--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • মোদীয়ে ট্রাম্পৰ বক্তব্যৰ প্রশংসা কৰে আৰু কয় যে ট্রাম্পৰ অভিমত আৰু দ্বিপাক্ষিক সম্পৰ্কৰ মূল্যায়নৰ তেওঁ সমভাবাপন্ন।

ডিজিটেল ডেস্কঃ 'ভাৰত-আমেৰিকাৰ মাজত এক বিশেষ সম্পর্ক আছে আৰু এই বিষয়ত কোনো দুশ্চিন্তাৰ কাৰণ নাই। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে শুকুৰবাৰে 'অ'ভেল' কাৰ্যালয়ত প্ৰকাশ কৰা এই মন্তব্যৰ কেইঘণ্টামানৰ পাছতে শনিবাৰে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্রতিক্রিয়া প্রকাশ কৰে। 


মোদীয়ে ট্রাম্পৰ বক্তব্যৰ প্রশংসা কৰে আৰু কয় যে ট্রাম্পৰ অভিমত আৰু দ্বিপাক্ষিক সম্পৰ্কৰ মূল্যায়নৰ তেওঁ সমভাবাপন্ন। 


উল্লেখযোগ্য যে আমেৰিকাই ভাৰতৰ পৰা ৰপ্তানি কৰা সামগ্ৰীত প্রথমতে ২৫ শতাংশ শুল্ক আৰু তাৰ পাছত পুনৰ ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ পাছত এয়া হৈছে ট্রাম্পৰ সন্দৰ্ভত মোদীৰ প্ৰথম প্ৰত্যক্ষ বক্তব্য। আমেৰিকা আৰু ভাৰতৰ মাজত বৰ্তমান চলি থকা উত্তেজনাৰ মাজতে ট্রাম্পে শুকুৰবাৰে আমেৰিকাৰ অ'ভেল অফিচত কৈছিল, 'মই সদায়ে মোদীৰ বন্ধু হৈ থাকিম, তেওঁ এজন মহান প্রধানমন্ত্রী। তেওঁ মহান। মই সদায়ে বন্ধু হৈ থাকিম, কিন্তু এই বিশেষ সময়ত তেওঁ যি কৰিছে মই ভাল পোৱা নাই।' তেওঁ আৰু কয়, 'ভাৰত আৰু আমেৰিকাৰ এক বিশেষ সম্পর্ক আছে। কোনো দুশ্চিন্তাৰ কাৰণ নাই। ভাল সময়ৰ মাজে মাজে দুই-এটা বেয়া ক্ষণ আহেই।' 


উল্লেখযোগ্য যে শুকুৰবাৰে ট্রাম্পে ট্রুথ ছচিয়েলৰ প'ষ্টত কৈছিল, 'এনে লাগিছে যেন আমি আটাইতকৈ গভীৰ অন্ধকাৰ চীনৰ হাতত ভাৰত আৰু ৰাছিয়াক হেৰুৱালোঁ।' ইফালে কালি ট্রাম্পে ভাৰতৰ সৈতে সম্পৰ্কৰ বিষয়ে কৰা মন্তব্যৰ পাছত প্রধানমন্ত্রী মোদীয়ে সামাজিক মাধ্যমত প্রতিক্রিয়া প্রকাশ কৰে। তেওঁ কয়, 'ট্রাম্পৰ অভিমত আৰু আমাৰ সম্পৰ্কৰ ইতিবাচক মূল্যায়নক অতি প্রশংসা কৰিছোঁ আৰু সম্পূর্ণ সমভাব প্রকাশ কৰিছোঁ।' তেওঁ আৰু কয়, 'ভাৰত আৰু আমেৰিকাৰ মাজত এক অতি ইতিবাচক আৰু ভৱিষ্যমুখী সর্বাংগীণ আৰু আন্তঃৰাষ্ট্ৰীয় কৌশলগত সহযোগিতা আছে।'


উৎস দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ