--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বুধবাৰে সন্ধিয়া ৫-৪০ বজাত ভাৰতীয় মহাকাশ গবেষণা সংস্থা (ইছৰ') আৰু মার্কিন মহাকাশ সংস্থা নাছাৰ সহযোগত ১
  • ৩ বিলিয়ন ডলাৰ মূল্যৰ ছেটেলাইটটো কঢ়িয়াই নিয়া জি এছ এল ভি-এফ ১৬ ৰকেটটোক উৎক্ষেপণ কৰা হয়।

ডিজিটেল ডেস্কঃ বিশ্বৰ আটাইতকৈ ব্যয়বহুল আর্থ ইমেজিং ছেটেলাইট নিছাৰ (নাছা-ইছৰ' ছিন্থেটিক এপাচাৰ ৰাডাৰ ছেটেলাইট) বুধবাৰে অন্ধ্র প্রদেশৰ শ্রীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰা হয় আৰু এই উপগ্ৰহটো কক্ষপথত সফলতাৰে সংযুক্ত কৰা হৈছে।


বুধবাৰে সন্ধিয়া ৫-৪০ বজাত ভাৰতীয় মহাকাশ গবেষণা সংস্থা (ইছৰ') আৰু মার্কিন মহাকাশ সংস্থা নাছাৰ সহযোগত ১.৩ বিলিয়ন ডলাৰ মূল্যৰ ছেটেলাইটটো কঢ়িয়াই নিয়া জি এছ এল ভি-এফ ১৬ ৰকেটটোক উৎক্ষেপণ কৰা হয়।


এয়া হৈছে দুয়োটা মহাকাশ সংস্থাৰ প্ৰথমটো সহযোগিতামূলক কার্য। ইছৰ'ৰ অধ্যক্ষ ড° ভি নাৰায়ণনে উৎক্ষেপণৰ পাছত সাংবাদিকক কয় যে এই উৎক্ষেপণ, ছেটেলাইট প্রযুক্তিত নেতৃত্বৰ ভূমিকা গ্ৰহণৰ ক্ষেত্ৰত ভাৰতৰ এক বৃহৎ পদক্ষেপ।


তেওঁ এইদৰে কয়, '১৯৭৫ চনত ভাৰতৰ প্ৰথম কৃত্রিম উপগ্রহ আর্যভট্ট প্ৰেৰণ কৰোতে দেশে ছেটেলাইট প্ৰযুক্তিৰ বাবে অন্য দেশৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল, আমি বর্তমান পর্যায়ক্রমে এটা নেতৃত্বৰ ভূমিকা গ্রহণ কৰিছোঁ...।' প্রায় এটা দশক ধৰি নিৰ্মাণ কৰা এই ছেটেলাইটোৰ অভিযান জীৱন ৫ বছৰ হোৱাৰ সম্ভাৱনা আছে।


ই প্রত্যেক ৯৭মিনিটত এবাৰকৈ পৃথিৱীৰ কক্ষপথত প্রদক্ষিণ কৰিব আৰু পৃথিৱীৰ ভূ-পৃষ্ঠৰ আলোকচিত্ৰ আৰু সমুদ্র পৃষ্ঠৰ কিছু অংশৰ ছবি প্রত্যেক ১২ দিনৰ মূৰে মূৰে প্ৰেৰণ কৰিব। এই অনন্য ছেটেলাইটোৱে প্রাকৃতিক দুর্যোগৰ পূর্বানুমান কৰা আৰু সতর্কবাণীৰে জীৱৰ প্ৰাণ ৰক্ষা কৰি যুগান্তকাৰী পৰিৱৰ্তন সাধন কৰিব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু