--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক (আৰ এছ এছ)লৈ বিতৰ্কিত মন্তব্য কৰি এতিয়া বিপদত পৰিছে বলীউডৰ প্ৰবীণ গীতিকাৰ জাভেদ আখতাৰ৷ আৰএছএছৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবেই জাভেদ আখতাৰৰ বিৰুদ্ধে জাৰি কৰা হৈছে চমন৷ কিন্তু কি কৈছিল জাভেদ আখতাৰে? আখতাৰে শেহতীয়াকৈ আৰএছএছক   তালিবানৰ সৈতে তুলনা কৰিছিল। এনে মন্তব্যৰ বাবেই জাভেদ আখটাৰআইনী মেৰপেছত সোমাই পৰিছে। মুম্বাইৰ মুলুন্দ মেট্ৰ'পলিটান মেজিষ্ট্ৰেটৰ আদালতে বলীউডৰ প্ৰবীণ গীতিকাৰজনলৈ চমন জাৰি কৰিছে৷  

আদালতে ২০ এপ্ৰিলত গীতিকাৰজনক গোচৰটোত হাজিৰ হ'বলৈ নিৰ্দেশ দিছিল। অৱশ্যে, তেওঁ নিৰ্ধাৰিত দিনটোত আদালতত হাজিৰ হ'ব নোৱাৰিলে। ইয়াৰ পিছতে মুলুন্দ আদালতে গীতিকাৰজনক ২০ জুনত আদালতত  হাজিৰ হ'বলৈ নিৰ্দেশ দিছে।

জাভেদ আখতাৰে কৈছিল "তালিবানসকল বৰ্বৰ। তেওঁলোকৰ কাৰ্য্যবোৰ নিন্দনীয়। কিন্তু যিসকলে আৰ এছ এছ, বিশ্ব হিন্দু পৰিষদ বা বজৰং দলক সমৰ্থন কৰে তেওঁলোকও সমানে বৰ্বৰ" ৷ উল্লেখ্য জাভেদ আখটাৰৰ বিৰুদ্ধে ২০২১ চনত একে ধৰণৰ মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছিল। সেইসময়তো তেনে মন্তব্যকলৈ বিতৰ্ক হৈছিল। প্ৰবীণ গীতিকাৰজনৰ বিৰুদ্ধে শেহতীয়াকৈ  অধিবক্তা সন্তোষ দুবেৰই   গোচৰ ৰুজু কৰিছিল৷ সেই গোচৰৰ ভিত্তিতে  তেওঁলৈ  চমন জাৰি কৰা হৈছে৷

উল্লেখ্য অধিবক্তা সন্তোষ দুবে  সৰুৰে পৰা আৰ এছ এছৰ সৈতে জড়িত হৈ আছে। দুবেই কয় "জাভেদ আখটাৰে ভালদৰে জানে যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু তালিবানৰ চিন্তাধাৰা, আদৰ্শ, দৰ্শন, চিন্তা বা কাম কৰাৰ ধৰণৰ ক্ষেত্ৰত একো মিল নাই। ইয়াৰ পিছতো তেওঁ সংগঠনটোৰ ভাবমূৰ্তি কলুষিত কৰিবলৈ আৰু সংগঠনটোৰ  কৰ্মীসকলক অপমান কৰিবলৈ এনে মন্তব্য কৰিছে।’’






FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে