--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • শীর্ষ আই পি এছ বিষয়া ড° পাৰ্থসাৰথি মহন্তই পৰিচালনা কৰা 'ছিমি' ছবিখনে শ্রেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।

ডিজিটেল ডেস্কঃ ভাৰতীয় 'এনিমেশ্যন' ছবিৰ বাবে আহিছে এক সুখবৰ। নিউয়র্ক চুটি এনিমেছন মহোৎসৱত বিশিষ্ট লেখক, আন্তর্জাতিক সন্মানপ্রাপ্ত পৰিচালক, শীর্ষ আই পি এছ বিষয়া ড° পাৰ্থসাৰথি মহন্তই পৰিচালনা কৰা 'ছিমি' ছবিখনে শ্রেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। 


এনিমেটেড চুটি ছবিৰ বাবে শ্রেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িওৱা বিশিষ্ট পৰিচালক ড° পাৰ্থসাৰথি মহন্তই এই স্বীকৃতি সন্দৰ্ভত নিজৰ অনুভৱ ব্যক্ত কৰি কয়- 'এনিমেছনে ভাষা আৰু ভূগোলৰ সীমা অতিক্ৰম কৰি গল্পসমূহক বহুদূৰলৈ লৈ যাব পাৰে। 'ছিমি'-ক নিউয়র্ক শ্বর্ট এনিমেছন ফেষ্টিভেলৰ দৰে এক আন্তর্জাতিক মঞ্চত স্বীকৃতি দিয়া বুলি জানিব পাৰি মই গৌৰৱ অনুভৱ কৰিছোঁ।' তেওঁ লগতে কয়-'এই স্বীকৃতিয়ে এইটোও সোঁৱৰাই দিয়ে যে নিজৰ সংস্কৃতি আৰু অভিজ্ঞতাৰ পৰা উদ্ভৱ হোৱা গল্পসমূহে বিশ্বজুৰি দৰ্শকৰ সৈতে সুৰ মিলাব পাৰে।' 


নিউয়র্ক চুটি এনিমেছন মহোৎসৱত 'ছিমি'-ৰ এই স্বীকৃতিয়ে আন্তর্জাতিক এনিমেছন মঞ্চত ভাৰতীয় আৰু অসমীয়া গল্প কথনৰ সমাদৰ ক্ৰমাৎ বৃদ্ধি পাই অহাৰ কথাও প্রতিফলিত কৰিছে। এই স্বীকৃতিয়ে এনিমেটেড ছবিখনৰ পৰিচালনা আৰু এনিমেছনৰ মাধ্যমেৰে এক শক্তিশালী কাহিনী প্রকাশ কৰিব পৰাৰ দক্ষতাক স্বীকৃতি দিছে। 


উল্লেখযোগ্য যে নিউয়র্ক চুটি এনিমেছন মহোৎসৱত এনিমেছন শিল্পৰ সৃজনশীলতা, মৌলিকতা আৰু দক্ষতাৰ দিশ উদযাপন কৰা হয় আৰু বিশ্বৰ এনিমেটৰসকলৰ উদ্ভাৱনীমূলক কৰ্মৰাজিক এখন মঞ্চত উপস্থাপন কৰে। এই মহোৎসৱে অসাধাৰণ এনিমেটেড গল্প কথন শৈলীক স্বীকৃতি দিয়ে আৰু উদীয়মান তথা প্রতিষ্ঠিত চলচ্চিত্র নির্মাতাসকলক আন্তর্জাতিক মঞ্চ প্ৰদান কৰি আহিছে। 


নিউয়র্ক চুটি এনিমেটেড মহোৎসৱত নির্বাচিত ছবিসমূহে মেক্সিকোত প্ৰদৰ্শনৰ সুযোগ লাভ কৰিব। ইয়াৰ জৰিয়তে চলচ্চিত্র নির্মাতাসকলে অধিক আন্তর্জাতিক প্ৰচাৰ লাভ কৰিব আৰু নিউয়ৰ্কৰ বাহিৰেও বিশ্বৰ দৰ্শকৰ সন্মুখত নিজৰ সৃষ্টিক প্ৰদৰ্শনৰ সুযোগ পাব। নিউয়র্ক চুটি এনিমেছন ফেষ্টিভেল এক প্রাণৱন্ত মঞ্চ আৰু এই মঞ্চত এনিমেটৰসকলে নিজৰ গল্পসমূহ উপস্থাপন কৰে। আন্তর্জাতিক এই মহোৎসৱে সৃষ্টিশীল কণ্ঠসমূহক বিশ্বৰ বৈচিত্র্যময় দৰ্শকৰ কাষলৈ নিয়াৰ পথ মুকলি কৰে। এই সন্মানৰ জৰিয়তে ছবিখনে আন্তর্জাতিকভাৱে স্বীকৃতিপ্রাপ্ত এনিমেটেড কৰ্মৰ তালিকাত অন্তর্ভুক্তি লাভ কৰিলে।



উৎসঃ দৈনিক জনমভূমি 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু