--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • শুকুৰবাৰৰ দিনটোত মায়ানগৰী মুম্বাইত গ্রন্থখন প্রথমে উন্মোচন কৰে লতা মংগেশকাৰৰ বাসগৃহ প্রভুকুঞ্জত।

ডিজিটেল ডেস্ক: অসম আৰু সন্দর্ভত প্রকাশ কৰা গ্ৰন্থ অসমীয়াৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ জীৱন আৰু দৰ্শন 'মায়াবিনী ৰাতিৰ বুকুত' শুকুৰবাৰে মায়ানগৰী মুম্বাইৰ ৪টাকৈ স্থানত উন্মোচন কৰা হয়। প্রাগ নিউজৰ কাৰ্যবাহী সম্পাদক তথা লেখক দেৱজিত ভূঞাৰ গ্ৰন্থ 'মায়াৱিনী ৰাতিৰ বুকুত' প্ৰকাশ কৰি উলিয়াইছে অসমৰ অগ্ৰণী প্রকাশন সংস্থা অসম বুক হাইভে। 


শুকুৰবাৰৰ দিনটোত মায়ানগৰী মুম্বাইত গ্রন্থখন প্রথমে উন্মোচন কৰে লতা মংগেশকাৰৰ বাসগৃহ প্রভুকুঞ্জত। প্রভুকুঞ্জত 'মায়াৱিনী ৰাতিৰ বুকুত' উন্মোচন কৰে শিল্পী ঊষা মংগেশকাৰে। তাৰ পাছতে গ্ৰন্থখন উন্মোচন কৰা হয় প্রখ্যাত য়াছ ৰাজ ষ্টুডিঅ'ত। গ্রন্থখন উন্মোচন কৰে বলিউডৰ কণ্ঠশিল্পী ছানে। গীত-অডিঅ' ক্রাফ্টত গ্রন্থখন উন্মোচন কৰে শিল্পী মহালক্ষ্মী আয়াৰ আৰু জজ'ৱে। মিট ব্রাদাৰ্ছ ষ্টুডিঅ'ত গ্রন্থখন উন্মোচন কৰে শিল্পী সীমা বিশ্বাস, দেৱজিত সাহা, শাশ্বতী ফুকন, সংগীত পৰিচালক ধ্ৰুৱজ্যোতি ফুকন আৰু ছাউণ্ড ডিজাইনাৰ গৌতম চক্ৰৱৰ্তীয়ে। গ্ৰন্থখন প্রকাশ কৰি দেশৰ বিশিষ্ট শিল্পী ঊষা মংগেশকাৰে কয় যে অসমৰ জনতাই শিল্পীক সন্মান কৰিব জানে। তাৰ প্ৰমাণ পুনৰবাৰ দাঙি ধৰিলে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত। 


আনহাতে, দেশৰ প্ৰখ্যাত শিল্পী ছানে জুবিন গাৰ্গ সন্দর্ভত কয় যে জুবিন গাৰ্গৰ মৃত্যু দেশৰ সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি। জুবিন গাৰ্গে যিখন সমাজৰ সপোন দেখিছিল সেইখন সমাজ আছিল শান্তি-সম্প্রীতি আৰু মৈত্ৰীৰ। জুবিন গাৰ্গৰ অবৰ্তমানত দেশৰ সাংস্কৃতিক জগতখনে সদায় তেওঁৰ অভাৱ অনুভৱ কৰিব। শিল্পী মহালক্ষ্মী আয়াৰে গ্ৰন্থখন উন্মোচন কৰি কয় যে জুবিন গাৰ্গ এজন কেৱল কণ্ঠশিল্পীয়ে নাছিল। দেশে হেৰুৱালে এজন সুসংগীত পৰিচালককো। জুবিন গাৰ্গৰ সৈতে গীত গোৱাৰ কথা সুঁৱৰি আৱেগিক হৈ পৰে মহালক্ষ্মী আয়াৰ। 


উল্লেখযোগ্য যে শিল্পী জুবিন গাৰ্গৰ বন্ধু তথা লেখক দেৱজিত ভূঞাৰ সুদীৰ্ঘসময় ধৰি জুবিন গাৰ্গৰ সৈতে আছিল নিবিড় সম্পর্ক। এজন জ্যেষ্ঠ সাংস্কৃতিক সাংবাদিক হিচাপে খ্যাত দেৱজিত ভূঞাই এই গ্ৰন্থখনৰ পাতে পাতে বৰ্ণনা কৰিছে জুবিন গাৰ্গৰ পূৰ্বে প্ৰকাশ নকৰা বহু ৰোমাঞ্চকৰ কাহিনী। প্রণিধানযোগ্য যে ইয়াৰ পূৰ্বে দেৱজিত ভূঞাই ৰচনা কৰা 'অসমী আইলৈ প্রণাম' গ্রন্থখনে বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ