--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • 'ছাটেনা'ই কয় যে, বুধবাৰে স্থানীয় সময় ১২:০৫ বজাত ভেনিজুৱেলাৰ সীমাৰ ওচৰৰ ওকানা চহৰত অৱতৰণ কৰাৰ ১১ মিনিট আগতে বিমানখনৰ সৈতে যোগাযোগ বিচিন্ন হৈছিল।

ডিজিটেল ডেস্ক: কলম্বিয়াত সংঘটিত হৈছে এক বৃহৎ বিমান দুৰ্ঘটনা। যাত্ৰীবাহী বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত বিমানখনত থকা ১৫ জন লোকৰ মৃত্যু হৈছে বুলি দেশৰ ৰাষ্ট্ৰীয় বিমান সংস্থা 'ছাটেনাই' নিশ্চিত কৰিছে। বুধবাৰে ভেনিজুৱেলাৰ সীমান্তৰ সমীপৰ পাহাৰীয়া অঞ্চলত সংঘটিত হোৱা এই বিমান দুৰ্ঘটনাত কলম্বিয়াৰ এজন সাংসদকে ধৰি ১৫ জন লোকে প্ৰাণ হেৰুৱালে। এই দুৰ্ঘটনাত নিহত হয় সকলো যাত্ৰী আৰু ক্ৰু মেম্বাৰ।


এক বিবৃতিত, বিমান সংস্থাটোৱে কয় যে তেওঁলোকৰ বিমান - 'বিচক্ৰাফ্ট ১৯০০' - "এক শোকাৱহ দুৰ্ঘটনাৰ সন্মুখীন হৈছে", কিন্তু এই বিষয়ে অধিক বিৱৰণ দিয়া নাই। বিমানৰ ধ্বংসাৱশেষ এতিয়া এক পাহাৰীয়া অঞ্চলত পোৱা গৈছে।


চৰকাৰী যাত্ৰীৰ তালিকাত সাংসদ ডাইওজিনিছ কুইণ্টেৰো আমায়া আৰু আগন্তুক কংগ্ৰেছ নিৰ্বাচনৰ প্ৰাৰ্থী কাৰ্লোছ চালচেডোৰ নাম আছে।


'ছাটেনা'ই কয় যে, বুধবাৰে স্থানীয় সময় ১২:০৫ বজাত ভেনিজুৱেলাৰ সীমাৰ ওচৰৰ ওকানা চহৰত অৱতৰণ কৰাৰ ১১ মিনিট আগতে বিমানখনৰ সৈতে যোগাযোগ বিচিন্ন হৈছিল।


পৰ্বতীয়া অঞ্চলটোত এক অনুসন্ধান অভিযান আৰম্ভ কৰা হৈছে, আৰু বিমানখনত থকাসকলৰ আত্মীয়ৰ বাবে এটা হটলাইন স্থাপন কৰা হৈছে।


দেশৰ ৰাষ্ট্ৰপতি গুস্তাভো পেট্ৰোৱে এক্সত ভুক্তভোগীসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি লিখিছিল ‘‘মই এই মৃত্যুৰ বাবে গভীৰভাৱে দুঃখিত।’’

সাংসদ ডাইওজিনিছ কুইণ্টেৰো আমায়াৰ উদ্ধৃতি দি তেওঁ লিখিছে, ‘‘তেওঁ এনে এজন মানুহ যিয়ে গোটেই জীৱনজুৰি আৰ্ত জনতাৰ সেৱা কৰিছিল।’’


উল্লেখ্য যে কুইণ্টেৰোৱে কলম্বিয়াৰ সংসদত ১৬খন আসনৰ ভিতৰত এখন আসন দখল কৰিছিল, যিয়ে মাৰ্ক্সবাদী বিদ্ৰোহী সেনা, কলম্বিয়াৰ বিপ্লৱী সশস্ত্ৰ বাহিনী (ফাৰ্ক) আৰু কলম্বিয়া ৰাষ্ট্ৰৰ মাজৰ সংঘাতৰ ভুক্তভোগীসকলক প্ৰতিনিধিত্ব কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু