--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • লক্ষণীয় বিষয়টো হ'ল যে সেইদিনাই আৱামী লীগ পার্টিয়ে ঢাকাত লকডাউনৰ কাৰ্যসূচীৰ বিষয়ে ঘোষণা কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত বাংলাদেশৰ অন্তৱৰ্তী চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ ওপৰত প্ৰবল হেঁচাৰ সৃষ্টি হৈছে।

ডিজিটেল ডেস্ক : প্রবল ছাত্র বিক্ষোভৰ পাছত ক্ষমতাচ্যুত হৈ বাংলাদেশৰ পৰা পলায়ন কৰা দেশখনৰ প্ৰাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাৰ দল আৱামী লীগ আকৌ সক্রিয় হৈছে। বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে পূৰ্বৰ প্রধানমন্ত্রী হাছিনাৰ বিৰুদ্ধে মোকৰ্দমাৰ গোচৰৰ শুনানি সম্পূর্ণ কৰিছে আৰু ১৩ নবেম্বৰত এই বিচাৰৰ ৰায় ঘোষণা কৰা হ'ব। 



লক্ষণীয় বিষয়টো হ'ল যে সেইদিনাই আৱামী লীগ পার্টিয়ে ঢাকাত লকডাউনৰ কাৰ্যসূচীৰ বিষয়ে ঘোষণা কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত বাংলাদেশৰ অন্তৱৰ্তী চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ ওপৰত প্ৰবল হেঁচাৰ সৃষ্টি হৈছে। 


শ্বেখ হাছিনাৰ দলটোৱে লকডাউনৰ জৰিয়তে বাংলাদেশত পুনৰ খোপনি পোতাৰ পৰিকল্পনা কৰিছে। ইফালে, দেশখনৰ অন্তৱৰ্তী চৰকাৰখন জেন জিৰ প্রকোপত পৰিছে। বাংলাদেশৰ অন্তৱৰ্তী চৰকাৰখনে দিনক দিনে যুৱ সমাজ আৰু জেন জিৰ প্ৰতিবাদৰ সন্মুখীন হৈছে। আনহাতে আৱামী লীগৰ এই প্রস্তাবিত প্রতিবাদী কাৰ্যসূচীৰ বাবে ঢাকা মহানগৰ আৰক্ষীয়ে ১৪২টা স্পৰ্শকাতৰ স্থানত ৭০০০ আৰক্ষী কর্মীক মোতায়েন কৰিছে। 


তদুপৰি মহম্মদ ইউনুছৰ বাসভৱনৰ চাৰিওকাষে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। আৱামী লীগৰ সম্ভাব্য প্রতিবাদী কাৰ্যসূচীক নিয়ন্ত্ৰণ কৰাৰ বাবে ইউনুছ চৰকাৰে যাৱতীয় সকলো ব্যবস্থা লৈছে। 


আনহাতে, বাংলাদেশৰ সাম্প্রতিক ৰাজনৈতিক পৰিস্থিতি অৱনতি ঘটিছে। বিভিন্ন সংগঠনৰ ক্ষোভআৰু প্ৰতিবাদৰ সন্মুখীন হৈছে ইউনুছৰ অন্তৱৰ্তী চৰকাৰখন। এনে পৰিপ্ৰেক্ষিতত সাধাৰণ নিৰ্বাচনৰ পূৰ্বেই মহম্মদ ইউনুছে গাদী হেৰুওৱাৰ আশংকাই দেখা দিছে।



উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ