--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • স্থানীয় অঞ্চলৰ এটা দম্পতীৰ মাজত যোৱা কেইবাদিনো ধৰি ঘৰুৱা কাম-কাজক লৈ বিবাদ লাগি আছিল। বিবাদৰ মুখ্য কাৰণ আছিল শেষ হৈ যোৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ।

ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ বাৰাবাঁকী জিলাৰ পৰা এক আচৰিত তথা উদ্বেগজনক ঘটনা পোহৰলৈ আহিছে। কেৱল এটা ৰন্ধন গেছৰ চিলিণ্ডাৰক কেন্দ্ৰ কৰি সৃষ্টি হোৱা ঘৰুৱা বিবাদে এক ভয়াৱহ ৰূপ লয়, যাৰ পৰিণতিত এগৰাকী মহিলাই নিজৰ মাত্ৰ ৫ মহীয়া সন্তানটিক লৈ ঘৰৰ পৰা নিৰুদ্দেশ হয়।



প্ৰাপ্ত খবৰ অনুসৰি, স্থানীয় অঞ্চলৰ এটা দম্পতীৰ মাজত যোৱা কেইবাদিনো ধৰি ঘৰুৱা কাম-কাজক লৈ বিবাদ লাগি আছিল। বিবাদৰ মুখ্য কাৰণ আছিল শেষ হৈ যোৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ। পত্নীয়ে দীৰ্ঘদিন ধৰি স্বামীক চিলিণ্ডাৰটো ৰিফিল কৰি আনিবলৈ অনুৰোধ কৰি আছিল যাতে ঘৰত সঠিকভাৱে ৰন্ধা-বঢ়া কৰিব পৰা যায়।


দেওবাৰে পুৱা এই বিষয়টোক লৈ স্বামী-স্ত্ৰীৰ মাজত পুনৰ তীব্ৰ তৰ্কাতৰ্কি হয়। অভিযোগ মতে স্বামীয়ে গেছ চিলিণ্ডাৰটো ভৰাই আনিবলৈ স্পষ্টকৈ অস্বীকাৰ কৰে। ইয়াতে অতিষ্ঠ হৈ আৰু খঙৰ ভমকত মহিলাগৰাকীয়ে তেওঁৰ ৫ মহীয়া কেঁচুৱাটো লৈ ঘৰৰ পৰা ওলাই যায়।


বহু সময় ধৰি পত্নী আৰু সন্তান ঘৰলৈ উভতি নহাত স্বামী আৰু পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ লাগে। আত্মীয়-স্বজনৰ ঘৰত সন্ধান কৰিও কোনো সম্ভেদ নোলোৱাত অৱশেষত স্বামীয়ে স্থানীয় আৰক্ষী থানাৰ কাষ চাপে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা নিৰুদ্দেশৰ গোচৰ ৰুজু কৰিছে।


আৰক্ষীৰ কৰে যে "আমি মহিলাগৰাকীৰ মোবাইল লোকেচন আৰু চিচিটিভি ফুটেজ পৰীক্ষা কৰি আছো। আশা কৰিছো অতি সোনকালেই মাতৃ আৰু শিশুটিৰ সন্ধান পোৱা যাব।"


এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোতে চৰ্চাৰ বিষয় হৈ পৰিছে। সামান্য এটা গেছ চিলিণ্ডাৰৰ বাবে এটা পৰিয়াল কেনেকৈ থানবান হ’ব পাৰে, তাক লৈ স্থানীয় ৰাইজেও আচৰিত প্ৰকাশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ