--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • প্ৰেছ ক্লাব অব্ ইণ্ডিয়াৰ নির্বাচনত সভাপতি পদত সংগীতা বৰুৱা পিছাৰটিয়ে ১০১৯টা ভোট লাভ কৰি সভাপতি হিচাপে নির্বাচিত হয়।

ডিজিটেল ডেস্কঃ ইতিহাস ৰচনা কৰি প্ৰেছ ক্লাব অব্ ইণ্ডিয়াৰ প্ৰথমগৰাকী মহিলা সভাপতি হিচাপে নির্বাচিত হ'ল অসমৰ জীয়ৰী সংগীতা বৰুৱা পিছাৰটি। প্ৰেছ ক্লাব অব্ ইণ্ডিয়াৰ সভাপতি পদত উত্তৰ-পূবৰ এগৰাকী মহিলা সাংবাদিকে প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হোৱাত সকলোৱে গৌৰৱ অনুভৱ কৰিছে। 


প্ৰেছ ক্লাব অব্ ইণ্ডিয়াৰ নির্বাচনত সভাপতি পদত সংগীতা বৰুৱা পিছাৰটিয়ে ১০১৯টা ভোট লাভ কৰি সভাপতি হিচাপে নির্বাচিত হয়। আনহাতে, তেওঁৰ প্রতিদ্বন্দ্বী প্রার্থী অৰুণ শৰ্মা আৰু অতুল মিশ্রাই ক্রমে ১১৯টা আৰু ৮৯টা ভোট লাভ কৰে। সংগীতা বৰুৱা পিছাৰটিৰ এই জয়লাভে ভৱিষ্যতৰ দিনত আৰু বহু মহিলা সাংবাদিকক উৎসাহিত কৰিব বুলি প্ৰেছ ক্লাব অব্ ইণ্ডিয়াৰ সদস্যসকলে আশা প্রকাশ কৰিছে। 


উল্লেখযোগ্য যে অসমৰ গোলাঘাটৰ জীয়ৰী সংগীতা বৰুৱা পিছাৰটি হৈছে এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ অসমীয়া সাংবাদিক তথা লেখক। ১৯৯৬ চনত তেওঁ 'ইউনাইটেড নিউজ অব্ ইণ্ডিয়া'ৰ নতুন দিল্লী শাখা কার্যালয়ত উত্তৰ-পূৰ্বাঞ্চলৰ পৰা মহিলা সাংবাদিকৰূপে সাংবাদিকতা আৰম্ভ কৰে। সংগীতা বৰুৱা পিছাৰটিয়ে সাংবাদিক হিচাপে ৰাষ্ট্ৰীয় পৰ্যায়ত উত্তৰ-পূৰ্বাঞ্চলক বিস্তৃত ৰূপত প্ৰচাৰ কৰাৰ ক্ষেত্রত শক্তিশালী ভূমিকা গ্রহণ কৰি আহিছে। আনহাতে, ২০১৭ চনত তেওঁ সাংবাদিকতাৰ ক্ষেত্ৰত আগবঢ়োৱা অৰিহণাৰ বাবে 'ৰামনাথ গোৱেংকা এক্সিলেঞ্চ ইন্ জার্নেলিজম বঁটা' লাভ কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু