--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এজন জ্যেষ্ঠ চৰকাৰী বিষয়াই এই কথা সদৰী কৰিছে। সোমবাৰে কাশ্মীৰ উপত্যকাত সন্ত্রাসবাদীকেইটাক গুলীয়াই হত্যা কৰা হয়।

ডিজিটেল ডেস্কঃ পহলগাম সন্ত্রাসবাদী আক্রমণত জড়িত ৩টা পাকিস্তানী সন্ত্রাসবাদীয়ে সীমান্তৰ সিপাৰে থকা সহযোগী আৰু অভিযান চলোৱাত কথা-বার্তা পাতিবলৈ 'অধিক উচ্চ ফ্ৰিকুৱেন্সিৰ ৱায়াৰলেছ ছেট' ব্যৱহাৰ কৰিছিল।


এজন জ্যেষ্ঠ চৰকাৰী বিষয়াই এই কথা সদৰী কৰিছে। সোমবাৰে কাশ্মীৰ উপত্যকাত সন্ত্রাসবাদীকেইটাক গুলীয়াই হত্যা কৰা হয়। তিনিওটা পাকিস্তানী সন্ত্রাসবাদীয়ে ৩ বছৰ পূৰ্বেই পাকিস্তানৰ পৰা আহি ভাৰতত প্ৰৱেশ কৰিছিল। যোৱা বছৰ সন্ত্রাসবাদীকেইটা দুটা দলত বিভক্ত হৈছিল। এটা দলক ছুলেমানে নেতৃত্ব দিয়াৰ বিপৰীতে আনটোক মুছা নামৰ সন্ত্রাসবাদীটোৱে নেতৃত্ব দিছিল।


বিষয়াজনে লগতে কয় যে নতুনকৈ অনুপ্ৰৱেশ কৰি ভাৰতলৈ অহা এল ইটি কেডাৰে যোৱা বৰ্ষত ছুলেমানৰ দলত যোগ দি কাশ্মীৰ উপত্যকাত ঘাটি স্থাপন কৰিছিল। ২০২৪ বৰ্ষৰ ২০ অক্টোবৰত চেন্ট্রেল কাশ্মীৰৰ গাণ্ডেৰবাল জিলাৰ গগনগীৰৰ এটা নির্মাণস্থলীত চলা আক্রমণতো ছুলেমান জড়িত হৈ আছিল। ২০২১ বৰ্ষৰ পৰা পাকিস্তানৰ পৰা অবৈধভাবে প্রায় ২০০-২৫০টা উগ্রপন্থীয়ে জম্মু-কাশ্মীৰত প্ৰৱেশ কৰা বুলি সূত্ৰসমূহে সম্ভাৱনা ব্যক্ত কৰিছে। এটা সন্ত্রাসবাদী দল সম্প্রতি জম্মু অঞ্চলত সক্রিয় হৈ আছে। যি যোৱা দুটা দশক ধৰি কোনো গুৰুতৰ সন্ত্রাস কাণ্ড সংঘটিত কৰাৰ পৰা বিৰত আছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু