--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • নগাঁৱৰ কামপুৰৰ চাংজুৰাইত নিশা এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হৈছে। ল’ক’ পাইলটে জৰুৰীকালীন ব্ৰেক মাৰিছিল যদিও ট্ৰেইনখন ৰোৱাৰ পূৰ্বেই হাতীৰ জাকটো দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটি লয়।

ডিজিটেল ডেস্ক: কামপুৰ চাংজুৰাইত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা৷ তীব্ৰবেগী ৰে’লৰ খুন্দাত ৭ টা হাতীৰ কৰুণ মৃত্যু। ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত মৃত্যু হৈছে হাতীকেইটাৰ। এই দুৰ্ঘটনাৰ ফলত লাইনচ্যুত হৈছে ৰে’লখনৰ ৫টাকৈ দবা। সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে যাত্ৰীসকলৰ। নিশা ২.১৭ বজাত সংঘটিত হৈছে দুৰ্ঘটনাটো।


নগাঁৱৰ কামপুৰৰ চাংজুৰাইত নিশা এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হৈছে। ল’ক’ পাইলটে জৰুৰীকালীন ব্ৰেক মাৰিছিল যদিও ট্ৰেইনখন ৰোৱাৰ পূৰ্বেই হাতীৰ জাকটো দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটি লয়।


খাদ্যৰ সন্ধানত নিশা ওলাই আহিছিল হাতীকেইটা। দুৰ্ঘটনাৰ ফলত স্তব্ধ হৈ পৰিছে বহুকেইখন ৰে’ল। পুৱতি নিশালৈ দুৰ্ঘটনাস্থলীতে আবদ্ধ হৈ আছিল ৰে’ল যাত্ৰীসকল। অসুবিধাত পৰা যাত্ৰীৰ বাবে গুৱাহাটীৰ পৰা বিশেষ ৰে’লৰ ব্যৱস্থা গ্ৰহণ কৰে উত্তৰ-পূব সীমান্ত ৰে’লৱে’ই।


যাত্ৰীক উদ্ধাৰৰ বাবে ৰে’ল বিভাগে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা। ৰে’ল বিভাগে মুকলি কৰে তিনিটাকৈ হেল্পলাইন নম্বৰ। নম্বৰকেইটা ০৩৬১-২৭৩১৬২১ / ২৭৩১৬২২ / ২৭৩১৬২৩।


মিজোৰামৰ চাইৰাঙৰ পৰা নতুন দিল্লী অভিমুখী আছিল ৰে’লখন। দুৰ্ঘটনাগ্ৰস্ত দবাকেইটা এৰি পুৱা ৬.১১ বজাত গুৱাহাটীলৈ ৰাওনা হয় ৰাজধানী এক্সপ্ৰেছখন। সৌভাগ্যক্ৰমে ৰক্ষা পৰে এটা হাতী পোৱালি। ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ আহত হাতীটোৰ চিকিৎসাৰ ব্যৱস্থা কৰিছে ৷


উল্লেখ্য যে কামপুৰত দীৰ্ঘদিনে বৃদ্ধি পাই আহিছে হাতী-মানুহৰ সংঘাত৷ খাদ্যৰ সন্ধানত নিশা বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহিছিল বন্যহস্তীৰ জাক৷ কেইবছৰমান পূৰ্বে কামপুৰ পটিয়াপামতে ৰে’লৰ খুন্দাত মৃত্যু হৈছিল পাঁচটাকৈ বনৰীয়া হাতীৰ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ