--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • আৰক্ষীৰ তদন্তত কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহে । দুপৰীয়া ২ বজাৰ পৰা ৪ বজালৈ ঘৰৰ ভিতৰৰ কেমেৰা বন্ধ থকা কাৰ্যই আৰক্ষীৰ সন্দেহ বৃদ্ধি কৰে।

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ ৰাজধানী চহৰ লক্ষ্ণৌত এক জঘন্য হত্যাকাণ্ডই সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।


নিজৰ অবৈধ প্ৰেমৰ সম্পৰ্কত বাধা দিয়াৰ বাবে ৩৬ বছৰীয়া বোৱাৰী ৰঞ্জনা বৰ্মাই নিজৰ ২১ বছৰীয়া প্ৰেমিক ৰাজন শৰ্মাৰ সৈতে মিলি ৬৯ বছৰীয়া শাহু নিৰ্মলা দেৱীক অতি নিষ্ঠুৰভাৱে হত্যা কৰে।



আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, মৃত নিৰ্মলা দেৱীৰ ঘৰত ভাড়াতিয়া হিচাপে থকা ৰাজন শৰ্মাৰ সৈতে বোৱাৰী ৰঞ্জনাৰ যোৱা চাৰি বছৰ ধৰি এক গোপন প্ৰেমৰ সম্পৰ্ক আছিল। শাহুৱেক নিৰ্মলা দেৱীয়ে এই অনৈতিক সম্পৰ্কৰ কথা গম পাইছিল আৰু ইয়াৰ তীব্ৰ বিৰোধিতা কৰি আহিছিল। এই বিৰোধৰ বাবেই ৰঞ্জনাই শাহুৱেকক নিজৰ পথৰ পৰা আঁতৰাই দিয়াৰ ষড়যন্ত্ৰ ৰচনা কৰে।




শনিবাৰে দুপৰীয়া যেতিয়া ৰঞ্জনাৰ স্বামী ত্ৰিদেশ বৰ্মা কৰ্মস্থলীলৈ গৈছিল আৰু তেওঁৰ পুত্ৰ ডেলিভাৰীৰ কামত ব্যস্ত আছিল, সেই সুযোগতে এই হত্যাকাণ্ড সংঘটিত হয়। প্ৰথমে ঘৰৰ ভিতৰৰ চিচিটিভি কেমেৰাটো বন্ধ কৰি দিয়া হয়। ইয়াৰ পিছত ৰঞ্জনা আৰু প্ৰেমিক ৰাজনে বৃদ্ধা গৰাকীৰ হাত-ভৰি ৰছীৰে বান্ধি পেলায় আৰু ডিঙি চেপি তেওঁক হত্যা কৰে।


অপৰাধ লুকুৱাবলৈ ৰঞ্জনাই ঘৰত ডকাইতি হোৱা বুলি এটা মিছা নাটক ৰচনা কৰে। পুত্ৰ ঘৰলৈ অহাৰ পিছত ৰঞ্জনাই হাই-উৰুমি কৰি কান্দিবলৈ ধৰে যাতে কোনেও তেওঁক সন্দেহ নকৰে।


আৰক্ষীৰ তদন্ত আৰু ৰহস্যৰ উন্মোচন



আৰক্ষীৰ তদন্তত কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহে । দুপৰীয়া ২ বজাৰ পৰা ৪ বজালৈ ঘৰৰ ভিতৰৰ কেমেৰা বন্ধ থকা কাৰ্যই আৰক্ষীৰ সন্দেহ বৃদ্ধি কৰে। ফৰেনচিক দলৰ সৈতে অহা স্নিফাৰ ডগ পোনপটীয়াকৈ গৈ ভাড়াতিয়া তথা প্ৰেমিক ৰাজন শৰ্মাৰ ওচৰত ৰৈ দিছিল। আৰক্ষীৰ কঠোৰ সোধা-পোছাৰ অন্তত ৰাজনে স্বীকাৰ কৰে যে তেওঁ আৰু ৰঞ্জনাই মিলি শাহুৱেকক হত্যা কৰিছে।


বৰ্তমান আৰক্ষীয়ে হত্যাকাৰী বোৱাৰী আৰু তাইৰ প্ৰেমিকক ভাৰতীয় ন্যায় সংহিতাৰ অধীনত গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। মৃতকৰ পুত্ৰই নিজৰ পত্নীৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু