--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • জোৰশিমুলীৰ শ্বেহেজুল হুছেইন শইকীয়াৰ ঘৰৰ খৰি ৰখা ঘৰৰ তুঁহৰ পৰা উদ্ধাৰ হৈছে ৩০ লক্ষাধিক টকাৰ সোণৰ গহনাৰ লগতে নগদ ৫ লাখ ৯০ হাজাৰ টকা।

ডিজিটেল ডেস্ক: দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ জোৰশিমুলীত আৰক্ষীৰ বৃহৎ অভিযান। অভিযানত জব্দ হৈছে বৃহৎ পৰিমাণৰ হীৰা আৰু সোণৰ গহনা। জোৰশিমুলী আৰু ছয়গাঁও আৰক্ষীয়ে পুৱতি নিশা গোপন তথ্যৰ ভিত্তিত চলাইছিল অভিযান।


জোৰশিমুলীৰ শ্বেহেজুল হুছেইন শইকীয়াৰ ঘৰৰ খৰি ৰখা ঘৰৰ তুঁহৰ পৰা উদ্ধাৰ হৈছে ৩০ লক্ষাধিক টকাৰ সোণৰ গহনাৰ লগতে নগদ ৫ লাখ ৯০ হাজাৰ টকা।


ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জয়ন্ত কাকতি আৰু জোৰশিমুলী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অঞ্জন শৰ্মা আৰু সহযোগীয়ে যৌথভাৱে চলাইছিল অভিযান ।


ইতিমধ্যে ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত শ্বেহেজুল হুছেইন শইকীয়াক আটক কৰিবলৈ সক্ষম হৈছে। এই ঘটনাত আন কেইবাজন লোক জড়িত থকা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।


তদন্তৰ খাতিৰত সাংবাদিকৰ আগত মুখ খোলা নাই আৰক্ষীয়ে। আৰক্ষীৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে উদ্ঘাটন হ'ব এই ঘটনাৰ প্ৰকৃত ৰহস্য।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ