--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • লক্ষণীয় বিষয়টো হ'ল যে সেইদিনাই আৱামী লীগ পার্টিয়ে ঢাকাত লকডাউনৰ কাৰ্যসূচীৰ বিষয়ে ঘোষণা কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত বাংলাদেশৰ অন্তৱৰ্তী চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ ওপৰত প্ৰবল হেঁচাৰ সৃষ্টি হৈছে।

ডিজিটেল ডেস্ক : প্রবল ছাত্র বিক্ষোভৰ পাছত ক্ষমতাচ্যুত হৈ বাংলাদেশৰ পৰা পলায়ন কৰা দেশখনৰ প্ৰাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাৰ দল আৱামী লীগ আকৌ সক্রিয় হৈছে। বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে পূৰ্বৰ প্রধানমন্ত্রী হাছিনাৰ বিৰুদ্ধে মোকৰ্দমাৰ গোচৰৰ শুনানি সম্পূর্ণ কৰিছে আৰু ১৩ নবেম্বৰত এই বিচাৰৰ ৰায় ঘোষণা কৰা হ'ব। 



লক্ষণীয় বিষয়টো হ'ল যে সেইদিনাই আৱামী লীগ পার্টিয়ে ঢাকাত লকডাউনৰ কাৰ্যসূচীৰ বিষয়ে ঘোষণা কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত বাংলাদেশৰ অন্তৱৰ্তী চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ ওপৰত প্ৰবল হেঁচাৰ সৃষ্টি হৈছে। 


শ্বেখ হাছিনাৰ দলটোৱে লকডাউনৰ জৰিয়তে বাংলাদেশত পুনৰ খোপনি পোতাৰ পৰিকল্পনা কৰিছে। ইফালে, দেশখনৰ অন্তৱৰ্তী চৰকাৰখন জেন জিৰ প্রকোপত পৰিছে। বাংলাদেশৰ অন্তৱৰ্তী চৰকাৰখনে দিনক দিনে যুৱ সমাজ আৰু জেন জিৰ প্ৰতিবাদৰ সন্মুখীন হৈছে। আনহাতে আৱামী লীগৰ এই প্রস্তাবিত প্রতিবাদী কাৰ্যসূচীৰ বাবে ঢাকা মহানগৰ আৰক্ষীয়ে ১৪২টা স্পৰ্শকাতৰ স্থানত ৭০০০ আৰক্ষী কর্মীক মোতায়েন কৰিছে। 


তদুপৰি মহম্মদ ইউনুছৰ বাসভৱনৰ চাৰিওকাষে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। আৱামী লীগৰ সম্ভাব্য প্রতিবাদী কাৰ্যসূচীক নিয়ন্ত্ৰণ কৰাৰ বাবে ইউনুছ চৰকাৰে যাৱতীয় সকলো ব্যবস্থা লৈছে। 


আনহাতে, বাংলাদেশৰ সাম্প্রতিক ৰাজনৈতিক পৰিস্থিতি অৱনতি ঘটিছে। বিভিন্ন সংগঠনৰ ক্ষোভআৰু প্ৰতিবাদৰ সন্মুখীন হৈছে ইউনুছৰ অন্তৱৰ্তী চৰকাৰখন। এনে পৰিপ্ৰেক্ষিতত সাধাৰণ নিৰ্বাচনৰ পূৰ্বেই মহম্মদ ইউনুছে গাদী হেৰুওৱাৰ আশংকাই দেখা দিছে।



উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু