--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • আজি পুৱা প্ৰায় ৯ বজাত সিখিয়ো জিলাত ৰে’লপথৰ সমীপতে নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰা এখন ক্ৰেন বাগৰি পৰে ৰে’লখনৰ ওপৰত। তাৰপিছত লাইনচ্যুত হৈ দুৰ্ঘটনাত পতিত হয় যাত্ৰীবাহী ৰে’লখন।

ডিজিটেল ডেস্ক : থাইলেণ্ডত সংঘটিত হৈছে এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। আজি পুৱাৰ ভাগত দুৰ্ঘটনাত পতিত হয় এখন যাত্ৰীবাহী ৰে’ল। য’ত কমেও ২২ জন লোকৰ মৃত্যু হৈছে। জানিব পৰা মতে এখন ক্ৰেন ভাঙি ৰে’লখন লাইনচ্যুত হয়। থাইলেণ্ডৰ ৰাজধানীৰ পৰা দেশৰ উত্তৰ-পূব অংশলৈ গৈ আছিল ৰে’লখন। 


 আজি পুৱা প্ৰায় ৯ বজাত সিখিয়ো জিলাত ৰে’লপথৰ সমীপতে নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰা এখন ক্ৰেন বাগৰি পৰে ৰে’লখনৰ ওপৰত। তাৰপিছত লাইনচ্যুত হৈ দুৰ্ঘটনাত পতিত হয় যাত্ৰীবাহী ৰে’লখন। লাইনচ্যুত হোৱাৰ পিছতে ৰে’লখনত অগ্নিকাণ্ড সংঘটিত হয়। ইতিমধ্যে স্থানীয় আৰক্ষী আৰু উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযানত অব্যাহত ৰাখিছে। আৰক্ষীয়ে জনোৱা মতে, অগ্নিকাণ্ড নিয়ন্ত্ৰণ কৰি উদ্ধাৰ অভিযান অব্যাহত আছে। আনহাতে ৩০ জনতকৈ অধিক যাত্ৰী আহত হয়, বহুকেইজন লোক গাড়ীৰ ভিতৰত আবদ্ধ হৈ পৰে। 


 উল্লেখযোগ্য যে উক্ত ৰে’লখনত প্ৰায় ১৯৫গৰাকী যাত্ৰীয়ে যাত্ৰা কৰি আছিল। থাইলেণ্ড চৰকাৰে এই সমগ্ৰ দুৰ্ঘটনা সন্দৰ্ভত এক তদন্ত আৰম্ভ কৰিবলৈও নিৰ্দেশ প্ৰদান কৰিছে। ইফালে ৰে’লখনৰ ডবা কাটি উদ্ধাৰকাৰী দলে আহতসকলক উদ্ধাৰ কৰিবলগীয়া হয়। থাইলেণ্ড আৰক্ষীয়ে এক বিবৃতিযোগে ২২ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে। এই দুৰ্ঘটনাত ৭৯ জন লোক আহত হোৱাৰ বিপৰীতে আহত ৮ জনৰ অৱস্থা সংকটজনক।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ