--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰত-পাকিস্তানকে ধৰি বিশ্বৰ কেইবাখনো যুদ্ধ বন্ধ কৰা বুলি ট্রাম্পে দাবী কৰি থকা তথা ৰাছিয়া-ইউক্রেইনৰ যুদ্ধৰ অৱসান ঘটাই শান্তি চুক্তিৰ চেষ্টা কৰি থকাৰ মাজতে ইংগিত পোৱা গৈছে যুদ্ধৰ প্ৰতি ট্রাম্পৰ প্ৰেম।

ডিজিটেল ডেস্কঃ বিশ্বত যুদ্ধ বন্ধ কৰি শান্তি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত নিজকে অগ্রদূতৰূপে প্রতিষ্ঠা কৰা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ চেষ্টাৰ মাজতে প্রকাশ পাইছে ট্রাম্পৰ মনৰ ভিতৰত গোপনে লুকাই থকা যুদ্ধ-প্রীতি। 


ভাৰত-পাকিস্তানকে ধৰি বিশ্বৰ কেইবাখনো যুদ্ধ বন্ধ কৰা বুলি ট্রাম্পে দাবী কৰি থকা তথা ৰাছিয়া-ইউক্রেইনৰ যুদ্ধৰ অৱসান ঘটাই শান্তি চুক্তিৰ চেষ্টা কৰি থকাৰ মাজতে ইংগিত পোৱা গৈছে যুদ্ধৰ প্ৰতি ট্রাম্পৰ প্ৰেম। 


দ্বিতীয় বিশ্ব যুদ্ধৰ পৰাই থকা আমেৰিকাৰ 'প্ৰতিৰক্ষা দপ্তৰ'ৰ (ডিপার্টমেন্ট অব ডিফেন্স) নাম সলনি কৰি পুনৰ 'যুদ্ধ দপ্তৰ' (ডিপার্টমেন্ট অব্‌ ৱাৰ) কৰিবলৈ ট্রাম্পে শুকুৰবাৰে এক বিশেষাধিকাৰক নির্দেশত (এগজিকিউটিভ অৰ্ডাৰ) স্বাক্ষৰ কৰে। 


যুদ্ধ বা সংঘাত বাধা দিয়াত আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ ভূমিকাত বিষয়ববীয়াসকলে গুৰুত্ব দিয়াৰ সময়তে ট্রাম্পৰ এই নির্দেশ মন কৰিবলগীয়া। উল্লেখযোগ্য যে আমেৰিকাই দ্বিতীয় বিশ্ব যুদ্ধৰ পাছৰে পৰা ৭০ বছৰতকৈ অধিক কাল এই নামটো 'যুদ্ধ দপ্তৰ' ব্যৱহাৰ কৰা নাছিল। ট্রাম্পে কয় যে 'বিজয়ৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ' এই পদক্ষেপ লোৱা হৈছে। তেওঁ কয় যে পেন্টাগনৰ (প্ৰতিৰক্ষা দপ্তৰ) বৰ্তমান নামটো হৈছে 'অতি সামাজিক আৰু বৰ্ণবাদী অন্যায়ৰ বিৰুদ্ধে সজাগ সূচোৱা' আৰু ই শক্তি বুজোৱাত ব্যর্থ। তেওঁ আৰু কয় যে বৰ্তমান পৃথিৱীৰ যি পৰিস্থিতি তাত পুৰণা (যুদ্ধ দপ্তৰ) নামটো 'অধিক খাপ খোৱা।' ট্রাম্পে স্বাক্ষৰ কৰা নির্দেশে বিভাগটোক এই নামটো 'আনুষংগিক নাম' ৰূপে ব্যৱহাৰ কৰাৰ অনুমতি দিব। 


আনুষ্ঠানিকভাৱে পুনৰ নামকৰণৰ বাবে সংসদৰ অনুমোদনৰ প্ৰয়োজন হ'ব। উল্লেখযোগ্য যে এই নির্দেশত ট্রাম্পে স্বাক্ষৰ কৰাৰ পাছতে ভার্জিনিয়াৰ আর্লিংটনত থকা বিভাগটোৰ পঞ্চভুজীয়া কাৰ্যালয়ৰ ভিতৰত থকা নামৰো সলনি হৈছে। প্ৰতিৰক্ষা সচিব পীট হেগছেথৰ কক্ষৰ দুৱাৰত লিখা হৈছে 'যুদ্ধৰ সচিব' আৰু তেওঁৰ পাছৰ শীৰ্ষতম বিষয়া ষ্টীভ ফেইনবাৰ্গৰ পদবীৰ নাম দিয়া হৈছে 'যুদ্ধৰ উপ-সচিব।' সংবাদ মাধ্যমৰ বাতৰি মতে পেন্টাগনৰ ৱেবছাইটৰ নামো 'ডিফেন্স ডট গভ'ৰ পৰা 'বাৰ ডট গভ' কৰা হৈছে।


উৎস: দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু