--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • আজি পুৱা প্ৰায় ৯ বজাত সিখিয়ো জিলাত ৰে’লপথৰ সমীপতে নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰা এখন ক্ৰেন বাগৰি পৰে ৰে’লখনৰ ওপৰত। তাৰপিছত লাইনচ্যুত হৈ দুৰ্ঘটনাত পতিত হয় যাত্ৰীবাহী ৰে’লখন।

ডিজিটেল ডেস্ক : থাইলেণ্ডত সংঘটিত হৈছে এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। আজি পুৱাৰ ভাগত দুৰ্ঘটনাত পতিত হয় এখন যাত্ৰীবাহী ৰে’ল। য’ত কমেও ২২ জন লোকৰ মৃত্যু হৈছে। জানিব পৰা মতে এখন ক্ৰেন ভাঙি ৰে’লখন লাইনচ্যুত হয়। থাইলেণ্ডৰ ৰাজধানীৰ পৰা দেশৰ উত্তৰ-পূব অংশলৈ গৈ আছিল ৰে’লখন। 


 আজি পুৱা প্ৰায় ৯ বজাত সিখিয়ো জিলাত ৰে’লপথৰ সমীপতে নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰা এখন ক্ৰেন বাগৰি পৰে ৰে’লখনৰ ওপৰত। তাৰপিছত লাইনচ্যুত হৈ দুৰ্ঘটনাত পতিত হয় যাত্ৰীবাহী ৰে’লখন। লাইনচ্যুত হোৱাৰ পিছতে ৰে’লখনত অগ্নিকাণ্ড সংঘটিত হয়। ইতিমধ্যে স্থানীয় আৰক্ষী আৰু উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযানত অব্যাহত ৰাখিছে। আৰক্ষীয়ে জনোৱা মতে, অগ্নিকাণ্ড নিয়ন্ত্ৰণ কৰি উদ্ধাৰ অভিযান অব্যাহত আছে। আনহাতে ৩০ জনতকৈ অধিক যাত্ৰী আহত হয়, বহুকেইজন লোক গাড়ীৰ ভিতৰত আবদ্ধ হৈ পৰে। 


 উল্লেখযোগ্য যে উক্ত ৰে’লখনত প্ৰায় ১৯৫গৰাকী যাত্ৰীয়ে যাত্ৰা কৰি আছিল। থাইলেণ্ড চৰকাৰে এই সমগ্ৰ দুৰ্ঘটনা সন্দৰ্ভত এক তদন্ত আৰম্ভ কৰিবলৈও নিৰ্দেশ প্ৰদান কৰিছে। ইফালে ৰে’লখনৰ ডবা কাটি উদ্ধাৰকাৰী দলে আহতসকলক উদ্ধাৰ কৰিবলগীয়া হয়। থাইলেণ্ড আৰক্ষীয়ে এক বিবৃতিযোগে ২২ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে। এই দুৰ্ঘটনাত ৭৯ জন লোক আহত হোৱাৰ বিপৰীতে আহত ৮ জনৰ অৱস্থা সংকটজনক।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু