--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • শুকুৰবাৰৰ দিনটোত মায়ানগৰী মুম্বাইত গ্রন্থখন প্রথমে উন্মোচন কৰে লতা মংগেশকাৰৰ বাসগৃহ প্রভুকুঞ্জত।

ডিজিটেল ডেস্ক: অসম আৰু সন্দর্ভত প্রকাশ কৰা গ্ৰন্থ অসমীয়াৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ জীৱন আৰু দৰ্শন 'মায়াবিনী ৰাতিৰ বুকুত' শুকুৰবাৰে মায়ানগৰী মুম্বাইৰ ৪টাকৈ স্থানত উন্মোচন কৰা হয়। প্রাগ নিউজৰ কাৰ্যবাহী সম্পাদক তথা লেখক দেৱজিত ভূঞাৰ গ্ৰন্থ 'মায়াৱিনী ৰাতিৰ বুকুত' প্ৰকাশ কৰি উলিয়াইছে অসমৰ অগ্ৰণী প্রকাশন সংস্থা অসম বুক হাইভে। 


শুকুৰবাৰৰ দিনটোত মায়ানগৰী মুম্বাইত গ্রন্থখন প্রথমে উন্মোচন কৰে লতা মংগেশকাৰৰ বাসগৃহ প্রভুকুঞ্জত। প্রভুকুঞ্জত 'মায়াৱিনী ৰাতিৰ বুকুত' উন্মোচন কৰে শিল্পী ঊষা মংগেশকাৰে। তাৰ পাছতে গ্ৰন্থখন উন্মোচন কৰা হয় প্রখ্যাত য়াছ ৰাজ ষ্টুডিঅ'ত। গ্রন্থখন উন্মোচন কৰে বলিউডৰ কণ্ঠশিল্পী ছানে। গীত-অডিঅ' ক্রাফ্টত গ্রন্থখন উন্মোচন কৰে শিল্পী মহালক্ষ্মী আয়াৰ আৰু জজ'ৱে। মিট ব্রাদাৰ্ছ ষ্টুডিঅ'ত গ্রন্থখন উন্মোচন কৰে শিল্পী সীমা বিশ্বাস, দেৱজিত সাহা, শাশ্বতী ফুকন, সংগীত পৰিচালক ধ্ৰুৱজ্যোতি ফুকন আৰু ছাউণ্ড ডিজাইনাৰ গৌতম চক্ৰৱৰ্তীয়ে। গ্ৰন্থখন প্রকাশ কৰি দেশৰ বিশিষ্ট শিল্পী ঊষা মংগেশকাৰে কয় যে অসমৰ জনতাই শিল্পীক সন্মান কৰিব জানে। তাৰ প্ৰমাণ পুনৰবাৰ দাঙি ধৰিলে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত। 


আনহাতে, দেশৰ প্ৰখ্যাত শিল্পী ছানে জুবিন গাৰ্গ সন্দর্ভত কয় যে জুবিন গাৰ্গৰ মৃত্যু দেশৰ সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি। জুবিন গাৰ্গে যিখন সমাজৰ সপোন দেখিছিল সেইখন সমাজ আছিল শান্তি-সম্প্রীতি আৰু মৈত্ৰীৰ। জুবিন গাৰ্গৰ অবৰ্তমানত দেশৰ সাংস্কৃতিক জগতখনে সদায় তেওঁৰ অভাৱ অনুভৱ কৰিব। শিল্পী মহালক্ষ্মী আয়াৰে গ্ৰন্থখন উন্মোচন কৰি কয় যে জুবিন গাৰ্গ এজন কেৱল কণ্ঠশিল্পীয়ে নাছিল। দেশে হেৰুৱালে এজন সুসংগীত পৰিচালককো। জুবিন গাৰ্গৰ সৈতে গীত গোৱাৰ কথা সুঁৱৰি আৱেগিক হৈ পৰে মহালক্ষ্মী আয়াৰ। 


উল্লেখযোগ্য যে শিল্পী জুবিন গাৰ্গৰ বন্ধু তথা লেখক দেৱজিত ভূঞাৰ সুদীৰ্ঘসময় ধৰি জুবিন গাৰ্গৰ সৈতে আছিল নিবিড় সম্পর্ক। এজন জ্যেষ্ঠ সাংস্কৃতিক সাংবাদিক হিচাপে খ্যাত দেৱজিত ভূঞাই এই গ্ৰন্থখনৰ পাতে পাতে বৰ্ণনা কৰিছে জুবিন গাৰ্গৰ পূৰ্বে প্ৰকাশ নকৰা বহু ৰোমাঞ্চকৰ কাহিনী। প্রণিধানযোগ্য যে ইয়াৰ পূৰ্বে দেৱজিত ভূঞাই ৰচনা কৰা 'অসমী আইলৈ প্রণাম' গ্রন্থখনে বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু