--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বুধবাৰে সন্ধিয়া ৫-৪০ বজাত ভাৰতীয় মহাকাশ গবেষণা সংস্থা (ইছৰ') আৰু মার্কিন মহাকাশ সংস্থা নাছাৰ সহযোগত ১
  • ৩ বিলিয়ন ডলাৰ মূল্যৰ ছেটেলাইটটো কঢ়িয়াই নিয়া জি এছ এল ভি-এফ ১৬ ৰকেটটোক উৎক্ষেপণ কৰা হয়।

ডিজিটেল ডেস্কঃ বিশ্বৰ আটাইতকৈ ব্যয়বহুল আর্থ ইমেজিং ছেটেলাইট নিছাৰ (নাছা-ইছৰ' ছিন্থেটিক এপাচাৰ ৰাডাৰ ছেটেলাইট) বুধবাৰে অন্ধ্র প্রদেশৰ শ্রীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰা হয় আৰু এই উপগ্ৰহটো কক্ষপথত সফলতাৰে সংযুক্ত কৰা হৈছে।


বুধবাৰে সন্ধিয়া ৫-৪০ বজাত ভাৰতীয় মহাকাশ গবেষণা সংস্থা (ইছৰ') আৰু মার্কিন মহাকাশ সংস্থা নাছাৰ সহযোগত ১.৩ বিলিয়ন ডলাৰ মূল্যৰ ছেটেলাইটটো কঢ়িয়াই নিয়া জি এছ এল ভি-এফ ১৬ ৰকেটটোক উৎক্ষেপণ কৰা হয়।


এয়া হৈছে দুয়োটা মহাকাশ সংস্থাৰ প্ৰথমটো সহযোগিতামূলক কার্য। ইছৰ'ৰ অধ্যক্ষ ড° ভি নাৰায়ণনে উৎক্ষেপণৰ পাছত সাংবাদিকক কয় যে এই উৎক্ষেপণ, ছেটেলাইট প্রযুক্তিত নেতৃত্বৰ ভূমিকা গ্ৰহণৰ ক্ষেত্ৰত ভাৰতৰ এক বৃহৎ পদক্ষেপ।


তেওঁ এইদৰে কয়, '১৯৭৫ চনত ভাৰতৰ প্ৰথম কৃত্রিম উপগ্রহ আর্যভট্ট প্ৰেৰণ কৰোতে দেশে ছেটেলাইট প্ৰযুক্তিৰ বাবে অন্য দেশৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল, আমি বর্তমান পর্যায়ক্রমে এটা নেতৃত্বৰ ভূমিকা গ্রহণ কৰিছোঁ...।' প্রায় এটা দশক ধৰি নিৰ্মাণ কৰা এই ছেটেলাইটোৰ অভিযান জীৱন ৫ বছৰ হোৱাৰ সম্ভাৱনা আছে।


ই প্রত্যেক ৯৭মিনিটত এবাৰকৈ পৃথিৱীৰ কক্ষপথত প্রদক্ষিণ কৰিব আৰু পৃথিৱীৰ ভূ-পৃষ্ঠৰ আলোকচিত্ৰ আৰু সমুদ্র পৃষ্ঠৰ কিছু অংশৰ ছবি প্রত্যেক ১২ দিনৰ মূৰে মূৰে প্ৰেৰণ কৰিব। এই অনন্য ছেটেলাইটোৱে প্রাকৃতিক দুর্যোগৰ পূর্বানুমান কৰা আৰু সতর্কবাণীৰে জীৱৰ প্ৰাণ ৰক্ষা কৰি যুগান্তকাৰী পৰিৱৰ্তন সাধন কৰিব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ