--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰত-পাকিস্তানকে ধৰি বিশ্বৰ কেইবাখনো যুদ্ধ বন্ধ কৰা বুলি ট্রাম্পে দাবী কৰি থকা তথা ৰাছিয়া-ইউক্রেইনৰ যুদ্ধৰ অৱসান ঘটাই শান্তি চুক্তিৰ চেষ্টা কৰি থকাৰ মাজতে ইংগিত পোৱা গৈছে যুদ্ধৰ প্ৰতি ট্রাম্পৰ প্ৰেম।

ডিজিটেল ডেস্কঃ বিশ্বত যুদ্ধ বন্ধ কৰি শান্তি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত নিজকে অগ্রদূতৰূপে প্রতিষ্ঠা কৰা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ চেষ্টাৰ মাজতে প্রকাশ পাইছে ট্রাম্পৰ মনৰ ভিতৰত গোপনে লুকাই থকা যুদ্ধ-প্রীতি। 


ভাৰত-পাকিস্তানকে ধৰি বিশ্বৰ কেইবাখনো যুদ্ধ বন্ধ কৰা বুলি ট্রাম্পে দাবী কৰি থকা তথা ৰাছিয়া-ইউক্রেইনৰ যুদ্ধৰ অৱসান ঘটাই শান্তি চুক্তিৰ চেষ্টা কৰি থকাৰ মাজতে ইংগিত পোৱা গৈছে যুদ্ধৰ প্ৰতি ট্রাম্পৰ প্ৰেম। 


দ্বিতীয় বিশ্ব যুদ্ধৰ পৰাই থকা আমেৰিকাৰ 'প্ৰতিৰক্ষা দপ্তৰ'ৰ (ডিপার্টমেন্ট অব ডিফেন্স) নাম সলনি কৰি পুনৰ 'যুদ্ধ দপ্তৰ' (ডিপার্টমেন্ট অব্‌ ৱাৰ) কৰিবলৈ ট্রাম্পে শুকুৰবাৰে এক বিশেষাধিকাৰক নির্দেশত (এগজিকিউটিভ অৰ্ডাৰ) স্বাক্ষৰ কৰে। 


যুদ্ধ বা সংঘাত বাধা দিয়াত আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ ভূমিকাত বিষয়ববীয়াসকলে গুৰুত্ব দিয়াৰ সময়তে ট্রাম্পৰ এই নির্দেশ মন কৰিবলগীয়া। উল্লেখযোগ্য যে আমেৰিকাই দ্বিতীয় বিশ্ব যুদ্ধৰ পাছৰে পৰা ৭০ বছৰতকৈ অধিক কাল এই নামটো 'যুদ্ধ দপ্তৰ' ব্যৱহাৰ কৰা নাছিল। ট্রাম্পে কয় যে 'বিজয়ৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ' এই পদক্ষেপ লোৱা হৈছে। তেওঁ কয় যে পেন্টাগনৰ (প্ৰতিৰক্ষা দপ্তৰ) বৰ্তমান নামটো হৈছে 'অতি সামাজিক আৰু বৰ্ণবাদী অন্যায়ৰ বিৰুদ্ধে সজাগ সূচোৱা' আৰু ই শক্তি বুজোৱাত ব্যর্থ। তেওঁ আৰু কয় যে বৰ্তমান পৃথিৱীৰ যি পৰিস্থিতি তাত পুৰণা (যুদ্ধ দপ্তৰ) নামটো 'অধিক খাপ খোৱা।' ট্রাম্পে স্বাক্ষৰ কৰা নির্দেশে বিভাগটোক এই নামটো 'আনুষংগিক নাম' ৰূপে ব্যৱহাৰ কৰাৰ অনুমতি দিব। 


আনুষ্ঠানিকভাৱে পুনৰ নামকৰণৰ বাবে সংসদৰ অনুমোদনৰ প্ৰয়োজন হ'ব। উল্লেখযোগ্য যে এই নির্দেশত ট্রাম্পে স্বাক্ষৰ কৰাৰ পাছতে ভার্জিনিয়াৰ আর্লিংটনত থকা বিভাগটোৰ পঞ্চভুজীয়া কাৰ্যালয়ৰ ভিতৰত থকা নামৰো সলনি হৈছে। প্ৰতিৰক্ষা সচিব পীট হেগছেথৰ কক্ষৰ দুৱাৰত লিখা হৈছে 'যুদ্ধৰ সচিব' আৰু তেওঁৰ পাছৰ শীৰ্ষতম বিষয়া ষ্টীভ ফেইনবাৰ্গৰ পদবীৰ নাম দিয়া হৈছে 'যুদ্ধৰ উপ-সচিব।' সংবাদ মাধ্যমৰ বাতৰি মতে পেন্টাগনৰ ৱেবছাইটৰ নামো 'ডিফেন্স ডট গভ'ৰ পৰা 'বাৰ ডট গভ' কৰা হৈছে।


উৎস: দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ