--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • গৰিষ্ঠসংখ্যক সদস্য ৰাষ্ট্ৰই বার্ষিক মাচুল প্রদান নকৰা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই আর্থিক অনুদান বন্ধ কৰাত অসহায় হৈ পৰিছে সংস্থাটো।

ডিজিটেল ডেস্ক : ভয়াৱহ আর্থিক সংকটৰ সম্মুখীন হৈছে ৰাষ্ট্ৰসংঘ। বিশ্বৰ অভিভাৱক সংস্থাটোৰ সচিব প্রধন এন্টনিঅ' গুটেৰেছে আর্থিক সংকটৰ কথা স্বীকাৰ কৰি কৈছে যে ৰাষ্ট্রসংঘ সম্প্রতি শোচনীয় আর্থিক অৱস্থাত আছে। সংস্থাটো শীঘ্রে দেউলীয়া হোৱাৰ পথত বুলিও তেওঁ প্রকাশ কৰে। 


গৰিষ্ঠসংখ্যক সদস্য ৰাষ্ট্ৰই বার্ষিক মাচুল প্রদান নকৰা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই আর্থিক অনুদান বন্ধ কৰাত অসহায় হৈ পৰিছে সংস্থাটো। যাৰ ফলত বিশ্বৰ বিভিন্ন কোণত মানৱীয় সাহায্যমূসক কাম-কাজসমূহতো পুঁজি যোগান ধৰিব পৰা নাই ৰাষ্ট্রসংঘই। সচিব প্রধান গুটেৰেছে ৰাষ্ট্রসংঘৰ ১৯৩খন সদস্য ৰাষ্ট্ৰলৈ চিঠি লিখি তেওঁলোকৰ মাচুলসমূহ জমা দিবলৈ আহ্বান জনাইছে আৰু কৈছে যে অন্যথা চলিত বর্ষৰ জুলাইৰ ভিতৰত বিশ্ব সংস্থাটো দেউলীয়া হৈ পৰিব। সংঘৰ আর্থিক পতন ৰুধিবৰ বাবে পৃথক বিত্তীয় সংস্কাৰৰ ব্যৱস্থা কৰিব লাগিব বুলিও তেওঁ কয়। 


উল্লেখযোগ্য যে ৰাষ্ট্রসংঘলৈ সর্বাধিক আর্থিক অনুদান আগবঢ়াই অহা আমেৰিকা যুক্তৰাষ্ট্রই যোৱা বর্ষৰ পৰা সংঘৰ অন্তর্গত কেইবাটাও সংস্থাৰ পৰা নিজকে আঁতৰাই অনাৰ লগতে ৰাষ্ট্রসংঘলৈ আগবঢ়াই অহা নিয়মীয়া অনুদান আৰু শান্তিৰক্ষাৰ বাবে প্রদান কৰা অনুদান বন্ধ কৰি দিয়াৰ পাছতে তীব্র আর্থিক সংকটৰ সম্মুখীন হয় বিশ্বৰ অভিভাৱক সংস্থাটো। 


উল্লেখযোগ্য যে কেৱল মার্কিন যুক্তৰাষ্ট্রই অকলেই ৰাষ্ট্রসংঘক ২.২ বিলিয়ন মার্কিন ডলাৰৰ ঋণ ঘুৰাই দিবলৈ আছে। আনফালে, শেহতীয়াকৈ আমেৰিকাৰ আক্রমণৰ বলি হোৱা ভেনিজুৱেলাই সংঘক ৩৮ নিযুত মার্কিন ডলাৰৰ ঋণ ঘূৰাই দিয়া নাই। তদুপৰি চীন, ৰাছিয়া, ম্যানমাৰ, লিবিয়া, কংগো, আর্জেন্টিনা আদি বহু দেশে হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লৈ ৰাষ্ট্রসংঘক ঘূৰাই দিয়াৰ নামত প্রতাৰণা কৰি আহিছে। যাৰ পৰিপ্রেক্ষিতত চলিত বৰ্ষত বিশ্ব সংস্থাটো ৩.৪৫ বিলিয়ন মার্কিন ডলাৰৰ ধনৰ জোৰা মাৰিবলৈ গৈ সমস্যাত পৰিবলগা হৈছে।

বিশ্ব শান্তিৰ বাবে ৮০ বছৰ পূর্বে প্রতিষ্ঠা লাভ কৰা সংগঠনটোক বর্তমান ৪০খনতকৈও অধিক ৰাষ্ট্ৰই বার্ষিক দিব লগা মাচুল প্রদান কৰা নাই। যাৰ পৰিপ্ৰেক্ষিতত সংকটৰ সম্মুখীন হৈছে বিশ্ব সংস্থাটো। 


উল্লেখযোগ্য যে ২০২৫-২৬ বিত্তীয় বর্ষত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানৰ মুঠ বাজেট হ'ল ৫.৩৮ বিলিয়ন মার্কিন ডলাৰ। কংগো, লেবানন আদি দেশত শান্তিৰক্ষা বাহিনী নিয়োগ, মানৱীয় সাহায্য প্রদান, নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰা আদি কামত এই ধনৰাশি ব্যৱহাৰ কৰা হয়। কিন্তু শেহতীয়াকৈ মার্কিন যুক্তৰাষ্ট্ৰৰ ভূমিকা আৰু অন্যান্য সদস্য ৰাষ্ট্ৰসমূহে ঋণৰ ধন আৰু বার্ষিক মাচুল নিদিয়াত মানবীয় সাহায্যমূলক কাম-কাজসমূহতো পিছ হুঁহকি গৈছে ৰাষ্ট্রসংঘ।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ