--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বিহু আৰু ঝুমইৰৰ পাছত ৰাজ্য চৰকাৰে আয়োজন কৰা এই বাগুৰুম্বা নৃত্যৰ অনুষ্ঠানত ৰাজ্যৰ ২৩খন জিলাৰ ৮১টা বিধানসভা সমষ্টিৰ পৰা অহা প্রায় দহ হাজাৰ শিল্পীয়ে অংশগ্রহণ কৰিব।

ডিজিটেল ডেস্ক : উন্নয়নৰ বাৰ্তা লৈ দুদিনীয়া ভ্রমণসূচীৰে আজি অসমলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী। বিধানসভাৰ নিৰ্বাচনলৈ মাজত মাথোঁ আৰু দুটা মাহ বাকী থকাৰ সময়তে অসমলৈ আহিবলগীয়া প্রধানমন্ত্ৰীগৰাকীয়ে প্রায় সাত হাজাৰ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া অভিলাষী কাজিৰঙা এলিভেটেড প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ উপৰি তেওঁ দুখনকৈ অমৃত ভাৰত এক্সপ্ৰেছ ৰে'লৰো শুভাৰম্ভ কৰিব। কালি প্রধানমন্ত্রী কার্যালয়ে প্রকাশ কৰা মতে, আজি সন্ধিয়া প্রায় পাঁচ বজাত বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰত বিশেষ বিমানযোগে অৱতৰণ কৰিবলগীয়া প্ৰধানমন্ত্ৰীগৰাকীয়ে ছয় বজাত সৰুসজাইস্থিত অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্পত উপস্থিত হৈ ৰাজ্য চৰকাৰে আয়োজন কৰা বড়োসকলৰ পৰম্পৰাগত নৃত্য বাগুৰুম্বা নৃত্যৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। 


বিহু আৰু ঝুমইৰৰ পাছত ৰাজ্য চৰকাৰে আয়োজন কৰা এই বাগুৰুম্বা নৃত্যৰ অনুষ্ঠানত ৰাজ্যৰ ২৩খন জিলাৰ ৮১টা বিধানসভা সমষ্টিৰ পৰা অহা প্রায় দহ হাজাৰ শিল্পীয়ে অংশগ্রহণ কৰিব। আনহাতে, এই অনুষ্ঠানৰ পাছত কইনাধৰাত থকা ৰাজ্যিক অতিথিশালাত নিশা কটাই প্রধানমন্ত্ৰীগৰাকীয়ে দেওবাৰে অৰ্থাৎ ১৮ জানুৱাৰীৰ পুৱা কলিয়াবৰলৈ ৰাওনা হ'ব। দিনৰ এঘাৰ বজাত কলিয়াবৰৰ মৌচন্দা পথাৰত উপস্থিত হৈ প্রধানমন্ত্ৰীগৰাকীয়ে ৬,৯৫০ কোটি টকাতকৈও অধিক ব্যয়সাপেক্ষ কাজিৰঙা এলিভেটেড কৰিডৰ প্ৰকল্পৰ ভূমি পূজন কৰিব। এই অনুষ্ঠানতে তেওঁ গুৱাহাটী (কামাখ্যা) ৰোহটক আৰু ডিব্ৰুগড়-লক্ষ্ণৌ (গোমতী নগৰ) অমৃত ভাৰত এক্সপ্ৰেছ নামৰ দুখন নতুন ৰে'ল শুভাৰম্ভ কৰাৰ লগতে এখন জনসভাত অংশগ্ৰহণ কৰিব। ইয়াৰ পূৰ্বে তেওঁ আজি পশ্চিম বংগৰ এক অনুষ্ঠানৰ পৰাই গুৱাহাটী-হাওৰা সংযোগী দেশৰ প্ৰথমখন শ্লিপাৰ ৰে'ল 'বন্দে ভাৰত'ৰ যত্ৰাৰ শুভাৰম্ভণি কৰিব। উল্লেখযোগ্য যে ৮৬ কিল'মিটাৰ দৈৰ্ঘ্যৰ কাজিৰঙা এলিভেটেড কৰিডৰ প্ৰকল্পটো হৈছে এক পৰিৱেশ ৰক্ষাকাৰী ৰাষ্ট্ৰীয় ঘাইপথ প্রকল্প। এই প্ৰকল্পৰ অধীনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰ ৩৫ কিল'মিটাৰ পথ এলিভেটেড ৱাইল্ডলাইফ কৰিডৰ হিচাপে নিৰ্মাণ কৰাৰ লগতে ২১ কিল'মিটাৰ বাইপাছ পথ হিচাপে নিৰ্মাণ কৰা হ'ব। এই প্রকল্পটো ৰূপায়ণ হোৱাৰ লগে লগে বাৰিষা কালত কাজিৰঙাত পথ অতিক্ৰম কৰা বন্যপ্ৰাণীৰ মৃত্যুৰ ঘটনা বন্ধ হোৱাৰ লগতে উজনি অসমলৈ যাত্ৰাকালৰ সময়ো হ্রাস পাব। ইফালে, ৰাজ্যিক বিজেপিয়ে প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনোৱাৰ বাবে বিশেষ কার্যসূচী হাতত লৈছে। সেই অনুসৰি বিমান বন্দৰত প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনোৱাই নহয়, ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতো বিভিন্ন জাতি-জনগোষ্ঠীৰ নৃত্য পৰিৱেশনৰ ব্যৱস্থা কৰিছে। ৰাজ্যিক বিজেপিয়ে প্রকাশ কৰিছে যে এন ডি এ চৰকাৰৰ দিনতেই ৰাজ্যখনে লাভ কৰিবলৈ সক্ষম হৈছে কেইবাটাও অভিলাষী প্রকল্প। যাৰ ভিতৰত গুৱাহাটীৰ ৰিং ৰোড প্রকল্প, পলাশবাৰী-শুৱালকুছি সংযোগী দলং, ধুবুৰী-ফুলবাৰী সংযোগী দলং, নাৰেংগী- কুৰুৱা সংযোগী দলং, ধলা-শদিয়া (ড° ভূপেন হাজৰিকা সেতু) দলং, কামাখ্যা কৰিডৰ, এইমছ গুৱাহাটী, জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্প, শিলচৰৰ প্ৰস্তাৱিত গ্রীন ফিল্ড বিমান বন্দৰ আৰু নুমলীগড়ত বাঁহৰ পৰা ইথানল প্ৰস্তুত কৰিব পৰা বায় 'ৰিফাইনেৰী প্ৰকল্প আদি অন্যতম। বিগত এটা দশকত ভবিষ্যদ্রষ্টা প্রধানমন্ত্রী মোদীৰ প্ৰচেষ্টাতেই কোনোধৰণৰ দাবী অথবা আন্দোলন নকৰাকৈয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলে আজি উন্নয়নৰ দিশত দেশৰ বাকী অংশৰ লগত সমানে খোজ মিলাবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি ৰাজ্যিক বিজেপিয়ে লগতে কয় যে এই পর্যন্ত প্রধানমন্ত্ৰীগৰাকীয়ে যিমানবাৰ অসমলৈ আহিছে ইয়াৰ পূৰ্বতে দেশৰ কোনো প্ৰধানমন্ত্ৰীয়ে এনেদৰে অসমলৈ অহা নাছিল। 


আনকি অসমৰ পৰা ৰাজ্যসভাৰ প্ৰতিনিধি হোৱা সত্ত্বেও পূৰ্বৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙে নিজৰ ১০ বছৰীয়া কাৰ্যকালত ১০বাৰো অসম ভ্ৰমণ কৰা নাছিল। কংগ্ৰেছৰ দিনত নতুন উদ্যোগ স্থাপন দূৰৰ কথা, অসমক বিদেশীৰ চৰণীয়া পথাৰ হিচাপে এৰি দিছিল। এনেবোৰ কথাই এহাতে অসমৰ জনসাধাৰণৰ প্ৰতি বিজেপি দলৰ দায়বদ্ধতা পৰিস্ফুট কৰে আৰু আনহাতে, কংগ্ৰেছৰ অৱহেলাৰ ছবিখন প্রকট কৰি তোলে বুলিও কয় ৰাজ্যিক বিজেপিয়ে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু