--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • জোৰশিমুলীৰ শ্বেহেজুল হুছেইন শইকীয়াৰ ঘৰৰ খৰি ৰখা ঘৰৰ তুঁহৰ পৰা উদ্ধাৰ হৈছে ৩০ লক্ষাধিক টকাৰ সোণৰ গহনাৰ লগতে নগদ ৫ লাখ ৯০ হাজাৰ টকা।

ডিজিটেল ডেস্ক: দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ জোৰশিমুলীত আৰক্ষীৰ বৃহৎ অভিযান। অভিযানত জব্দ হৈছে বৃহৎ পৰিমাণৰ হীৰা আৰু সোণৰ গহনা। জোৰশিমুলী আৰু ছয়গাঁও আৰক্ষীয়ে পুৱতি নিশা গোপন তথ্যৰ ভিত্তিত চলাইছিল অভিযান।


জোৰশিমুলীৰ শ্বেহেজুল হুছেইন শইকীয়াৰ ঘৰৰ খৰি ৰখা ঘৰৰ তুঁহৰ পৰা উদ্ধাৰ হৈছে ৩০ লক্ষাধিক টকাৰ সোণৰ গহনাৰ লগতে নগদ ৫ লাখ ৯০ হাজাৰ টকা।


ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জয়ন্ত কাকতি আৰু জোৰশিমুলী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অঞ্জন শৰ্মা আৰু সহযোগীয়ে যৌথভাৱে চলাইছিল অভিযান ।


ইতিমধ্যে ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত শ্বেহেজুল হুছেইন শইকীয়াক আটক কৰিবলৈ সক্ষম হৈছে। এই ঘটনাত আন কেইবাজন লোক জড়িত থকা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।


তদন্তৰ খাতিৰত সাংবাদিকৰ আগত মুখ খোলা নাই আৰক্ষীয়ে। আৰক্ষীৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে উদ্ঘাটন হ'ব এই ঘটনাৰ প্ৰকৃত ৰহস্য।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু