--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • ট্ৰাম্পৰ দ্বিতীয় কাৰ্যকাল গ্ৰহণ কৰাৰ পিছতেই সমগ্ৰ বিশ্বত নতুন নতুন অশান্তি আৰু যুদ্ধৰ সূচনা হোৱা দেখিবলৈ পোৱা যায় ।

ডিজিটেল ডেস্কঃ ইৰাণ যুদ্ধ আৰু গ্ৰীণলেণ্ড বিবাদৰ সমস্যাৰ অন্ত নপৰোতেই আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ কাৰ্য্যকালত নতুন অথন্তৰ। আমেৰিকাৰ ৪৭ তম ৰাষ্ট্ৰপতি হিচাপে দ্বিতীয় বাৰৰ বাবে কাৰ্যকাল গ্ৰহণ কৰা ট্ৰাম্পৰ জীৱনলৈ নামি আহিছে জ্যোতিষীয় দোষ ।


ট্ৰাম্পৰ দ্বিতীয় কাৰ্যকাল গ্ৰহণ কৰাৰ পিছতেই সমগ্ৰ বিশ্বত নতুন নতুন অশান্তি আৰু যুদ্ধৰ সূচনা হোৱা দেখিবলৈ পোৱা যায় । ২০২৬ বৰ্ষত সংঘটিত হ'বলৈ ধৰা নতুন নতুন ঘটনাৰ আধাৰত এতিয়া সকলোৰে মনত এটাই প্ৰশ্ন , "ডনাল্ড ট্ৰাম্পে তেখেতৰ চাৰিবছৰীয়া কাৰ্যকাল সম্পুৰ্ণ কৰিব পাৰিবনে ?"

এই প্ৰশ্নই এতিয়া কেৱল আমেৰিকাকে নহয়, সমগ্ৰ বিশ্বৰ ভূ-ৰাজনৈতিক পৰিৱেশক জোকাৰি গৈছে।


২০২৬ বৰ্ষৰ প্ৰথম মাহতেই ইৰাণত সংঘটিত হোৱা বিদ্ৰোহে সমগ্ৰ বিশ্ব কঁপাই গৈছে । ইৰাণৰ প্ৰায় ৩১ টা প্ৰান্তত এই বিদ্ৰোহৰ বিৰূপ প্ৰভাৱ পৰে । ইৰাণৰ শাসকীয় দলৰ কিছু হিংসুক ব্যৱস্থাই বহু লোকৰ প্ৰাণ হানিও কৰে ।এই ক্ষেত্ৰত যদি ইৰাণে প্ৰতিবাদকাৰীৰ বিৰুদ্ধে বল প্ৰয়োগ বন্ধ নকৰে, তেন্তে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে প্ৰায়োজন সাপেক্ষে আমেৰিকা সৈন্যৰ হস্তক্ষেপ কৰা হ'ব বুলি ঘোষনা কৰে । ট্ৰাম্পৰ এই স্থিতিক লৈ জ্যোতিষী সকলে মন্তব্য কৰে যে ৰাষ্ট্ৰপতি গৰাকীৰ জন্মপত্ৰিকাত থকা মংগলৰ দোষে তেখেতক যুদ্ধ বিদ্ৰোহৰ মাজলৈ ঠেলি দিছে । এইসময়ত ডনাল্ড ট্ৰাম্পৰ এই মনোভাৱে তেখেতক বিপদৰ সন্মুখীন কৰোৱাৰ সম্ভাৱনা আছে । সমান্তৰালভাৱে গ্ৰীণলেণ্ড বিবাদৰ ক্ষেত্ৰত তেখেতে গ্ৰহণ কৰা কঠিন পথো , শনি আৰু ৰাহুৰ স্থিতিৰ প্ৰভাৱ বুলি জ্যোতিষী সকলে সদৰী কৰে ।


জ্যোতিষ গগণাৰ অনুযায়ী ৭৯ বছৰ বয়সত ৰাষ্ট্ৰপতি গৰাকীৰ অত্যধিক সক্ৰিয়তা আৰু আন্ত:ৰাষ্ট্ৰীয় ভাৱে অহা চাপে তেখেতৰ স্বাস্থ্যৰ ক্ষেত্ৰতো বিৰূপ প্ৰভাৱ পেলাব । ইয়াৰ লগতে ২০২৬ বৰ্ষৰ মাজ ভাগত আমেৰিকাৰ জনতাই ডনাল্ড ট্ৰাম্পৰ নীতিৰ বিৰুদ্ধে বিদ্ৰোহ কৰিব , যাৰ ফলত ট্ৰাম্পৰ কাৰ্য্যকালত বিপদ সংকুল পৰিবেশৰ সৃষ্টি হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা পাইছে জ্যোতিষী সকলে । 


আমেৰিকাৰ ৪৭ তম্ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ব্যক্তিত্ব প্ৰায়েই অনিশ্চয়তাৰে পৰিপূৰ্ণ হৈ থকা দেখা যায় । কিন্তু তেখেতৰ ভাগ্যত থকা "ৰাজ যোগ" য়ে ৰাষ্ট্ৰপতি গৰাকীক সকলো সংকটৰ পৰা হাত সৰাত সহায় কৰিছিল । কিন্তু ২০২৬ বৰ্ষত সংঘটিত হোৱা কেইবাটাও ঘটনাই এই বছৰটো তেওঁৰ বাবে আটাইটকৈ কঠিন বৰ্ষ হ'ব বুলি সংকেত দিয়ে । জ্যোতিষী সকলে কয় যে , "২০২৬ বৰ্ষৰ শেষৰ ভাগত আমেৰিকাৰ সম্পূৰ্ণ ভৱিষ্যত সলনি হোৱাৰ সম্ভাৱনা আছে । "


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু