--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • চোৰৰ এটা দলে গাঁওখনৰ প্ৰাথমিক বিদ্যালয়ৰ পাকঘৰৰ তলা ভাঙি মধ্যাহ্ন ভোজনৰ বাবে মজুত ৰখা এলপিজি চিলিণ্ডাৰ চুৰি কৰে।

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ বাৰাবাঁকী জিলাত এক আমোদজনক অথচ চাঞ্চল্যকৰ চুৰি কাণ্ড পোহৰলৈ আহিছে। এখন চৰকাৰী স্কুলৰ পৰা মধ্যাহ্ন ভোজনৰ গেছ চিলিণ্ডাৰ চুৰি কৰি পলাই যোৱাৰ সময়তে পথাৰত টোপনি যোৱা এজন চোৰক গাঁওবাসীয়ে হাতে-লোটে কৰায়ত্ত কৰে।



সোমবাৰে পুৱা বাৰাবাঁকীৰ দৰিয়াবাদ কোতোৱালী থানাৰ অন্তৰ্গত সৰায় শ্বাহ আলম গাঁৱত এই ঘটনা সংঘটিত হয়। জানিব পৰা মতে, চোৰৰ এটা দলে গাঁওখনৰ প্ৰাথমিক বিদ্যালয়ৰ পাকঘৰৰ তলা ভাঙি মধ্যাহ্ন ভোজনৰ বাবে মজুত ৰখা এলপিজি চিলিণ্ডাৰ চুৰি কৰে। চুৰি কাৰ্য সম্পন্ন কৰি পলাই যাওঁতে ভাগৰত চোৰ কেইজনে ওচৰৰে এখন সৰিয়হ পথাৰত জিৰণি ল’বলৈ গৈ গভীৰ টোপনিত লালকাল দিয়ে।


কেনেদৰে ধৰা পৰিল চোৰ:


পুৱা গাঁওখনৰ প্ৰধানৰ প্ৰতিনিধি ফুৰকান আহমেদে খোজ কাঢ়িবলৈ ওলাই যাওঁতে পথাৰৰ মাজত এজন যুৱকক সন্দেহজনকভাৱে চিলিণ্ডাৰ এটা লুকুৱাই থকা প্ৰত্যক্ষ কৰে। তেওঁৰ সন্দেহ হোৱাত লগে লগে বিদ্যালয়লৈ গৈ পৰীক্ষা কৰাত পাকঘৰৰ তলা ভঙা থকাটো নিশ্চিত হয়। ইয়াৰ পিছতে তেওঁ গাঁওবাসীৰ সহায়ত গয়াছ নামৰ চোৰজনক পথাৰৰ পৰাই ধৰি পেলায় আৰু আৰক্ষীক খবৰ দিয়ে।



ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ চিলিণ্ডাৰটো উদ্ধাৰ কৰাৰ লগতে গয়াছক আটক কৰে। আৰক্ষীৰ জেৰাত ধৃত চোৰজনে স্বীকাৰ কৰে যে তেওঁ লাভকুশ নামৰ আন এজন সহযোগীৰ সৈতে এই চুৰি কাণ্ড সংঘটিত কৰিছিল। লাভকুশ নামৰ আনজন চোৰ পলাই যাবলৈ সক্ষম হয় যদিও আৰক্ষীয়ে তেওঁৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।


দৰিয়াবাদ কোতোৱালীৰ ভাৰপ্ৰাপ্ত বিষয়া ধৰ্মেন্দ্ৰ কুমাৰে জানিবলৈ দিয়া মতে, অঞ্চলটোত চিলিণ্ডাৰৰ নাটনি হোৱাৰ বাবে এনেধৰণৰ সামগ্ৰীৰ প্ৰতি চোৰৰ চকু পৰিছে। বৰ্তমান গয়াছক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু