--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • উল্লেখযোগ্য যে পৌৰ নিগমৰ নিৰ্বাচনত ৬৮গৰাকী প্রার্থীয়ে ইতিমধ্যেই বিনা প্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে।

ডিজিটেল ডেস্ক : মুম্বাইৰ ইতিহাসত প্ৰথমবাৰৰ বাবে মেয়ৰ পদত অধিষ্ঠিত হ'ব বিজেপিৰ প্রার্থী। বৃহনমুম্বাই পৌৰ নিগমৰ (বি এম চি) নির্বাচনত বিজেপি নেতৃত্বাধীন মহাযুটিয়ে ২২৭খন আসনৰ ভিতৰত ১১৮খনত অগ্রগতি লাভ কৰাটোৱে মেয়ৰ পদটো বিজেপিৰ দখললৈ যোৱাটো নিশ্চিত কৰিছে। বি এম চিৰ নিৰ্বাচনত মহাযুটিৰ অন্তর্গত বিজেপিয়ে ৯০খন আৰু শিৱ সেনাই (একনাথ সিন্দে) ২৮খন আসনত আগবাঢ়ি আছে। দেশৰ স্বাধীনতাৰ ৭৭ বছৰৰ ভিতৰত বৃহনমুম্বাই পৌৰ নিগম কংগ্ৰেছ আৰু শিৱ সেনাৰ দখলত আছিল। ১৯৪৭ চনৰ পৰা ১৯৬৭ চনলৈ পৌৰ নিগমত ২০ বছৰ কংগ্ৰেছৰ মেয়ৰ আছিল আৰু ১৯৯২ চনৰ পৰা ২০২২ চনলৈ শিৱ সেনাৰ মেয়ৰ আছিল। ৩০ বছৰৰ পাছত থাকৰে পৰিয়াল মুম্বাইৰ শাসনৰ গাদীৰ পৰা উৎখাত হ'ল। উল্লেখযোগ্য যে মহাৰাষ্ট্ৰৰ ২৯খন পৌৰ নিগমৰ নিৰ্বাচনৰ শুকুৰবাৰে অনুষ্ঠিত ভোট গণনাত ২৪খনতে বিজেপি মিত্রজোঁট আগবাঢ়ি আছে আৰু একেবাৰে ছুনামিৰ সৃষ্টি কৰিছে। নাগপুৰ, পুনে, থানে, নবী মুম্বাই, পিম্পৰি চিঞ্চাৱাড, নাছিক আদি পৌৰ নিগমতো বিজেপি মিত্রজোঁটে অগ্রগতি লৈ

আছে। ইফালে, লাতুৰ পৌৰ নিগমত কংগ্ৰেছে জয়লাভ কৰিছে। পুনেত বিজেপি নেতৃত্বাধীন মহাযুটিয়ে ৯০খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে এন চি পিয়ে ২০খন আৰু কংগ্ৰেছে ১০খন আসনত আগবাঢ়ি আছে। থানেৰ ১৩১খন আসনৰ ভিতৰত মহাযুটিয়ে ৪৯খন, এন চি পি (অজিত পাৱাৰ)-এ ৮খন, শিৱ সেনাই (উদ্ধৱ থাকৰে) ২খন আৰু কংগ্ৰেছে দুখনত আগবাঢ়ি আছে। নাগপুৰত মহাযুটিয়ে ১১৩খনত, কংগ্রেছে ৩০খনত আগবাঢ়ি আছে। নাছিকত বিজেপি ৫০খনত, এম ভি এ আৰু এম এন এছ ১২খনত, শিৱ সেনা (একনাথ সিন্দে) আৰু এন চি পি মিত্রজোঁটে ৪১খনত আগবাঢ়ি আছে। উল্লেখযোগ্য যে পৌৰ নিগমৰ নিৰ্বাচনত ৬৮গৰাকী প্রার্থীয়ে ইতিমধ্যেই বিনা প্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
ৰাজ্যজুৰি মানুহ বিহুৰ উছাহ: জ্যেষ্ঠৰ আশীৰ্বাদেৰে নতুন বছৰক আদৰাৰ পৰম্পৰা