--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • অসম বিধানসভাৰ প্ৰতিনিধি দলটোত বিধায়ক মৃণাল শইকীয়া,ৰেকিবুদ্দিন আহমেদৰ লগতে ৰামকৃষ্ণ ঘোষ,এআইইউডিএফৰ মজিবৰ ৰহমান প্ৰমুখ্যে অসম পৰ্যটন বিভাগৰ চাইমিন মান্নান,বিটিচিৰ পৰ্যটন বিভাগৰ চিএইচ ডি জয়ন্ত শৰ্মা আদিও উপস্থিত থাকে ৷

ডিজিটেল ডেস্কঃ বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত অসম বিধানসভাৰ প্ৰতিনিধি মানাহৰ হোম ষ্টে' পৰ্যবেক্ষণৰ বাবে আহিছে প্ৰতিনিধি দলটো ৷ 


বিজেপিৰ বিধায়ক মৃণাল শইকীয়াৰ নেতৃত্বত অহা অসম বিধানসভাৰ প্ৰতিনিধি দলটোৱে মানাহত পৰ্যটনৰ বিকাশ কেনেকুৱা হৈছে আৰু কেনেকুৱা হ’ব তাকে চাবলৈ অহা বুলি জানিবলৈ দি বিধায়ক মৃণাল শইকীয়াই কয়, মানাহ আমাৰ নিউক্লিয়াচ৷ মানাহক নিউক্লিয়াচ হিচাপে লৈ কেনেকৈ গ্ৰাম্য পৰ্যটনৰ বিকাশ কৰিব পৰা যায় সেয়া চোৱা হ’ব ৷ 


প্ৰতিনিধি দলটোত থকা বিধায়ক ৰেকিবুদ্দিন আহমেদেও মানাহৰ কাষৰীয়া গাঁওত পৰ্যটনৰ বিকাশ কি ধৰণে হৈছে তাকে চাবলৈ অহা বুলি মন্তব্য কৰি এই ক্ষেত্ৰত মানাহত পৰ্যটনৰ ক্ষেত্ৰখনক আগুৱাই নিবৰ বাবে অসম চৰকাৰক আহ্বান জনাব বুলিও সদৰি কৰে ৷ 


উল্লেখ্য যে অসম বিধানসভাৰ প্ৰতিনিধি দলটোত বিধায়ক মৃণাল শইকীয়া,ৰেকিবুদ্দিন আহমেদৰ লগতে ৰামকৃষ্ণ ঘোষ,এআইইউডিএফৰ মজিবৰ ৰহমান প্ৰমুখ্যে অসম পৰ্যটন বিভাগৰ চাইমিন মান্নান,বিটিচিৰ পৰ্যটন বিভাগৰ চিএইচ ডি জয়ন্ত শৰ্মা আদিও উপস্থিত থাকে ৷ অসম বিধানসভাৰ প্ৰতিনিধি দলটোক বাগুৰুম্বা নৃত্যৰে আদৰণি জনায় স্থানীয় শিল্পী সমাজে ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ