--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • উল্লেখযোগ্য যে পৌৰ নিগমৰ নিৰ্বাচনত ৬৮গৰাকী প্রার্থীয়ে ইতিমধ্যেই বিনা প্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে।

ডিজিটেল ডেস্ক : মুম্বাইৰ ইতিহাসত প্ৰথমবাৰৰ বাবে মেয়ৰ পদত অধিষ্ঠিত হ'ব বিজেপিৰ প্রার্থী। বৃহনমুম্বাই পৌৰ নিগমৰ (বি এম চি) নির্বাচনত বিজেপি নেতৃত্বাধীন মহাযুটিয়ে ২২৭খন আসনৰ ভিতৰত ১১৮খনত অগ্রগতি লাভ কৰাটোৱে মেয়ৰ পদটো বিজেপিৰ দখললৈ যোৱাটো নিশ্চিত কৰিছে। বি এম চিৰ নিৰ্বাচনত মহাযুটিৰ অন্তর্গত বিজেপিয়ে ৯০খন আৰু শিৱ সেনাই (একনাথ সিন্দে) ২৮খন আসনত আগবাঢ়ি আছে। দেশৰ স্বাধীনতাৰ ৭৭ বছৰৰ ভিতৰত বৃহনমুম্বাই পৌৰ নিগম কংগ্ৰেছ আৰু শিৱ সেনাৰ দখলত আছিল। ১৯৪৭ চনৰ পৰা ১৯৬৭ চনলৈ পৌৰ নিগমত ২০ বছৰ কংগ্ৰেছৰ মেয়ৰ আছিল আৰু ১৯৯২ চনৰ পৰা ২০২২ চনলৈ শিৱ সেনাৰ মেয়ৰ আছিল। ৩০ বছৰৰ পাছত থাকৰে পৰিয়াল মুম্বাইৰ শাসনৰ গাদীৰ পৰা উৎখাত হ'ল। উল্লেখযোগ্য যে মহাৰাষ্ট্ৰৰ ২৯খন পৌৰ নিগমৰ নিৰ্বাচনৰ শুকুৰবাৰে অনুষ্ঠিত ভোট গণনাত ২৪খনতে বিজেপি মিত্রজোঁট আগবাঢ়ি আছে আৰু একেবাৰে ছুনামিৰ সৃষ্টি কৰিছে। নাগপুৰ, পুনে, থানে, নবী মুম্বাই, পিম্পৰি চিঞ্চাৱাড, নাছিক আদি পৌৰ নিগমতো বিজেপি মিত্রজোঁটে অগ্রগতি লৈ


আছে। ইফালে, লাতুৰ পৌৰ নিগমত কংগ্ৰেছে জয়লাভ কৰিছে। পুনেত বিজেপি নেতৃত্বাধীন মহাযুটিয়ে ৯০খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে এন চি পিয়ে ২০খন আৰু কংগ্ৰেছে ১০খন আসনত আগবাঢ়ি আছে। থানেৰ ১৩১খন আসনৰ ভিতৰত মহাযুটিয়ে ৪৯খন, এন চি পি (অজিত পাৱাৰ)-এ ৮খন, শিৱ সেনাই (উদ্ধৱ থাকৰে) ২খন আৰু কংগ্ৰেছে দুখনত আগবাঢ়ি আছে। নাগপুৰত মহাযুটিয়ে ১১৩খনত, কংগ্রেছে ৩০খনত আগবাঢ়ি আছে। নাছিকত বিজেপি ৫০খনত, এম ভি এ আৰু এম এন এছ ১২খনত, শিৱ সেনা (একনাথ সিন্দে) আৰু এন চি পি মিত্রজোঁটে ৪১খনত আগবাঢ়ি আছে। উল্লেখযোগ্য যে পৌৰ নিগমৰ নিৰ্বাচনত ৬৮গৰাকী প্রার্থীয়ে ইতিমধ্যেই বিনা প্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু