--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইউক্রেইন যুদ্ধৰ আৰম্ভণিৰে পৰা ৰাছিয়াৰ পৰা ৰেহাই মূল্যত খাৰুৱা তেল ক্ৰয় কৰা ভাৰত হৈছে বিশ্বৰ অন্যতম বিপুল পৰিমাণৰ তেল ক্রেতা।

ডিজিটেল ডেস্ক: আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ব্যাপক নিষেধাজ্ঞাৰ এখন বিধেয়কত অনুমোদন জনাইছে। ৰাছিয়াৰ পৰা তেল আমদানি অব্যাহত ৰখাৰ বাবে এই বিধেয়কত ভাৰতৰ পৰা আমেৰিকালৈ ৰপ্তানি কৰা সামগ্ৰীত ৫০০ শতাংশলৈকে শুল্ক আৰোপ কৰা হ'ব পাৰে, যি পদক্ষেপে আমেৰিকা-ভাৰতৰ বাণিজ্যিক সম্পর্কক উল্লেখনীয়ভাৱে পতন ঘটাব। 


'ছেংশ্যনিং ৰাছিয়া এক্ট অব্ ২০২৫' শীর্ষক এই প্রস্তাৱিত আইনত আমেৰিকাৰ ৰাষ্ট্ৰপতিক ৰাছিয়াৰ পেট্রলিয়াম আৰু ইউৰেনিয়াম ক্রয়ত 'জ্ঞাত হৈও' জড়িত হোৱা দেশবোৰৰ বিৰুদ্ধে উচ্চ হাৰৰ শুল্ক আৰোপৰ কর্তৃত্ব প্রদান কৰিছে। ইউক্রেইন যুদ্ধৰ আৰম্ভণিৰে পৰা ৰাছিয়াৰ পৰা ৰেহাই মূল্যত খাৰুৱা তেল ক্ৰয় কৰা ভাৰত হৈছে বিশ্বৰ অন্যতম বিপুল পৰিমাণৰ তেল ক্রেতা। সেয়ে উক্ত বিধেয়ক আইনত পৰিণত হ'লে এনে শুল্কৰ সন্মুখীন প্রধান দেশবোৰৰ ভিতৰত ভাৰতো আছে। 


আমেৰিকাৰ সাংসদ ৰিচাৰ্ড ব্লুমেন্থেলৰ সৈতে এই বিল উত্থাপন কৰা লিণ্ডছী গ্রাহামৰ মতে, ইউক্রেইনত ৰাছিয়াৰ যুদ্ধৰ বাবে পুঁজি সংগ্রহত বাধা দিবৰ বাবেই এই ব্যৱস্থাৰ প্ৰস্তাৱ কৰা হৈছে। সেয়ে 'ৰাছিয়াৰ কমদামী তেল' ক্ৰয় কৰা ৰাষ্ট্ৰবোৰক লক্ষ্য কৰি লোৱা হৈছে। তেওঁ বিশেষভাৱে ভাৰত, চীন আৰু ব্রাজিলৰ নাম লৈ কয় যে এই আইনৰ অধীনত এইকেইখন দেশে হেঁচা পাব। 


যদি ৰাছিয়া আৰু ৰাছিয়াৰ হৈ কাম কৰা দেশে ইউক্রেইনৰ সৈতে এখন শান্তি চুক্তিৰ বাবে আলোচনা কৰিবলৈ অমান্তি হয় তেন্তে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে এই বিধেয়কৰ অধীনত কমেও ৫০০ শতাংশ শুল্ক আৰোপ কৰিব। যদি যিকোনো শান্তি চুক্তি উলংঘন কৰা হয়, ৰাছিয়াই নতুনকৈ সামৰিক কাৰ্যব্যৱস্থা গ্রহণ কৰে বা ইউক্রেইন চৰকাৰক অস্থিৰ কৰিবলৈ চেষ্টা কৰে, তেন্তে এনে ব্যৱস্থা পুনৰ আৰোপ কৰা হ'ব।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ