--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • কেইবা দশকজোৰা ঘটনাৱলীৰ সাক্ষী 'জনমভূমি'ৰ ৮০ বছৰ সম্পূৰ্ণ উপলক্ষে আজি প্রাগ টাৱাৰত থকা কাকতখনৰ কার্যালয়ত কে'ক্ কাটি জন্মদিন উদযাপন কৰা হয়।

ডিজিটেল ডেস্ক: অসমৰ সংবাদপত্ৰৰ সুদীৰ্ঘ পৰিক্ৰমাৰ ইতিহাসত অনেক ঘাত-প্রতিঘাতৰ মাজেৰে প্ৰকাশৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি ৰাজ্যখনৰ সবাতোকৈ পুৰণি একমাত্ৰ অসমীয়া সাপ্তাহিক কাকত 'জনমভূমি'য়ে আজি গৌৰৱময় ৮০ বছৰ সম্পূৰ্ণ কৰিলে। 


কেইবা দশকজোৰা ঘটনাৱলীৰ সাক্ষী 'জনমভূমি'ৰ ৮০ বছৰ সম্পূৰ্ণ উপলক্ষে আজি প্রাগ টাৱাৰত থকা কাকতখনৰ কার্যালয়ত কে'ক্ কাটি জন্মদিন উদযাপন কৰা হয়। 


অনুষ্ঠানত উপস্থিত থাকি এ এম টেলিভিছনৰ পৰিচালন সঞ্চালক ড° সঞ্জীৱ নাৰায়ণ, দৈনিক জনমভূমিৰ কাৰ্যবাহী সম্পাদক সঞ্জীৱ কুমাৰ ফুকন, প্রাগ নিউজৰ গ্ৰুপ প্ৰেছিডেণ্ট ডাঃ অক্ষতা নাৰায়ণ, প্রাগ নিউজৰ মুখ্য সম্পাদক প্রশান্ত ৰাজগুৰু, প্রাগ নিউজৰ কাৰ্যবাহী সম্পাদক দেৱজিত ভূঞা, দৈনিক জনমভূমিৰ প্ৰকাশক চন্দ্ৰশেখৰ শৰ্মাৰ লগতে প্রাগ আৰু জনমভূমিৰ সংবাদকর্মীসকল উপস্থিত থাকে। 


অনুষ্ঠানত 'জনমভূমি' কাকতৰ গৌৰৱময় যাত্ৰাক স্মৰণ কৰি পৰিচালন সঞ্চালক ড° সঞ্জীৱ নাৰায়ণে কয় যে ৮০ বছৰত হয়তো বহু কাকত ওলালে আৰু বহু কাকতৰ প্ৰকাশ বন্ধ হৈ গ'ল। কিন্তু এখন সাপ্তাহিক কাকত ৮০ বছৰ প্ৰকাশ কৰি থকাটো এটা গৌৰৱৰ কথা। এনেদৰে ধাৰাবাহিকতা ৰক্ষা কৰি অসমৰ এখন ঐতিহ্যমণ্ডিত পুৰণি কাকত জীয়াই ৰাখিবৰ কাৰণে কৰা আমাৰ প্ৰচেষ্টা সদায়ে থাকিব। একেদৰেই অসমৰ পৰম্পৰা, জাতিটোক আমি আৰু কিদৰে আগুৱাই লৈ যাব পাৰোঁ সেই প্রচেষ্টাও অব্যাহত ৰাখিম। 


আনহাতে, অসমৰ কেইবাগৰাকীও বিশিষ্ট সাংবাদিক এটা সময়ত কাকতখনৰ লগত জড়িত থকাৰ লগতে বহু ভাল ভাল সাংবাদিক জনমভূমিৰ পৰাই সৃষ্টি হৈছে বুলি উল্লেখ কৰি তেওঁ কাকতখনৰ জৰিয়তে ৰাইজৰ অসুবিধা, সমস্যা দাঙি ধৰি সদায় ৰাইজৰ হকে কাম কৰি যাম বুলিও মন্তব্য কৰে। অনুষ্ঠানত প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্রশান্ত ৰাজগুৰুৱেও কাকতখনৰ সৈতে তেওঁ জড়িত থকাৰ দিনৰ স্মৃতি ৰোমন্থন কৰাৰ লগতে কাকতখনৰ জন্মৰ আঁৰত থকা প্ৰতিগৰাকী ব্যক্তিৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। জনমভূমিৰ কাৰ্যালয়ত আয়োজিত অনুষ্ঠানটোৰ আঁত ধৰি কাকতখনৰ সম্পাদক সঞ্জীৱ কুমাৰ ফুকনে কাকতখনৰ সুদীৰ্ঘ পৰিক্ৰমাৰ বিষয়ত আলোকপাত কৰে। 


উল্লেখযোগ্য যে ১৯৪৭ চনৰ ১০ মাৰ্চত সাপ্তাহিক 'জনমভূমি' কাকতৰ প্ৰথম প্রকাশ হৈছিল। প্রথমে দর্পণ প্ৰেছত, তাৰ পাছত অন্নদা প্রিন্টিং ৱৰ্কছত জনমভূমি ছপা কৰা হৈছিল। ইয়াৰ পাছত কাকতখনৰ নিজা ছপাশাল হয়। ১৯৪৯ চনত জনমভূমি প্ৰেছৰ পৰা 'জনমভূমি' প্রকাশ হৈছিল। এনেকৈয়ে সূচনা হোৱা 'জনমভূমি'য়ে ভিন্ন ঘাত-প্রতিঘাতৰ মাজেৰে আহি ঐতিহ্যৰ সংবাহক হৈ ৮০ বছৰত খোজ দিয়া এই ক্ষণ অসমৰ সংবাদপত্ৰৰ জগতখনৰ বাবে এক গৌৰৱময় সময় বুলিয়েই ক'ব লাগিব।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
পাকিস্তানৰ ৪খন অশান্ত প্ৰদেশক খণ্ড খণ্ড কৰাৰ পৰিকল্পনা আছিম মুনিৰৰ
গুৱাহাটী আৰু শিলচৰৰ পাছত এইবাৰ গোৱালপাৰাত গ্ৰেপ্তাৰ ১২ বাংলাদেশী নাগৰিক
মন্দিয়াত ই-ৰিক্সা হঠাৎ বাগৰি পৰি থিতাতে নিহত কণমানি ছাত্ৰী; কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী গুৰুতৰভাৱে আহত
২ লাখ ভাৰতীয়ই আমেৰিকাত হেৰুৱাব ভোটাধিকাৰ!
অসমৰ ভ্ৰাম্যমাণ নাট্যজগতলৈ দুঃখবৰ! কহিনুৰ থিয়েটাৰ বন্ধ কৰাৰ ইংগিত প্ৰযোজক তপন লহকৰৰ
আজি মহালয়া; শাৰদীয় দুৰ্গোৎসৱৰ আগমনিৰ বতৰা
কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূর্ণ পদক্ষেপ; চীন সীমান্তৰ নতুন মানচিত্ৰ ভাৰতৰ
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস
ভাৰতৰ শান্তি প্রচেষ্টাক ইউক্রেইনৰ আদৰণি
তিনিদিন ধৰি নিৰুদ্দেশ বৰপেটাৰ যুৱতী অনন্যা নাথ; কান্দোনত ভাঙি পৰিছে পৰিয়াল
আৰক্ষীৰ তীব্ৰ অভিযানত হাটশিঙিমাৰীত গ্ৰেপ্তাৰ ১১ জনকৈ চোৰাং গৰু সৰবৰাহকাৰী
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ