--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইউক্রেইন যুদ্ধৰ আৰম্ভণিৰে পৰা ৰাছিয়াৰ পৰা ৰেহাই মূল্যত খাৰুৱা তেল ক্ৰয় কৰা ভাৰত হৈছে বিশ্বৰ অন্যতম বিপুল পৰিমাণৰ তেল ক্রেতা।

ডিজিটেল ডেস্ক: আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ব্যাপক নিষেধাজ্ঞাৰ এখন বিধেয়কত অনুমোদন জনাইছে। ৰাছিয়াৰ পৰা তেল আমদানি অব্যাহত ৰখাৰ বাবে এই বিধেয়কত ভাৰতৰ পৰা আমেৰিকালৈ ৰপ্তানি কৰা সামগ্ৰীত ৫০০ শতাংশলৈকে শুল্ক আৰোপ কৰা হ'ব পাৰে, যি পদক্ষেপে আমেৰিকা-ভাৰতৰ বাণিজ্যিক সম্পর্কক উল্লেখনীয়ভাৱে পতন ঘটাব। 


'ছেংশ্যনিং ৰাছিয়া এক্ট অব্ ২০২৫' শীর্ষক এই প্রস্তাৱিত আইনত আমেৰিকাৰ ৰাষ্ট্ৰপতিক ৰাছিয়াৰ পেট্রলিয়াম আৰু ইউৰেনিয়াম ক্রয়ত 'জ্ঞাত হৈও' জড়িত হোৱা দেশবোৰৰ বিৰুদ্ধে উচ্চ হাৰৰ শুল্ক আৰোপৰ কর্তৃত্ব প্রদান কৰিছে। ইউক্রেইন যুদ্ধৰ আৰম্ভণিৰে পৰা ৰাছিয়াৰ পৰা ৰেহাই মূল্যত খাৰুৱা তেল ক্ৰয় কৰা ভাৰত হৈছে বিশ্বৰ অন্যতম বিপুল পৰিমাণৰ তেল ক্রেতা। সেয়ে উক্ত বিধেয়ক আইনত পৰিণত হ'লে এনে শুল্কৰ সন্মুখীন প্রধান দেশবোৰৰ ভিতৰত ভাৰতো আছে। 


আমেৰিকাৰ সাংসদ ৰিচাৰ্ড ব্লুমেন্থেলৰ সৈতে এই বিল উত্থাপন কৰা লিণ্ডছী গ্রাহামৰ মতে, ইউক্রেইনত ৰাছিয়াৰ যুদ্ধৰ বাবে পুঁজি সংগ্রহত বাধা দিবৰ বাবেই এই ব্যৱস্থাৰ প্ৰস্তাৱ কৰা হৈছে। সেয়ে 'ৰাছিয়াৰ কমদামী তেল' ক্ৰয় কৰা ৰাষ্ট্ৰবোৰক লক্ষ্য কৰি লোৱা হৈছে। তেওঁ বিশেষভাৱে ভাৰত, চীন আৰু ব্রাজিলৰ নাম লৈ কয় যে এই আইনৰ অধীনত এইকেইখন দেশে হেঁচা পাব। 


যদি ৰাছিয়া আৰু ৰাছিয়াৰ হৈ কাম কৰা দেশে ইউক্রেইনৰ সৈতে এখন শান্তি চুক্তিৰ বাবে আলোচনা কৰিবলৈ অমান্তি হয় তেন্তে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে এই বিধেয়কৰ অধীনত কমেও ৫০০ শতাংশ শুল্ক আৰোপ কৰিব। যদি যিকোনো শান্তি চুক্তি উলংঘন কৰা হয়, ৰাছিয়াই নতুনকৈ সামৰিক কাৰ্যব্যৱস্থা গ্রহণ কৰে বা ইউক্রেইন চৰকাৰক অস্থিৰ কৰিবলৈ চেষ্টা কৰে, তেন্তে এনে ব্যৱস্থা পুনৰ আৰোপ কৰা হ'ব।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু