--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • কষ্টোপার্জিত আৰু ঋণ লোৱা ধন জলজীৱন আঁচনিত বিনিয়োগ কৰি ঠিকাদাৰসকলে ঘূৰাই নোপোৱাত মূৰে-কপালে হাত দিব লগা অৱস্থা হৈছে।

ডিজিটেল ডেস্ক: অসম চৰকাৰৰ বহু অভিলাষী জলজীৱন মিছন আঁচনি এতিয়া ধোঁৱাচাঙত। সমগ্র অসমত বিয়াল্লিছটা উপ-সংমণ্ডলত অসমৰ বিভিন্ন প্রান্তত কোটি কোটি টকাৰে নিৰ্মাণ কৰা জলজীৱন মিছন আঁচনিৰ পৰা জনসাধাৰণে প্ৰকৃততে কিমান উপকৃত হ'ল ই এক কোটিটকীয়া প্রশ্ন। ঘৰে ঘৰে নল হ'ল যদিও অসমত ঘৰে ঘৰে জল আজিও নহ'ল। 


ঠিকাদাৰে বিভিন্ন উৎসৰ পৰা ঋণ লৈ অসম চৰকাৰৰ বহু অভিলাষী আঁচনিৰ কাম সম্পূৰ্ণ কৰিও আজিও লাভ নকৰিলে নিজৰ প্ৰাপ্য ধন। সদৌ অসম জনস্বাস্থ্য কাৰিকৰী ঠিকাদাৰ সন্থাই দৈনিক জনমভূমিক জানিবলৈ দিয়া মতে ২০২৪ চনৰ অক্টোবৰ মাহৰ পৰাই এক পইচাও প্রাপ্য ধন লাভ নকৰাৰ অভিযোগ উঠিছে। নতুন নতুন জে জে এমৰ গাইড লাইন প্ৰস্তুত কৰি ঠিকাদাৰক প্ৰাপ্য ধনৰ পৰা বঞ্চিত কৰি আহিছে বুলি আন এক অভিযোগ আনিছে। 


সন্থাটোৱে জানিবলৈ দিয়া মতে, ঠিকাদাৰে বিনিয়োগ কৰা সত্তৰ শতাংশ ধন মোকলাই দিয়াৰ আৱেদন-নিৱেদন কৰি আহিছে যদিও কৌশলেৰে চৰকাৰে ঠিকাদাৰসকলক বঞ্চিত কৰি ৰখাৰো অভিযোগ উঠিছে। সঠিকভাৱে ৰূপায়ণ হোৱা জলজীৱন মিছন আঁচনিৰ কাম সম্পূৰ্ণ হৈ উঠাৰ পাছতো ঠিকাদাৰে গৰিষ্ঠসংখ্যক ধন আজিও লাভ নকৰাত পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে পৰিয়ালত। 


কষ্টোপার্জিত আৰু ঋণ লোৱা ধন জলজীৱন আঁচনিত বিনিয়োগ কৰি ঠিকাদাৰসকলে ঘূৰাই নোপোৱাত মূৰে-কপালে হাত দিব লগা অৱস্থা হৈছে। ঠিকাদাৰ সন্থাটোৱে ৰজা ঘৰৰ মন্ত্ৰী মহোদয়ক লগ কৰাৰ লগতে বিভাগীয় কর্তৃপক্ষৰ লগত যোগাযোগ ৰক্ষা কৰি লাভ কৰা নাই নিজৰ পাপ্যৰ ধন। 


সদৌ অসম জনস্বাস্থ্য কাৰিকৰী ঠিকাদাৰ সন্থাই বিভাগীয় কর্তৃপক্ষৰ পৰা বাৰ লাখ কোটিৰো অধিক টকা আদায় নিদিয়াত ঠিকাদাৰসকল নানা সমস্যা হৈ আহিছে বুলি সন্থটোৱে এই প্রতিবেদকক জানিবলৈ দিছে। নিজৰ পাপ্য ধন বিচাৰি সন্থাটোৱে ৰজাঘৰৰ কার্যালয়লৈ গৈ গৈ ভাগৰি পৰা বুলি দৈনিক জনমভূমিক জানিবলৈ দিছে। নিজৰ প্ৰাপ্য ধন বিচাৰি সন্থাটোৱে চাৰিবাৰকৈ চৰকাৰৰ দৃষ্টিগোচৰ হোৱাকৈ আন্দোলন কৰিও সফল নোহোৱাত নিজৰ কষ্টোপার্জিত ধন ঘূৰাই নোপোৱাৰ ভয়ত এতিয়া কম্পমান হৈছে। কষ্টোপার্জিত ধন মোকলাই নিদিয়াত ইতিমধ্যে দুজনে চিকিৎসাৰ অভাৱত আৰু দুজনে আত্মহত্যা কৰিছে বুলি সন্থাটোৱে সদৰী কৰিছে। 


প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিও সন্থাটোৱে একো সদুত্তোৰ নোপোৱাত এতিয়া হুমুনিয়াহ কাঢ়িছে। সদৌ অসম জনস্বাস্থ্য কাৰিকৰী ঠিকাদাৰ সন্থই বিষয়টো চালি-জাৰি চাই এক যোগাত্মক পদক্ষেপ গ্রহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ লগতে চৰকাৰক আহ্বান জনাইছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু