--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • শুকুৰবাৰে পুৱা সদায়ৰ দৰে দুয়ো কলেজলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল। কিন্তু সন্ধিয়া ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোক চিন্তিত হৈ পৰে।

ডিজিটেল ডেস্কঃ গুজৰাটৰ চুৰাট চহৰৰ ডিণ্ডোলী অঞ্চলত এক মৰ্মান্তিক আৰু ৰহস্যজনক ঘটনাই সমগ্ৰ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। চনীয়া গাঁৱৰ বিখ্যাত স্বামীনাৰায়ণ মন্দিৰৰ শৌচাগাৰৰ ভিতৰত দুজনী কলেজীয়া ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে অঞ্চলটোত আতংকৰ সৃষ্টি হয়।


ইতিমধ্যে মৃত ছাত্ৰী দুজনীৰ চিনাক্তকৰণ কৰা হৈছে । ১৮ বছৰীয়া ৰোশনী শৰদ চিৰসাঠ আৰু ২০ বছৰীয়া জোসনা অতুল চৌধুৰী। দুয়োৰে ঘৰ চুৰাটৰ উধনা অঞ্চলত আৰু তেওঁলোক উধনা চিটিজেন কলেজৰ ঘনিষ্ঠ বান্ধৱী আছিল।


পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে, শুকুৰবাৰে পুৱা সদায়ৰ দৰে দুয়ো কলেজলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল। কিন্তু সন্ধিয়া ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোক চিন্তিত হৈ পৰে। ফোন কৰিও কোনো সঁহাৰি নোপোৱাত তেওঁলোকে আৰক্ষীৰ কাষ চাপে।


আৰক্ষীয়ে ছাত্ৰী দুজনীৰ মোবাইল ফোনৰ অন্তিম লোকেচন ট্ৰেক কৰি গম পায় যে তেওঁলোক স্বামীনাৰায়ণ মন্দিৰ চৌহদত আছিল। আৰক্ষী আৰু পৰিয়ালৰ লোকে মন্দিৰত উপস্থিত হোৱাৰ পিছত বাহিৰত তেওঁলোকৰ স্কুটীখন উদ্ধাৰ কৰে।


মন্দিৰৰ চিচিটিভি (CCTV) ফুটেজ পৰীক্ষা কৰাৰ পিছত দেখা যায় যে ছাত্ৰী দুজনীয়ে মন্দিৰৰ শৌচাগাৰৰ ফালে গৈছে। শৌচাগাৰৰ দুৱাৰখন ভিতৰৰ পৰা বন্ধ আছিল। আৰক্ষীয়ে দুৱাৰ ভাঙি সোমাই দেখা পায় যে দুয়োৰে মৃতদেহ মজিয়াত পৰি আছে।


ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰমাণ জব্দ কৰিছে । মৃতদেহৰ কাষতে ব্যৱহৃত বেজি (Syringe) আৰু দৰবৰ খালী বটল উদ্ধাৰ কৰা হৈছে।প্ৰাথমিক তদন্তত আৰক্ষীয়ে সন্দেহ কৰিছে যে ছাত্ৰী দুজনীয়ে কোনো শক্তিশালী এনাস্থেটিক ঔষধ বা বিষাক্ত দৰব ইনজেকচনৰ জৰিয়তে নিজৰ দেহত প্ৰয়োগ কৰিছিল। তদন্তকাৰী বিষয়াই জানিবলৈ দিছে যে মৃত্যুৰ পূৰ্বে ছাত্ৰী দুজনীয়ে গুগল বা এআই (AI) টুল ব্যৱহাৰ কৰি 'বেদনাহীনভাৱে কেনেকৈ আত্মহত্যা কৰিব পাৰি' সেই বিষয়ে অনুসন্ধান কৰিছিল।


ডিণ্ডোলী আৰক্ষী থানাৰ বিষয়াই কয় যে, "আমি ইতিমধ্যে এটা অপমৃত্যুৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছোঁ। মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে চিভিল হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। ফৰেনচিক বিশেষজ্ঞৰ দলটোৱেও নমুনা সংগ্ৰহ কৰিছে।"


এই ঘটনাই ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্য আৰু ইণ্টাৰনেটৰ অপব্যৱহাৰক লৈ পুনৰ এবাৰ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁলোকে সঁচাকৈয়ে কি কাৰণত এনে চৰম সিদ্ধান্ত ল’লে, নে ইয়াৰ আঁৰত আন কোনো বহিঃশক্তিৰ হাত আছে, সেয়া মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছতহে স্পষ্ট হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ