--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • অসমৰ এনে শোচনীয় অৱস্থাৰ বিপৰীতে কিন্তু অসমৰে চুবুৰীয়া ৰাজ্য মিজোৰামে বিগত বিত্তীয় বর্ষত সৰ্বাধিক ৯৪
  • ৬২ দিনৰ কৰ্মসংস্থাপন প্রদান কৰিছে।

ডিজিটেল ডেস্ক: ইউ পি এ চৰকাৰৰ অভিলাষী পদক্ষেপ আছিল মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আইন (এম জি এনৰেগা)। ২০০৫ চনত সেই সময়ৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ চৰকাৰে আৰম্ভ কৰা এনৰেগা আঁচনিখনৰ নামৰ লগতে আন কিছু নীতি-নিয়ম শেহতীয়াকৈ সলনি কৰিছে নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে। সেই অনুসৰি পূৰ্বৰ ১০০ দিনৰ তুলনাত এতিয়া ১২৫ দিনৰ কৰ্মসংস্থাপনৰ নিশ্চয়তা প্রদান কৰা হৈছে।


কিন্তু বিগত পাঁচ বছৰৰ তথ্যৰ পৰা এই কথা স্পষ্ট হৈছে যে অসমত এনৰেগা একপ্ৰকাৰ বগা হাতীত পৰিণত হৈছে। গড়ে ১০০ দিনৰ কর্মসংস্থাপনৰ প্ৰতিশ্রুতিতো দূৰৈৰ কথা অসমত বছৰি ৫০ দিনো কর্মসংস্থাপন লাভ কৰা নাই এনৰেগাৰ জব কার্ড লাভ কৰাসকলে। 


খোদ কেন্দ্রীয় গ্রামোন্নয়ন দপ্তৰে প্ৰকাশ কৰা তথ্য মতে, অসমত ২০২০-২১ বিত্তীয় বর্ষত শ্রমিকসকলে গড়ে ৩৬.৩২ দিন, ২০২১-২২ বিত্তীয় বর্ষত গড়ে ৩৩.৪৮ দিন, ২০২২-২৩ বিত্তীয় বর্ষত গড়ে ৩৪.২২ দিন, ২০২৩-২৪ বিত্তীয় বর্ষত গড়ে ৩৮.৯২ দিন আৰু ২০২৪-২৫ বিত্তীয় বর্ষত গড়ে ৩৭.১৬ দিন কর্মসংস্থাপন লাভ কৰিছে। আনকি ৰাষ্ট্ৰীয় গড়তকৈও অসম এই ক্ষেত্ৰত বহু পিছপৰি আছে। বিগত বৰ্ষত এনৰেগাৰ কাম লাভ কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় গড় হৈছে ৫০.২৪ দিন।


অসমৰ এনে শোচনীয় অৱস্থাৰ বিপৰীতে কিন্তু অসমৰে চুবুৰীয়া ৰাজ্য মিজোৰামে বিগত বিত্তীয় বর্ষত সৰ্বাধিক ৯৪.৬২ দিনৰ কৰ্মসংস্থাপন প্রদান কৰিছে। একেদৰে বিগত বৰ্ষত ত্ৰিপুৰাই ৫৯.৮২ দিনৰ, অৰুণাচল প্রদেশে ৬৭.৯ দিনৰ, ছট্টিশগড়ে ৫১.৬৮ দিনৰ, হিমাচল প্রদেশে ৫৫.০৫ দিনৰ, জম্মু-কাশ্মীৰে ৫৫.৯১ দিনৰ, কেৰালাই ৬৬.১৭ দিনৰ, লাডাখে ৬৬.৯২ দিনৰ, মহাৰাষ্ট্ৰই ৫৩.৯২ দিনৰ, মেঘালয়ে ৬৮.৩ দিনৰ, ছিকিমে ৫৬.৫৭ দিনৰ কাম প্ৰদান কৰিছে। 


মন কৰিবলগীয়া কথা যে কর্মসংস্থাপনৰ অভাৱত ৰাজ্যৰ যুৱক-যুৱতী প্ৰতিদিনেই বহিঃৰাজ্যলৈ গৈ আছে। কিন্তু সংস্থাপনৰ ব্যৱস্থা কৰি এই গমন ৰোধ কৰিব পৰা নাই ৰাজ্য চৰকাৰখনে। যদিহে এনৰেগা অসমত সঠিকভাৱে ৰূপায়িত হ'লহেঁতেন তেনেহ'লে ৰাজ্যৰ পৰা বৃহৎ সংখ্যক লোক বহিঃৰাজ্যলৈ শ্ৰমিকৰ কাম কৰিবলৈ যাব লগীয়া পৰিস্থিতিৰ সৃষ্টি নহ'লহেঁতেন। 


ইফালে, আঁচনিখনৰ অধীনত কাম নাপাই বহু লোকে ত্যাগ কৰিছে জব কার্ড। তথ্য মতে, ২০২২-২৩ বিত্তীয় বৰ্ষত অসমৰ ১,৫৭,১৩৮ গৰাকীয়ে, ২০২৩-২৪ বিত্তীয় বর্ষত ২,৮২,১৪২গৰাকীয়ে আৰু ২০২৪-২৫ বিত্তীয় বর্ষত ৫,৭৬,২২০গৰাকীয়ে জব কার্ড ত্যাগ কৰিছে। 


আনহাতে, এই সময়ছোৱাত ৰাজ্যখনত জব কার্ডধাৰী সক্রিয় লোকৰ সংখ্যা ৩৮.১৮ লাখ। আইন অনুসৰি এই জব কার্ডধাৰী লোকসকলে বছৰি ১০০ দিনৰ কাম পাব লাগে। ১০০ দিনৰ কাম পালেহে দাৰিদ্র্য সীমাৰেখাৰ তলৰ এজন জব কার্ডধাৰীয়ে বছৰত ২৩,৪০০ টকা লাভ কৰিব। কিন্তু অসমৰ ৩৮.৪৯ লাখ জব কার্ডধাৰীৰ ভিতৰত মাত্র ১৯,৬৬৫জনেহে ২০২৩-২৪ বৰ্ষত এশ দিনৰ কাম পাইছে। 


অর্থাৎ এক শতাংশ জব কার্ডধাৰীয়েও এশ দিনৰ কাম পোৱা নাই। ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে এনৰেগা যে অসমত ধোঁৱা চাঙত উঠিছে। অসমৰ বিপৰীতে কিন্তু দেশৰ বহুকেইখন ৰাজ্যত আঁচনিখনৰ কাম পূর্ণোদ্যমে চলি আছে আৰু কৰ্মসংস্থাপনৰ জৰিয়তে সম্পদ সৃষ্টি হৈছে। কিন্তু অসমত কর্মসংস্থাপনৰ জৰিয়তে সম্পদ সৃষ্টিৰ এই অভিলাষী আঁচনিখন ৰাজ্য চৰকাৰৰ অৱহেলাত একপ্ৰকাৰ স্তব্ধ হৈ পৰিছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ