--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক (আৰ এছ এছ)লৈ বিতৰ্কিত মন্তব্য কৰি এতিয়া বিপদত পৰিছে বলীউডৰ প্ৰবীণ গীতিকাৰ জাভেদ আখতাৰ৷ আৰএছএছৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবেই জাভেদ আখতাৰৰ বিৰুদ্ধে জাৰি কৰা হৈছে চমন৷ কিন্তু কি কৈছিল জাভেদ আখতাৰে? আখতাৰে শেহতীয়াকৈ আৰএছএছক   তালিবানৰ সৈতে তুলনা কৰিছিল। এনে মন্তব্যৰ বাবেই জাভেদ আখটাৰআইনী মেৰপেছত সোমাই পৰিছে। মুম্বাইৰ মুলুন্দ মেট্ৰ'পলিটান মেজিষ্ট্ৰেটৰ আদালতে বলীউডৰ প্ৰবীণ গীতিকাৰজনলৈ চমন জাৰি কৰিছে৷  

আদালতে ২০ এপ্ৰিলত গীতিকাৰজনক গোচৰটোত হাজিৰ হ'বলৈ নিৰ্দেশ দিছিল। অৱশ্যে, তেওঁ নিৰ্ধাৰিত দিনটোত আদালতত হাজিৰ হ'ব নোৱাৰিলে। ইয়াৰ পিছতে মুলুন্দ আদালতে গীতিকাৰজনক ২০ জুনত আদালতত  হাজিৰ হ'বলৈ নিৰ্দেশ দিছে।

জাভেদ আখতাৰে কৈছিল "তালিবানসকল বৰ্বৰ। তেওঁলোকৰ কাৰ্য্যবোৰ নিন্দনীয়। কিন্তু যিসকলে আৰ এছ এছ, বিশ্ব হিন্দু পৰিষদ বা বজৰং দলক সমৰ্থন কৰে তেওঁলোকও সমানে বৰ্বৰ" ৷ উল্লেখ্য জাভেদ আখটাৰৰ বিৰুদ্ধে ২০২১ চনত একে ধৰণৰ মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছিল। সেইসময়তো তেনে মন্তব্যকলৈ বিতৰ্ক হৈছিল। প্ৰবীণ গীতিকাৰজনৰ বিৰুদ্ধে শেহতীয়াকৈ  অধিবক্তা সন্তোষ দুবেৰই   গোচৰ ৰুজু কৰিছিল৷ সেই গোচৰৰ ভিত্তিতে  তেওঁলৈ  চমন জাৰি কৰা হৈছে৷

উল্লেখ্য অধিবক্তা সন্তোষ দুবে  সৰুৰে পৰা আৰ এছ এছৰ সৈতে জড়িত হৈ আছে। দুবেই কয় "জাভেদ আখটাৰে ভালদৰে জানে যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু তালিবানৰ চিন্তাধাৰা, আদৰ্শ, দৰ্শন, চিন্তা বা কাম কৰাৰ ধৰণৰ ক্ষেত্ৰত একো মিল নাই। ইয়াৰ পিছতো তেওঁ সংগঠনটোৰ ভাবমূৰ্তি কলুষিত কৰিবলৈ আৰু সংগঠনটোৰ  কৰ্মীসকলক অপমান কৰিবলৈ এনে মন্তব্য কৰিছে।’’






FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন