--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • চোৰৰ এটা দলে গাঁওখনৰ প্ৰাথমিক বিদ্যালয়ৰ পাকঘৰৰ তলা ভাঙি মধ্যাহ্ন ভোজনৰ বাবে মজুত ৰখা এলপিজি চিলিণ্ডাৰ চুৰি কৰে।

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ বাৰাবাঁকী জিলাত এক আমোদজনক অথচ চাঞ্চল্যকৰ চুৰি কাণ্ড পোহৰলৈ আহিছে। এখন চৰকাৰী স্কুলৰ পৰা মধ্যাহ্ন ভোজনৰ গেছ চিলিণ্ডাৰ চুৰি কৰি পলাই যোৱাৰ সময়তে পথাৰত টোপনি যোৱা এজন চোৰক গাঁওবাসীয়ে হাতে-লোটে কৰায়ত্ত কৰে।



সোমবাৰে পুৱা বাৰাবাঁকীৰ দৰিয়াবাদ কোতোৱালী থানাৰ অন্তৰ্গত সৰায় শ্বাহ আলম গাঁৱত এই ঘটনা সংঘটিত হয়। জানিব পৰা মতে, চোৰৰ এটা দলে গাঁওখনৰ প্ৰাথমিক বিদ্যালয়ৰ পাকঘৰৰ তলা ভাঙি মধ্যাহ্ন ভোজনৰ বাবে মজুত ৰখা এলপিজি চিলিণ্ডাৰ চুৰি কৰে। চুৰি কাৰ্য সম্পন্ন কৰি পলাই যাওঁতে ভাগৰত চোৰ কেইজনে ওচৰৰে এখন সৰিয়হ পথাৰত জিৰণি ল’বলৈ গৈ গভীৰ টোপনিত লালকাল দিয়ে।


কেনেদৰে ধৰা পৰিল চোৰ:


পুৱা গাঁওখনৰ প্ৰধানৰ প্ৰতিনিধি ফুৰকান আহমেদে খোজ কাঢ়িবলৈ ওলাই যাওঁতে পথাৰৰ মাজত এজন যুৱকক সন্দেহজনকভাৱে চিলিণ্ডাৰ এটা লুকুৱাই থকা প্ৰত্যক্ষ কৰে। তেওঁৰ সন্দেহ হোৱাত লগে লগে বিদ্যালয়লৈ গৈ পৰীক্ষা কৰাত পাকঘৰৰ তলা ভঙা থকাটো নিশ্চিত হয়। ইয়াৰ পিছতে তেওঁ গাঁওবাসীৰ সহায়ত গয়াছ নামৰ চোৰজনক পথাৰৰ পৰাই ধৰি পেলায় আৰু আৰক্ষীক খবৰ দিয়ে।



ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ চিলিণ্ডাৰটো উদ্ধাৰ কৰাৰ লগতে গয়াছক আটক কৰে। আৰক্ষীৰ জেৰাত ধৃত চোৰজনে স্বীকাৰ কৰে যে তেওঁ লাভকুশ নামৰ আন এজন সহযোগীৰ সৈতে এই চুৰি কাণ্ড সংঘটিত কৰিছিল। লাভকুশ নামৰ আনজন চোৰ পলাই যাবলৈ সক্ষম হয় যদিও আৰক্ষীয়ে তেওঁৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।


দৰিয়াবাদ কোতোৱালীৰ ভাৰপ্ৰাপ্ত বিষয়া ধৰ্মেন্দ্ৰ কুমাৰে জানিবলৈ দিয়া মতে, অঞ্চলটোত চিলিণ্ডাৰৰ নাটনি হোৱাৰ বাবে এনেধৰণৰ সামগ্ৰীৰ প্ৰতি চোৰৰ চকু পৰিছে। বৰ্তমান গয়াছক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ