--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ইজৰাইলে ইৰানৰ প্ৰায় ৩০টা তৈল আন্তঃগাঁথনিত আক্ৰমণ কৰাৰ পাছতে আমেৰিকাৰ সৈতে ইহুদি ৰাষ্ট্ৰখনৰ মত পাৰ্থক্যৰ সৃষ্টি হৈছে।

ডিজিটেল ডেস্ক : ইৰানৰ তৈল আন্তঃগাঁথনিত আক্ৰমণক কেন্দ্ৰ কৰি এইবাৰ মিত্ৰগোষ্ঠী আমেৰিকা আৰু ইজৰাইলৰ মাজতে সংঘাতৰ সৃষ্টি হৈছে।


ইজৰাইলে ইৰানৰ প্ৰায় ৩০টা তৈল আন্তঃগাঁথনিত আক্ৰমণ কৰাৰ পাছতে আমেৰিকাৰ সৈতে ইহুদি ৰাষ্ট্ৰখনৰ মত পাৰ্থক্যৰ সৃষ্টি হৈছে। মিত্র দেশ দুখনে ২৮ ফেব্ৰুৱাৰীত ইৰানত আক্ৰমণ আৰম্ভ কৰাৰ পাছত এই প্ৰথমবাৰৰ বাবে মত-বিৰোধ ঘটিল। 


উল্লেখযোগ্য যে যোৱা শনিবাৰে ইজৰাইলে ইৰানৰ তৈল আন্তঃগাঁথনিসমূহত ক্ষেপণাস্ত্ৰ আক্ৰমণ কৰে। এই আক্ৰমণত উপসাগৰীয় দেশখনৰ তেল আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে তেহৰানৰ বহু স্থানত বৃহৎ অগ্নিকাণ্ড সংঘটিত হয়। তৈল ভাণ্ডাৰত হোৱা আক্ৰমণৰ ফলত তেহৰানৰ আকাশ ক'লা ধোঁৱাই আৱৰি ধৰিছিল। ইৰানৰ তৈল ভাণ্ডাৰত ইজৰাইলৰ আক্ৰমণৰ পাছতে খৰ্গহস্ত হৈ পৰে ট্রাম্প প্রশাসন। 


মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে এই আক্রমণত অসন্তুষ্টি প্রকাশ কৰি কয় যে ইজৰাইলৰ আক্ৰমণৰ বিষয়টো তেওঁৰ পচন্দ নহ'ল। ইফালে ইজৰাইলে প্রকাশ কৰিছে যে ইৰানে এই তেল ডিপ' আৰু শোধনাগাৰসমূহৰ পৰা বিভিন্ন গ্রাহক দেশৰ লগতে দেশখনৰ সামৰিক বাহিনীক তেল যোগান ধৰি আহিছে। তদুপৰি ইজৰাইলৰ আৱাসিক অঞ্চলত কৰা আক্ৰমণৰ প্রতিশোধ হিচাপেহে এই আক্রমণ কৰা বুলি ইজৰাইলে প্রকাশ কৰে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু