--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • শুকুৰবাৰে পুৱা সদায়ৰ দৰে দুয়ো কলেজলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল। কিন্তু সন্ধিয়া ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোক চিন্তিত হৈ পৰে।

ডিজিটেল ডেস্কঃ গুজৰাটৰ চুৰাট চহৰৰ ডিণ্ডোলী অঞ্চলত এক মৰ্মান্তিক আৰু ৰহস্যজনক ঘটনাই সমগ্ৰ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। চনীয়া গাঁৱৰ বিখ্যাত স্বামীনাৰায়ণ মন্দিৰৰ শৌচাগাৰৰ ভিতৰত দুজনী কলেজীয়া ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে অঞ্চলটোত আতংকৰ সৃষ্টি হয়।


ইতিমধ্যে মৃত ছাত্ৰী দুজনীৰ চিনাক্তকৰণ কৰা হৈছে । ১৮ বছৰীয়া ৰোশনী শৰদ চিৰসাঠ আৰু ২০ বছৰীয়া জোসনা অতুল চৌধুৰী। দুয়োৰে ঘৰ চুৰাটৰ উধনা অঞ্চলত আৰু তেওঁলোক উধনা চিটিজেন কলেজৰ ঘনিষ্ঠ বান্ধৱী আছিল।


পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে, শুকুৰবাৰে পুৱা সদায়ৰ দৰে দুয়ো কলেজলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল। কিন্তু সন্ধিয়া ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোক চিন্তিত হৈ পৰে। ফোন কৰিও কোনো সঁহাৰি নোপোৱাত তেওঁলোকে আৰক্ষীৰ কাষ চাপে।


আৰক্ষীয়ে ছাত্ৰী দুজনীৰ মোবাইল ফোনৰ অন্তিম লোকেচন ট্ৰেক কৰি গম পায় যে তেওঁলোক স্বামীনাৰায়ণ মন্দিৰ চৌহদত আছিল। আৰক্ষী আৰু পৰিয়ালৰ লোকে মন্দিৰত উপস্থিত হোৱাৰ পিছত বাহিৰত তেওঁলোকৰ স্কুটীখন উদ্ধাৰ কৰে।


মন্দিৰৰ চিচিটিভি (CCTV) ফুটেজ পৰীক্ষা কৰাৰ পিছত দেখা যায় যে ছাত্ৰী দুজনীয়ে মন্দিৰৰ শৌচাগাৰৰ ফালে গৈছে। শৌচাগাৰৰ দুৱাৰখন ভিতৰৰ পৰা বন্ধ আছিল। আৰক্ষীয়ে দুৱাৰ ভাঙি সোমাই দেখা পায় যে দুয়োৰে মৃতদেহ মজিয়াত পৰি আছে।


ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰমাণ জব্দ কৰিছে । মৃতদেহৰ কাষতে ব্যৱহৃত বেজি (Syringe) আৰু দৰবৰ খালী বটল উদ্ধাৰ কৰা হৈছে।প্ৰাথমিক তদন্তত আৰক্ষীয়ে সন্দেহ কৰিছে যে ছাত্ৰী দুজনীয়ে কোনো শক্তিশালী এনাস্থেটিক ঔষধ বা বিষাক্ত দৰব ইনজেকচনৰ জৰিয়তে নিজৰ দেহত প্ৰয়োগ কৰিছিল। তদন্তকাৰী বিষয়াই জানিবলৈ দিছে যে মৃত্যুৰ পূৰ্বে ছাত্ৰী দুজনীয়ে গুগল বা এআই (AI) টুল ব্যৱহাৰ কৰি 'বেদনাহীনভাৱে কেনেকৈ আত্মহত্যা কৰিব পাৰি' সেই বিষয়ে অনুসন্ধান কৰিছিল।


ডিণ্ডোলী আৰক্ষী থানাৰ বিষয়াই কয় যে, "আমি ইতিমধ্যে এটা অপমৃত্যুৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছোঁ। মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে চিভিল হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। ফৰেনচিক বিশেষজ্ঞৰ দলটোৱেও নমুনা সংগ্ৰহ কৰিছে।"


এই ঘটনাই ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্য আৰু ইণ্টাৰনেটৰ অপব্যৱহাৰক লৈ পুনৰ এবাৰ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁলোকে সঁচাকৈয়ে কি কাৰণত এনে চৰম সিদ্ধান্ত ল’লে, নে ইয়াৰ আঁৰত আন কোনো বহিঃশক্তিৰ হাত আছে, সেয়া মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছতহে স্পষ্ট হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু