--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • 'ছাটেনা'ই কয় যে, বুধবাৰে স্থানীয় সময় ১২:০৫ বজাত ভেনিজুৱেলাৰ সীমাৰ ওচৰৰ ওকানা চহৰত অৱতৰণ কৰাৰ ১১ মিনিট আগতে বিমানখনৰ সৈতে যোগাযোগ বিচিন্ন হৈছিল।

ডিজিটেল ডেস্ক: কলম্বিয়াত সংঘটিত হৈছে এক বৃহৎ বিমান দুৰ্ঘটনা। যাত্ৰীবাহী বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত বিমানখনত থকা ১৫ জন লোকৰ মৃত্যু হৈছে বুলি দেশৰ ৰাষ্ট্ৰীয় বিমান সংস্থা 'ছাটেনাই' নিশ্চিত কৰিছে। বুধবাৰে ভেনিজুৱেলাৰ সীমান্তৰ সমীপৰ পাহাৰীয়া অঞ্চলত সংঘটিত হোৱা এই বিমান দুৰ্ঘটনাত কলম্বিয়াৰ এজন সাংসদকে ধৰি ১৫ জন লোকে প্ৰাণ হেৰুৱালে। এই দুৰ্ঘটনাত নিহত হয় সকলো যাত্ৰী আৰু ক্ৰু মেম্বাৰ।


এক বিবৃতিত, বিমান সংস্থাটোৱে কয় যে তেওঁলোকৰ বিমান - 'বিচক্ৰাফ্ট ১৯০০' - "এক শোকাৱহ দুৰ্ঘটনাৰ সন্মুখীন হৈছে", কিন্তু এই বিষয়ে অধিক বিৱৰণ দিয়া নাই। বিমানৰ ধ্বংসাৱশেষ এতিয়া এক পাহাৰীয়া অঞ্চলত পোৱা গৈছে।


চৰকাৰী যাত্ৰীৰ তালিকাত সাংসদ ডাইওজিনিছ কুইণ্টেৰো আমায়া আৰু আগন্তুক কংগ্ৰেছ নিৰ্বাচনৰ প্ৰাৰ্থী কাৰ্লোছ চালচেডোৰ নাম আছে।


'ছাটেনা'ই কয় যে, বুধবাৰে স্থানীয় সময় ১২:০৫ বজাত ভেনিজুৱেলাৰ সীমাৰ ওচৰৰ ওকানা চহৰত অৱতৰণ কৰাৰ ১১ মিনিট আগতে বিমানখনৰ সৈতে যোগাযোগ বিচিন্ন হৈছিল।


পৰ্বতীয়া অঞ্চলটোত এক অনুসন্ধান অভিযান আৰম্ভ কৰা হৈছে, আৰু বিমানখনত থকাসকলৰ আত্মীয়ৰ বাবে এটা হটলাইন স্থাপন কৰা হৈছে।


দেশৰ ৰাষ্ট্ৰপতি গুস্তাভো পেট্ৰোৱে এক্সত ভুক্তভোগীসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি লিখিছিল ‘‘মই এই মৃত্যুৰ বাবে গভীৰভাৱে দুঃখিত।’’

সাংসদ ডাইওজিনিছ কুইণ্টেৰো আমায়াৰ উদ্ধৃতি দি তেওঁ লিখিছে, ‘‘তেওঁ এনে এজন মানুহ যিয়ে গোটেই জীৱনজুৰি আৰ্ত জনতাৰ সেৱা কৰিছিল।’’


উল্লেখ্য যে কুইণ্টেৰোৱে কলম্বিয়াৰ সংসদত ১৬খন আসনৰ ভিতৰত এখন আসন দখল কৰিছিল, যিয়ে মাৰ্ক্সবাদী বিদ্ৰোহী সেনা, কলম্বিয়াৰ বিপ্লৱী সশস্ত্ৰ বাহিনী (ফাৰ্ক) আৰু কলম্বিয়া ৰাষ্ট্ৰৰ মাজৰ সংঘাতৰ ভুক্তভোগীসকলক প্ৰতিনিধিত্ব কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ