--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • নগাঁৱৰ কামপুৰৰ চাংজুৰাইত নিশা এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হৈছে। ল’ক’ পাইলটে জৰুৰীকালীন ব্ৰেক মাৰিছিল যদিও ট্ৰেইনখন ৰোৱাৰ পূৰ্বেই হাতীৰ জাকটো দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটি লয়।

ডিজিটেল ডেস্ক: কামপুৰ চাংজুৰাইত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা৷ তীব্ৰবেগী ৰে’লৰ খুন্দাত ৭ টা হাতীৰ কৰুণ মৃত্যু। ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত মৃত্যু হৈছে হাতীকেইটাৰ। এই দুৰ্ঘটনাৰ ফলত লাইনচ্যুত হৈছে ৰে’লখনৰ ৫টাকৈ দবা। সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে যাত্ৰীসকলৰ। নিশা ২.১৭ বজাত সংঘটিত হৈছে দুৰ্ঘটনাটো।


নগাঁৱৰ কামপুৰৰ চাংজুৰাইত নিশা এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হৈছে। ল’ক’ পাইলটে জৰুৰীকালীন ব্ৰেক মাৰিছিল যদিও ট্ৰেইনখন ৰোৱাৰ পূৰ্বেই হাতীৰ জাকটো দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটি লয়।


খাদ্যৰ সন্ধানত নিশা ওলাই আহিছিল হাতীকেইটা। দুৰ্ঘটনাৰ ফলত স্তব্ধ হৈ পৰিছে বহুকেইখন ৰে’ল। পুৱতি নিশালৈ দুৰ্ঘটনাস্থলীতে আবদ্ধ হৈ আছিল ৰে’ল যাত্ৰীসকল। অসুবিধাত পৰা যাত্ৰীৰ বাবে গুৱাহাটীৰ পৰা বিশেষ ৰে’লৰ ব্যৱস্থা গ্ৰহণ কৰে উত্তৰ-পূব সীমান্ত ৰে’লৱে’ই।


যাত্ৰীক উদ্ধাৰৰ বাবে ৰে’ল বিভাগে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা। ৰে’ল বিভাগে মুকলি কৰে তিনিটাকৈ হেল্পলাইন নম্বৰ। নম্বৰকেইটা ০৩৬১-২৭৩১৬২১ / ২৭৩১৬২২ / ২৭৩১৬২৩।


মিজোৰামৰ চাইৰাঙৰ পৰা নতুন দিল্লী অভিমুখী আছিল ৰে’লখন। দুৰ্ঘটনাগ্ৰস্ত দবাকেইটা এৰি পুৱা ৬.১১ বজাত গুৱাহাটীলৈ ৰাওনা হয় ৰাজধানী এক্সপ্ৰেছখন। সৌভাগ্যক্ৰমে ৰক্ষা পৰে এটা হাতী পোৱালি। ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ আহত হাতীটোৰ চিকিৎসাৰ ব্যৱস্থা কৰিছে ৷


উল্লেখ্য যে কামপুৰত দীৰ্ঘদিনে বৃদ্ধি পাই আহিছে হাতী-মানুহৰ সংঘাত৷ খাদ্যৰ সন্ধানত নিশা বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহিছিল বন্যহস্তীৰ জাক৷ কেইবছৰমান পূৰ্বে কামপুৰ পটিয়াপামতে ৰে’লৰ খুন্দাত মৃত্যু হৈছিল পাঁচটাকৈ বনৰীয়া হাতীৰ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু