--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • লাডাখৰ ৰাজনৈতিক সংগঠন দুটাৰ নেতৃত্বই প্রকাশ কৰিছে যে ৰাজ্যৰ মৰ্যাদা অথবা ষষ্ঠ অনুসূচীৰ অন্তৰ্ভূক্ত কৰাৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে লাডাখক টেৰিটৰিয়েল কাউন্সিল হিচাপেহে স্বীকৃতি দিব বিচাৰিছে।

ডিজিটেল ডেস্ক : লাডাখক ষষ্ঠ অনুসূচীৰো অন্তৰ্ভূক্ত কৰা নহয় আৰু ৰাজ্যৰ মৰ্যাদাও দিয়া নহ'ব। এই কথা স্পষ্ট কৰি দিছে কেন্দ্ৰীয় চৰকাৰে। লাডাখৰ দুটা মূল ৰাজানৈতিক সংগঠন লেহ এপেক্স বডী (এল এ বি) আৰু কার্গিল ডেমক্রেটিক এলায়েন্স (কে ডি এ)ৰ যোৱা সপ্তাহত নতুন দিল্লীত কেন্দ্রীয় গৃহ মন্ত্ৰ্যালয়ৰ উচ্চস্তৰীয় সমিতিৰ সৈতে হোৱা বৈঠকত সমিতিয়ে এই কথা স্পষ্ট কৰি দিয়ে। 


লাডাখৰ ৰাজনৈতিক সংগঠন দুটাৰ নেতৃত্বই প্রকাশ কৰিছে যে ৰাজ্যৰ মৰ্যাদা অথবা ষষ্ঠ অনুসূচীৰ অন্তৰ্ভূক্ত কৰাৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে লাডাখক টেৰিটৰিয়েল কাউন্সিল হিচাপেহে স্বীকৃতি দিব বিচাৰিছে। কেন্দ্ৰীয় চৰকাৰৰ এই নতুন প্ৰস্তাৱৰ জৰিয়তে লাডাখ স্বায়ত্তশাসিত পার্বত্য উন্নয়ন পৰিষদ (এল এ এইচ ডি চি)ৰ মুখ্য কার্যবাহী কাউন্সিলাৰগৰাকীক মুখ্যমন্ত্রী আৰু উপ-মুখ্য কাৰ্যবাহী কাউন্সিলাৰজনক উপ-মুখ্যমন্ত্রী হিচাপে স্বীকৃতি দিয়া হ'ব। 


ইফালে, লাডাখৰ সমাজকর্মী ছুনম ৱাংচুকৰ গ্রেপ্তাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনোৱা এখন আৱেদনৰ শুনানিৰ সময়ত বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰে বিচাৰপীঠক জনায় যে ৱাংচুকক গ্ৰেপ্তাৰ কৰি কাৰাগাৰত ৰখাৰ ফলত লাডাখলৈ স্বাভাৱিক অৱস্থা ঘূৰি আহিছে। লাডাখৰ বৰ্তমানৰ পৰিৱেশ দেখিলে ৱাংচুকক কাৰাগাৰত ৰখাটো সঠিক সিদ্ধান্ত বুলিব পাৰি।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু