--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • কেইবা দশকজোৰা ঘটনাৱলীৰ সাক্ষী 'জনমভূমি'ৰ ৮০ বছৰ সম্পূৰ্ণ উপলক্ষে আজি প্রাগ টাৱাৰত থকা কাকতখনৰ কার্যালয়ত কে'ক্ কাটি জন্মদিন উদযাপন কৰা হয়।

ডিজিটেল ডেস্ক: অসমৰ সংবাদপত্ৰৰ সুদীৰ্ঘ পৰিক্ৰমাৰ ইতিহাসত অনেক ঘাত-প্রতিঘাতৰ মাজেৰে প্ৰকাশৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি ৰাজ্যখনৰ সবাতোকৈ পুৰণি একমাত্ৰ অসমীয়া সাপ্তাহিক কাকত 'জনমভূমি'য়ে আজি গৌৰৱময় ৮০ বছৰ সম্পূৰ্ণ কৰিলে। 


কেইবা দশকজোৰা ঘটনাৱলীৰ সাক্ষী 'জনমভূমি'ৰ ৮০ বছৰ সম্পূৰ্ণ উপলক্ষে আজি প্রাগ টাৱাৰত থকা কাকতখনৰ কার্যালয়ত কে'ক্ কাটি জন্মদিন উদযাপন কৰা হয়। 


অনুষ্ঠানত উপস্থিত থাকি এ এম টেলিভিছনৰ পৰিচালন সঞ্চালক ড° সঞ্জীৱ নাৰায়ণ, দৈনিক জনমভূমিৰ কাৰ্যবাহী সম্পাদক সঞ্জীৱ কুমাৰ ফুকন, প্রাগ নিউজৰ গ্ৰুপ প্ৰেছিডেণ্ট ডাঃ অক্ষতা নাৰায়ণ, প্রাগ নিউজৰ মুখ্য সম্পাদক প্রশান্ত ৰাজগুৰু, প্রাগ নিউজৰ কাৰ্যবাহী সম্পাদক দেৱজিত ভূঞা, দৈনিক জনমভূমিৰ প্ৰকাশক চন্দ্ৰশেখৰ শৰ্মাৰ লগতে প্রাগ আৰু জনমভূমিৰ সংবাদকর্মীসকল উপস্থিত থাকে। 


অনুষ্ঠানত 'জনমভূমি' কাকতৰ গৌৰৱময় যাত্ৰাক স্মৰণ কৰি পৰিচালন সঞ্চালক ড° সঞ্জীৱ নাৰায়ণে কয় যে ৮০ বছৰত হয়তো বহু কাকত ওলালে আৰু বহু কাকতৰ প্ৰকাশ বন্ধ হৈ গ'ল। কিন্তু এখন সাপ্তাহিক কাকত ৮০ বছৰ প্ৰকাশ কৰি থকাটো এটা গৌৰৱৰ কথা। এনেদৰে ধাৰাবাহিকতা ৰক্ষা কৰি অসমৰ এখন ঐতিহ্যমণ্ডিত পুৰণি কাকত জীয়াই ৰাখিবৰ কাৰণে কৰা আমাৰ প্ৰচেষ্টা সদায়ে থাকিব। একেদৰেই অসমৰ পৰম্পৰা, জাতিটোক আমি আৰু কিদৰে আগুৱাই লৈ যাব পাৰোঁ সেই প্রচেষ্টাও অব্যাহত ৰাখিম। 


আনহাতে, অসমৰ কেইবাগৰাকীও বিশিষ্ট সাংবাদিক এটা সময়ত কাকতখনৰ লগত জড়িত থকাৰ লগতে বহু ভাল ভাল সাংবাদিক জনমভূমিৰ পৰাই সৃষ্টি হৈছে বুলি উল্লেখ কৰি তেওঁ কাকতখনৰ জৰিয়তে ৰাইজৰ অসুবিধা, সমস্যা দাঙি ধৰি সদায় ৰাইজৰ হকে কাম কৰি যাম বুলিও মন্তব্য কৰে। অনুষ্ঠানত প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্রশান্ত ৰাজগুৰুৱেও কাকতখনৰ সৈতে তেওঁ জড়িত থকাৰ দিনৰ স্মৃতি ৰোমন্থন কৰাৰ লগতে কাকতখনৰ জন্মৰ আঁৰত থকা প্ৰতিগৰাকী ব্যক্তিৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। জনমভূমিৰ কাৰ্যালয়ত আয়োজিত অনুষ্ঠানটোৰ আঁত ধৰি কাকতখনৰ সম্পাদক সঞ্জীৱ কুমাৰ ফুকনে কাকতখনৰ সুদীৰ্ঘ পৰিক্ৰমাৰ বিষয়ত আলোকপাত কৰে। 


উল্লেখযোগ্য যে ১৯৪৭ চনৰ ১০ মাৰ্চত সাপ্তাহিক 'জনমভূমি' কাকতৰ প্ৰথম প্রকাশ হৈছিল। প্রথমে দর্পণ প্ৰেছত, তাৰ পাছত অন্নদা প্রিন্টিং ৱৰ্কছত জনমভূমি ছপা কৰা হৈছিল। ইয়াৰ পাছত কাকতখনৰ নিজা ছপাশাল হয়। ১৯৪৯ চনত জনমভূমি প্ৰেছৰ পৰা 'জনমভূমি' প্রকাশ হৈছিল। এনেকৈয়ে সূচনা হোৱা 'জনমভূমি'য়ে ভিন্ন ঘাত-প্রতিঘাতৰ মাজেৰে আহি ঐতিহ্যৰ সংবাহক হৈ ৮০ বছৰত খোজ দিয়া এই ক্ষণ অসমৰ সংবাদপত্ৰৰ জগতখনৰ বাবে এক গৌৰৱময় সময় বুলিয়েই ক'ব লাগিব।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
ৰাজ্যজুৰি মানুহ বিহুৰ উছাহ: জ্যেষ্ঠৰ আশীৰ্বাদেৰে নতুন বছৰক আদৰাৰ পৰম্পৰা