--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • কষ্টোপার্জিত আৰু ঋণ লোৱা ধন জলজীৱন আঁচনিত বিনিয়োগ কৰি ঠিকাদাৰসকলে ঘূৰাই নোপোৱাত মূৰে-কপালে হাত দিব লগা অৱস্থা হৈছে।

ডিজিটেল ডেস্ক: অসম চৰকাৰৰ বহু অভিলাষী জলজীৱন মিছন আঁচনি এতিয়া ধোঁৱাচাঙত। সমগ্র অসমত বিয়াল্লিছটা উপ-সংমণ্ডলত অসমৰ বিভিন্ন প্রান্তত কোটি কোটি টকাৰে নিৰ্মাণ কৰা জলজীৱন মিছন আঁচনিৰ পৰা জনসাধাৰণে প্ৰকৃততে কিমান উপকৃত হ'ল ই এক কোটিটকীয়া প্রশ্ন। ঘৰে ঘৰে নল হ'ল যদিও অসমত ঘৰে ঘৰে জল আজিও নহ'ল। 


ঠিকাদাৰে বিভিন্ন উৎসৰ পৰা ঋণ লৈ অসম চৰকাৰৰ বহু অভিলাষী আঁচনিৰ কাম সম্পূৰ্ণ কৰিও আজিও লাভ নকৰিলে নিজৰ প্ৰাপ্য ধন। সদৌ অসম জনস্বাস্থ্য কাৰিকৰী ঠিকাদাৰ সন্থাই দৈনিক জনমভূমিক জানিবলৈ দিয়া মতে ২০২৪ চনৰ অক্টোবৰ মাহৰ পৰাই এক পইচাও প্রাপ্য ধন লাভ নকৰাৰ অভিযোগ উঠিছে। নতুন নতুন জে জে এমৰ গাইড লাইন প্ৰস্তুত কৰি ঠিকাদাৰক প্ৰাপ্য ধনৰ পৰা বঞ্চিত কৰি আহিছে বুলি আন এক অভিযোগ আনিছে। 


সন্থাটোৱে জানিবলৈ দিয়া মতে, ঠিকাদাৰে বিনিয়োগ কৰা সত্তৰ শতাংশ ধন মোকলাই দিয়াৰ আৱেদন-নিৱেদন কৰি আহিছে যদিও কৌশলেৰে চৰকাৰে ঠিকাদাৰসকলক বঞ্চিত কৰি ৰখাৰো অভিযোগ উঠিছে। সঠিকভাৱে ৰূপায়ণ হোৱা জলজীৱন মিছন আঁচনিৰ কাম সম্পূৰ্ণ হৈ উঠাৰ পাছতো ঠিকাদাৰে গৰিষ্ঠসংখ্যক ধন আজিও লাভ নকৰাত পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে পৰিয়ালত। 


কষ্টোপার্জিত আৰু ঋণ লোৱা ধন জলজীৱন আঁচনিত বিনিয়োগ কৰি ঠিকাদাৰসকলে ঘূৰাই নোপোৱাত মূৰে-কপালে হাত দিব লগা অৱস্থা হৈছে। ঠিকাদাৰ সন্থাটোৱে ৰজা ঘৰৰ মন্ত্ৰী মহোদয়ক লগ কৰাৰ লগতে বিভাগীয় কর্তৃপক্ষৰ লগত যোগাযোগ ৰক্ষা কৰি লাভ কৰা নাই নিজৰ পাপ্যৰ ধন। 


সদৌ অসম জনস্বাস্থ্য কাৰিকৰী ঠিকাদাৰ সন্থাই বিভাগীয় কর্তৃপক্ষৰ পৰা বাৰ লাখ কোটিৰো অধিক টকা আদায় নিদিয়াত ঠিকাদাৰসকল নানা সমস্যা হৈ আহিছে বুলি সন্থটোৱে এই প্রতিবেদকক জানিবলৈ দিছে। নিজৰ পাপ্য ধন বিচাৰি সন্থাটোৱে ৰজাঘৰৰ কার্যালয়লৈ গৈ গৈ ভাগৰি পৰা বুলি দৈনিক জনমভূমিক জানিবলৈ দিছে। নিজৰ প্ৰাপ্য ধন বিচাৰি সন্থাটোৱে চাৰিবাৰকৈ চৰকাৰৰ দৃষ্টিগোচৰ হোৱাকৈ আন্দোলন কৰিও সফল নোহোৱাত নিজৰ কষ্টোপার্জিত ধন ঘূৰাই নোপোৱাৰ ভয়ত এতিয়া কম্পমান হৈছে। কষ্টোপার্জিত ধন মোকলাই নিদিয়াত ইতিমধ্যে দুজনে চিকিৎসাৰ অভাৱত আৰু দুজনে আত্মহত্যা কৰিছে বুলি সন্থাটোৱে সদৰী কৰিছে। 


প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিও সন্থাটোৱে একো সদুত্তোৰ নোপোৱাত এতিয়া হুমুনিয়াহ কাঢ়িছে। সদৌ অসম জনস্বাস্থ্য কাৰিকৰী ঠিকাদাৰ সন্থই বিষয়টো চালি-জাৰি চাই এক যোগাত্মক পদক্ষেপ গ্রহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ লগতে চৰকাৰক আহ্বান জনাইছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
চকুত কাপোৰ বান্ধি ৫৫ ছেকেণ্ডতে ১৪ গৰাকী মহান ব্যক্তিৰ ছবি চিনাক্ত! 'অসম বুক অৱ ৰেকৰ্ডছ'ত নাম অন্তৰ্ভুক্ত গৌৰীপুৰৰ কণমানি ইফা হকৰ
মেৰাপানীত দোকানৰ পৰা ২০ হাজাৰ টকা চুৰি কৰা চোৰক উত্তম মধ্যম ৰাইজৰ
গুৱাহাটীত আজি ডুৰাণ্ড কাপৰ অন্তিম মেচ
ভাৰতত টি-২০ শৃংখলা খেলিব আফগানিস্তানে; দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত অনুষ্ঠিত হ’ব খেল
দেশত ৯ মাহ ধৰি বৃদ্ধি মুদ্রাস্ফীতি; খাদ্য-সামগ্ৰীৰ আকাশলংঘী দামৰ পৰিণতি
বৰপেটাত SP অফিচৰ সন্মুখতে চাঞ্চল্যকৰ চুৰিকাণ্ড! গেলামালৰ দোকানত চোৰৰ লুটপাট
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
বলিউডৰ তাৰকা ভূমী পেডনেকাৰৰ শিৱসাগৰত বানাক্ৰান্তক সহায়ৰ হাত
অসমত অবৈধ পশুবধাগাৰত আৰক্ষীৰ অভিযান: এজন আটক, মুখ্যমন্ত্ৰীৰ নিশ্চিতকৰণ
জিএইচএডচি অধিবেশনত উত্তপ্ত পৰিস্থিতি: পৃথক ভোটাৰ তালিকা বিধেয়কক লৈ এমডিচিৰ মাজত সংঘৰ্ষ
এছ এছ এ শিক্ষকৰ দৰমহাক লৈ অনিশ্চয়তা নাই: শিক্ষামন্ত্ৰী পেগুৰ আশ্বাস, কাৰিকৰী বিজুতিৰ বাবে পলম
অসম প্ৰিমিয়াৰ লীগ: নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ বৃহৎ বিজয় সাব্যস্ত বৰপেটা ব্ৰেভছৰ
অসমৰ বান পৰিস্থিতি: মৃতকৰ সংখ্যা ৯৮ লৈ বৃদ্ধি, ১৩ খন জিলাত ১.৫৫ লাখ লোক এতিয়াও প্ৰভাৱিত