--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • মোদীয়ে ট্রাম্পৰ বক্তব্যৰ প্রশংসা কৰে আৰু কয় যে ট্রাম্পৰ অভিমত আৰু দ্বিপাক্ষিক সম্পৰ্কৰ মূল্যায়নৰ তেওঁ সমভাবাপন্ন।

ডিজিটেল ডেস্কঃ 'ভাৰত-আমেৰিকাৰ মাজত এক বিশেষ সম্পর্ক আছে আৰু এই বিষয়ত কোনো দুশ্চিন্তাৰ কাৰণ নাই। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে শুকুৰবাৰে 'অ'ভেল' কাৰ্যালয়ত প্ৰকাশ কৰা এই মন্তব্যৰ কেইঘণ্টামানৰ পাছতে শনিবাৰে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্রতিক্রিয়া প্রকাশ কৰে। 


মোদীয়ে ট্রাম্পৰ বক্তব্যৰ প্রশংসা কৰে আৰু কয় যে ট্রাম্পৰ অভিমত আৰু দ্বিপাক্ষিক সম্পৰ্কৰ মূল্যায়নৰ তেওঁ সমভাবাপন্ন। 


উল্লেখযোগ্য যে আমেৰিকাই ভাৰতৰ পৰা ৰপ্তানি কৰা সামগ্ৰীত প্রথমতে ২৫ শতাংশ শুল্ক আৰু তাৰ পাছত পুনৰ ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ পাছত এয়া হৈছে ট্রাম্পৰ সন্দৰ্ভত মোদীৰ প্ৰথম প্ৰত্যক্ষ বক্তব্য। আমেৰিকা আৰু ভাৰতৰ মাজত বৰ্তমান চলি থকা উত্তেজনাৰ মাজতে ট্রাম্পে শুকুৰবাৰে আমেৰিকাৰ অ'ভেল অফিচত কৈছিল, 'মই সদায়ে মোদীৰ বন্ধু হৈ থাকিম, তেওঁ এজন মহান প্রধানমন্ত্রী। তেওঁ মহান। মই সদায়ে বন্ধু হৈ থাকিম, কিন্তু এই বিশেষ সময়ত তেওঁ যি কৰিছে মই ভাল পোৱা নাই।' তেওঁ আৰু কয়, 'ভাৰত আৰু আমেৰিকাৰ এক বিশেষ সম্পর্ক আছে। কোনো দুশ্চিন্তাৰ কাৰণ নাই। ভাল সময়ৰ মাজে মাজে দুই-এটা বেয়া ক্ষণ আহেই।' 


উল্লেখযোগ্য যে শুকুৰবাৰে ট্রাম্পে ট্রুথ ছচিয়েলৰ প'ষ্টত কৈছিল, 'এনে লাগিছে যেন আমি আটাইতকৈ গভীৰ অন্ধকাৰ চীনৰ হাতত ভাৰত আৰু ৰাছিয়াক হেৰুৱালোঁ।' ইফালে কালি ট্রাম্পে ভাৰতৰ সৈতে সম্পৰ্কৰ বিষয়ে কৰা মন্তব্যৰ পাছত প্রধানমন্ত্রী মোদীয়ে সামাজিক মাধ্যমত প্রতিক্রিয়া প্রকাশ কৰে। তেওঁ কয়, 'ট্রাম্পৰ অভিমত আৰু আমাৰ সম্পৰ্কৰ ইতিবাচক মূল্যায়নক অতি প্রশংসা কৰিছোঁ আৰু সম্পূর্ণ সমভাব প্রকাশ কৰিছোঁ।' তেওঁ আৰু কয়, 'ভাৰত আৰু আমেৰিকাৰ মাজত এক অতি ইতিবাচক আৰু ভৱিষ্যমুখী সর্বাংগীণ আৰু আন্তঃৰাষ্ট্ৰীয় কৌশলগত সহযোগিতা আছে।'


উৎস দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু