--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এম জি এনৰেগাৰ অধীনত গ্রাম্য পৰিয়ালক ১০০ দিনৰ কামৰ নিশ্চয়তা দিয়া হৈছে যদিও যোৱা ৫ বছৰত প্ৰতিটো পৰিয়ালে গড়ে ৫০ দিনকৈহে কাম লাভ কৰিছে।

ডিজিটেল ডেস্ক: এম জি এনৰেগাৰ নাম সলনি আৰু গ্ৰাম্য পৰিয়ালক সংস্থানৰ নিশ্চিতি ১০০ দিনৰ পৰা ১২৫ দিন কৰিবলৈ প্ৰস্তাৱিত এখন বিধেয়কত কেন্দ্রীয় কেবিনেটে অনুমোদন জনাইছে। এই নতুন বিধেয়ক অনুসৰি গ্রাম্য নিয়োগ নিশ্চিতিৰ এই আইনৰ নাম দিয়া হৈছে পূজ্য বাপু ৰুৰেল এমপ্লয়মেন্ট এক্ট (পূজ্য বাপু গ্রাম্য ৰোজগাৰ যোজনা)। 


উল্লেখযোগ্য যে এম জি এনৰেগাৰ অধীনত গ্রাম্য পৰিয়ালক ১০০ দিনৰ কামৰ নিশ্চয়তা দিয়া হৈছে যদিও যোৱা ৫ বছৰত প্ৰতিটো পৰিয়ালে গড়ে ৫০ দিনকৈহে কাম লাভ কৰিছে। ২০২৪-২৫ বর্ষত এম জি এনৰেগাৰ অধীনত প্ৰতিটো পৰিয়ালে গড়ে ৫০.২৪ দিনৰ কৰ্মসংস্থান পাইছে। ইয়াৰ আগৰ বছৰবোৰৰ সংখ্যাও একে। ২০২৩-২৪ বৰ্ষত প্ৰতিটো পৰিয়ালে গড়ে ৫২.০৭ দিন, ২০২২-২৩ বর্ষত ৪৭.৮৪ দিন, ২০২১-২২ বর্ষত ৫০.০৭ দিন আৰু ২০২০-২১ বৰ্ষত গড়ে ৫১.৫৪ দিন কাম লাভ কৰে। 


সামগ্রিকভাৱে যোৱা পাঁচ বছৰত প্ৰতিটো পৰিয়ালে বছৰত গড়ে ৫০.৩৫ দিনৰ কাম লাভ কৰিছে। যোৱা বছৰ ১০০ দিন কাম পোৱা পৰিয়ালৰ সংখ্যা আছিল ৪০.৭৪ লাখ। কিন্তু বর্তমান বিত্তীয় বর্ষত ৬.৭৪ লাখ পৰিয়ালেহে ১০০ দিনৰ কাম পাইছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ