--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • দেশখনৰ প্রধানমন্ত্রী পেড্র' ছানচেজ আৰু তেওঁৰ মন্ত্ৰীসকলে প্রায়ে অর্থনীতিত প্ৰব্ৰজনৰ উপকাৰসমূহৰ গুণ-গান কৰে।

ডিজিটেল ডেস্ক : আমেৰিকা আৰু ইউৰোপৰ বহু দেশত কঠোৰ প্ৰব্ৰজন নীতি গ্রহণ কৰাৰ বিপৰীতে স্পেইন চৰকাৰে মঙলবাৰে ঘোষণা কৰে যে কোনো অনুমতি নোহোৱাকৈ দেশখনত বাস কৰা আৰু কাম কৰা লাখ লাখ প্ৰব্ৰজনকাৰীক দেশখনে আইনী মর্যাদা দিব। সাপ্তাহিক কেবিনেট বৈঠকৰ পাছতে কালি স্পেইনৰ প্ৰব্ৰজন দপ্তৰৰ মন্ত্ৰী এলমা ছেইজে এই ঘোষণা কৰে। 


তেওঁ কয় যে তেওঁৰ চৰকাৰে বৰ্তমানৰ প্ৰব্ৰজন বিষয়ৰ আইনবোৰ সংশোধন কৰিব। স্পেই নত ২০২৫ চনৰ ৩১ ডিচেম্বৰৰ আগত উপস্থিত হোৱা লোক আৰু যি প্রমাণ কৰিব পাৰে যে তেওঁলোকে কমেও পাঁচ মাহ দেশখনত আছে, তেনে লোকে অনুমতি লাভ কৰিব। অৱশ্যে, তেওঁলোকে কোনো অপৰাধমূলক ইতিহাস নোহোৱা কথাৰো প্ৰমাণ দিব লাগিব। আন দেশবোৰে প্ৰব্ৰজন আৰু আশ্রয় দিয়াত কঠোৰ পদক্ষেপ লোৱাৰ বিপৰীতে স্পেইনে সম্পূর্ণ বিপৰীত পদক্ষেপ গ্রহণ কৰিছে ।


উল্লেখযোগ্য যে দেশখনৰ প্রধানমন্ত্রী পেড্র' ছানচেজ আৰু তেওঁৰ মন্ত্ৰীসকলে প্রায়ে অর্থনীতিত প্ৰব্ৰজনৰ উপকাৰসমূহৰ গুণ-গান কৰে। মন্ত্ৰী ছেইজৰ মতে, এই পদক্ষেপৰ ফলত অনুমতি নোহোৱাকৈ বাস কৰা ৫,০০,০০০ প্ৰব্ৰজনকাৰী লাভৱান হ'ব। আন এক অধ্যয়ন মতে স্পেই নত অনুমতি নোহোৱাকৈ বাস কৰা প্ৰব্ৰজনকাৰীৰ সংখ্যা ৮ লাখমান হ'ব। ইয়াৰে বেছিভাগেই দক্ষিণ আমেৰিকা আৰু আফ্ৰিকাৰ। স্পেইনৰ অৰ্থনীতিৰ মেৰুদণ্ড কৃষি, পর্যটন আৰু সেৱা খণ্ডত তেওঁলোকে কাম কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু