--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • ট্ৰাম্পৰ দ্বিতীয় কাৰ্যকাল গ্ৰহণ কৰাৰ পিছতেই সমগ্ৰ বিশ্বত নতুন নতুন অশান্তি আৰু যুদ্ধৰ সূচনা হোৱা দেখিবলৈ পোৱা যায় ।

ডিজিটেল ডেস্কঃ ইৰাণ যুদ্ধ আৰু গ্ৰীণলেণ্ড বিবাদৰ সমস্যাৰ অন্ত নপৰোতেই আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ কাৰ্য্যকালত নতুন অথন্তৰ। আমেৰিকাৰ ৪৭ তম ৰাষ্ট্ৰপতি হিচাপে দ্বিতীয় বাৰৰ বাবে কাৰ্যকাল গ্ৰহণ কৰা ট্ৰাম্পৰ জীৱনলৈ নামি আহিছে জ্যোতিষীয় দোষ ।


ট্ৰাম্পৰ দ্বিতীয় কাৰ্যকাল গ্ৰহণ কৰাৰ পিছতেই সমগ্ৰ বিশ্বত নতুন নতুন অশান্তি আৰু যুদ্ধৰ সূচনা হোৱা দেখিবলৈ পোৱা যায় । ২০২৬ বৰ্ষত সংঘটিত হ'বলৈ ধৰা নতুন নতুন ঘটনাৰ আধাৰত এতিয়া সকলোৰে মনত এটাই প্ৰশ্ন , "ডনাল্ড ট্ৰাম্পে তেখেতৰ চাৰিবছৰীয়া কাৰ্যকাল সম্পুৰ্ণ কৰিব পাৰিবনে ?"

এই প্ৰশ্নই এতিয়া কেৱল আমেৰিকাকে নহয়, সমগ্ৰ বিশ্বৰ ভূ-ৰাজনৈতিক পৰিৱেশক জোকাৰি গৈছে।


২০২৬ বৰ্ষৰ প্ৰথম মাহতেই ইৰাণত সংঘটিত হোৱা বিদ্ৰোহে সমগ্ৰ বিশ্ব কঁপাই গৈছে । ইৰাণৰ প্ৰায় ৩১ টা প্ৰান্তত এই বিদ্ৰোহৰ বিৰূপ প্ৰভাৱ পৰে । ইৰাণৰ শাসকীয় দলৰ কিছু হিংসুক ব্যৱস্থাই বহু লোকৰ প্ৰাণ হানিও কৰে ।এই ক্ষেত্ৰত যদি ইৰাণে প্ৰতিবাদকাৰীৰ বিৰুদ্ধে বল প্ৰয়োগ বন্ধ নকৰে, তেন্তে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে প্ৰায়োজন সাপেক্ষে আমেৰিকা সৈন্যৰ হস্তক্ষেপ কৰা হ'ব বুলি ঘোষনা কৰে । ট্ৰাম্পৰ এই স্থিতিক লৈ জ্যোতিষী সকলে মন্তব্য কৰে যে ৰাষ্ট্ৰপতি গৰাকীৰ জন্মপত্ৰিকাত থকা মংগলৰ দোষে তেখেতক যুদ্ধ বিদ্ৰোহৰ মাজলৈ ঠেলি দিছে । এইসময়ত ডনাল্ড ট্ৰাম্পৰ এই মনোভাৱে তেখেতক বিপদৰ সন্মুখীন কৰোৱাৰ সম্ভাৱনা আছে । সমান্তৰালভাৱে গ্ৰীণলেণ্ড বিবাদৰ ক্ষেত্ৰত তেখেতে গ্ৰহণ কৰা কঠিন পথো , শনি আৰু ৰাহুৰ স্থিতিৰ প্ৰভাৱ বুলি জ্যোতিষী সকলে সদৰী কৰে ।


জ্যোতিষ গগণাৰ অনুযায়ী ৭৯ বছৰ বয়সত ৰাষ্ট্ৰপতি গৰাকীৰ অত্যধিক সক্ৰিয়তা আৰু আন্ত:ৰাষ্ট্ৰীয় ভাৱে অহা চাপে তেখেতৰ স্বাস্থ্যৰ ক্ষেত্ৰতো বিৰূপ প্ৰভাৱ পেলাব । ইয়াৰ লগতে ২০২৬ বৰ্ষৰ মাজ ভাগত আমেৰিকাৰ জনতাই ডনাল্ড ট্ৰাম্পৰ নীতিৰ বিৰুদ্ধে বিদ্ৰোহ কৰিব , যাৰ ফলত ট্ৰাম্পৰ কাৰ্য্যকালত বিপদ সংকুল পৰিবেশৰ সৃষ্টি হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা পাইছে জ্যোতিষী সকলে । 


আমেৰিকাৰ ৪৭ তম্ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ব্যক্তিত্ব প্ৰায়েই অনিশ্চয়তাৰে পৰিপূৰ্ণ হৈ থকা দেখা যায় । কিন্তু তেখেতৰ ভাগ্যত থকা "ৰাজ যোগ" য়ে ৰাষ্ট্ৰপতি গৰাকীক সকলো সংকটৰ পৰা হাত সৰাত সহায় কৰিছিল । কিন্তু ২০২৬ বৰ্ষত সংঘটিত হোৱা কেইবাটাও ঘটনাই এই বছৰটো তেওঁৰ বাবে আটাইটকৈ কঠিন বৰ্ষ হ'ব বুলি সংকেত দিয়ে । জ্যোতিষী সকলে কয় যে , "২০২৬ বৰ্ষৰ শেষৰ ভাগত আমেৰিকাৰ সম্পূৰ্ণ ভৱিষ্যত সলনি হোৱাৰ সম্ভাৱনা আছে । "


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ