--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • প্ৰেছ ক্লাব অব্ ইণ্ডিয়াৰ নির্বাচনত সভাপতি পদত সংগীতা বৰুৱা পিছাৰটিয়ে ১০১৯টা ভোট লাভ কৰি সভাপতি হিচাপে নির্বাচিত হয়।

ডিজিটেল ডেস্কঃ ইতিহাস ৰচনা কৰি প্ৰেছ ক্লাব অব্ ইণ্ডিয়াৰ প্ৰথমগৰাকী মহিলা সভাপতি হিচাপে নির্বাচিত হ'ল অসমৰ জীয়ৰী সংগীতা বৰুৱা পিছাৰটি। প্ৰেছ ক্লাব অব্ ইণ্ডিয়াৰ সভাপতি পদত উত্তৰ-পূবৰ এগৰাকী মহিলা সাংবাদিকে প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হোৱাত সকলোৱে গৌৰৱ অনুভৱ কৰিছে। 


প্ৰেছ ক্লাব অব্ ইণ্ডিয়াৰ নির্বাচনত সভাপতি পদত সংগীতা বৰুৱা পিছাৰটিয়ে ১০১৯টা ভোট লাভ কৰি সভাপতি হিচাপে নির্বাচিত হয়। আনহাতে, তেওঁৰ প্রতিদ্বন্দ্বী প্রার্থী অৰুণ শৰ্মা আৰু অতুল মিশ্রাই ক্রমে ১১৯টা আৰু ৮৯টা ভোট লাভ কৰে। সংগীতা বৰুৱা পিছাৰটিৰ এই জয়লাভে ভৱিষ্যতৰ দিনত আৰু বহু মহিলা সাংবাদিকক উৎসাহিত কৰিব বুলি প্ৰেছ ক্লাব অব্ ইণ্ডিয়াৰ সদস্যসকলে আশা প্রকাশ কৰিছে। 


উল্লেখযোগ্য যে অসমৰ গোলাঘাটৰ জীয়ৰী সংগীতা বৰুৱা পিছাৰটি হৈছে এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ অসমীয়া সাংবাদিক তথা লেখক। ১৯৯৬ চনত তেওঁ 'ইউনাইটেড নিউজ অব্ ইণ্ডিয়া'ৰ নতুন দিল্লী শাখা কার্যালয়ত উত্তৰ-পূৰ্বাঞ্চলৰ পৰা মহিলা সাংবাদিকৰূপে সাংবাদিকতা আৰম্ভ কৰে। সংগীতা বৰুৱা পিছাৰটিয়ে সাংবাদিক হিচাপে ৰাষ্ট্ৰীয় পৰ্যায়ত উত্তৰ-পূৰ্বাঞ্চলক বিস্তৃত ৰূপত প্ৰচাৰ কৰাৰ ক্ষেত্রত শক্তিশালী ভূমিকা গ্রহণ কৰি আহিছে। আনহাতে, ২০১৭ চনত তেওঁ সাংবাদিকতাৰ ক্ষেত্ৰত আগবঢ়োৱা অৰিহণাৰ বাবে 'ৰামনাথ গোৱেংকা এক্সিলেঞ্চ ইন্ জার্নেলিজম বঁটা' লাভ কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ