘৰৰ পৰা ওলাই যায়।


বহু সময় ধৰি পত্নী আৰু সন্তান ঘৰলৈ উভতি নহাত স্বামী আৰু পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ লাগে। আত্মীয়-স্বজনৰ ঘৰত সন্ধান কৰিও কোনো সম্ভেদ নোলোৱাত অৱশেষত স্বামীয়ে স্থানীয় আৰক্ষী থানাৰ কাষ চাপে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা নিৰুদ্দেশৰ গোচৰ ৰুজু কৰিছে।


আৰক্ষীৰ কৰে যে "আমি মহিলাগৰাকীৰ মোবাইল লোকেচন আৰু চিচিটিভি ফুটেজ পৰীক্ষা কৰি আছো। আশা কৰিছো অতি সোনকালেই মাতৃ আৰু শিশুটিৰ সন্ধান পোৱা যাব।"


এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোতে চৰ্চাৰ বিষয় হৈ পৰিছে। সামান্য এটা গেছ চিলিণ্ডাৰৰ বাবে এটা পৰিয়াল কেনেকৈ থানবান হ’ব পাৰে, তাক লৈ স্থানীয় ৰাইজেও আচৰিত প্ৰকাশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু