--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • শীর্ষ আই পি এছ বিষয়া ড° পাৰ্থসাৰথি মহন্তই পৰিচালনা কৰা 'ছিমি' ছবিখনে শ্রেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।

ডিজিটেল ডেস্কঃ ভাৰতীয় 'এনিমেশ্যন' ছবিৰ বাবে আহিছে এক সুখবৰ। নিউয়র্ক চুটি এনিমেছন মহোৎসৱত বিশিষ্ট লেখক, আন্তর্জাতিক সন্মানপ্রাপ্ত পৰিচালক, শীর্ষ আই পি এছ বিষয়া ড° পাৰ্থসাৰথি মহন্তই পৰিচালনা কৰা 'ছিমি' ছবিখনে শ্রেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। 


এনিমেটেড চুটি ছবিৰ বাবে শ্রেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িওৱা বিশিষ্ট পৰিচালক ড° পাৰ্থসাৰথি মহন্তই এই স্বীকৃতি সন্দৰ্ভত নিজৰ অনুভৱ ব্যক্ত কৰি কয়- 'এনিমেছনে ভাষা আৰু ভূগোলৰ সীমা অতিক্ৰম কৰি গল্পসমূহক বহুদূৰলৈ লৈ যাব পাৰে। 'ছিমি'-ক নিউয়র্ক শ্বর্ট এনিমেছন ফেষ্টিভেলৰ দৰে এক আন্তর্জাতিক মঞ্চত স্বীকৃতি দিয়া বুলি জানিব পাৰি মই গৌৰৱ অনুভৱ কৰিছোঁ।' তেওঁ লগতে কয়-'এই স্বীকৃতিয়ে এইটোও সোঁৱৰাই দিয়ে যে নিজৰ সংস্কৃতি আৰু অভিজ্ঞতাৰ পৰা উদ্ভৱ হোৱা গল্পসমূহে বিশ্বজুৰি দৰ্শকৰ সৈতে সুৰ মিলাব পাৰে।' 


নিউয়র্ক চুটি এনিমেছন মহোৎসৱত 'ছিমি'-ৰ এই স্বীকৃতিয়ে আন্তর্জাতিক এনিমেছন মঞ্চত ভাৰতীয় আৰু অসমীয়া গল্প কথনৰ সমাদৰ ক্ৰমাৎ বৃদ্ধি পাই অহাৰ কথাও প্রতিফলিত কৰিছে। এই স্বীকৃতিয়ে এনিমেটেড ছবিখনৰ পৰিচালনা আৰু এনিমেছনৰ মাধ্যমেৰে এক শক্তিশালী কাহিনী প্রকাশ কৰিব পৰাৰ দক্ষতাক স্বীকৃতি দিছে। 


উল্লেখযোগ্য যে নিউয়র্ক চুটি এনিমেছন মহোৎসৱত এনিমেছন শিল্পৰ সৃজনশীলতা, মৌলিকতা আৰু দক্ষতাৰ দিশ উদযাপন কৰা হয় আৰু বিশ্বৰ এনিমেটৰসকলৰ উদ্ভাৱনীমূলক কৰ্মৰাজিক এখন মঞ্চত উপস্থাপন কৰে। এই মহোৎসৱে অসাধাৰণ এনিমেটেড গল্প কথন শৈলীক স্বীকৃতি দিয়ে আৰু উদীয়মান তথা প্রতিষ্ঠিত চলচ্চিত্র নির্মাতাসকলক আন্তর্জাতিক মঞ্চ প্ৰদান কৰি আহিছে। 


নিউয়র্ক চুটি এনিমেটেড মহোৎসৱত নির্বাচিত ছবিসমূহে মেক্সিকোত প্ৰদৰ্শনৰ সুযোগ লাভ কৰিব। ইয়াৰ জৰিয়তে চলচ্চিত্র নির্মাতাসকলে অধিক আন্তর্জাতিক প্ৰচাৰ লাভ কৰিব আৰু নিউয়ৰ্কৰ বাহিৰেও বিশ্বৰ দৰ্শকৰ সন্মুখত নিজৰ সৃষ্টিক প্ৰদৰ্শনৰ সুযোগ পাব। নিউয়র্ক চুটি এনিমেছন ফেষ্টিভেল এক প্রাণৱন্ত মঞ্চ আৰু এই মঞ্চত এনিমেটৰসকলে নিজৰ গল্পসমূহ উপস্থাপন কৰে। আন্তর্জাতিক এই মহোৎসৱে সৃষ্টিশীল কণ্ঠসমূহক বিশ্বৰ বৈচিত্র্যময় দৰ্শকৰ কাষলৈ নিয়াৰ পথ মুকলি কৰে। এই সন্মানৰ জৰিয়তে ছবিখনে আন্তর্জাতিকভাৱে স্বীকৃতিপ্রাপ্ত এনিমেটেড কৰ্মৰ তালিকাত অন্তর্ভুক্তি লাভ কৰিলে।



উৎসঃ দৈনিক জনমভূমি 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ