--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  বৃহস্পতিবাৰে কাশ্মীৰৰ পুঞ্চত সেনাৰ বাহনত জুই লাগি  পাঁচজন সৈনিক শ্বহীদ হোৱাৰ ঘটনাই সমগ্ৰ দেশতে আলোড়ণৰ সৗষ্টি কৰিছে৷ সেনাৰ ট্ৰাক খনত কিদৰে জুই লাগিল সেয়া এতিয়াও ৰহস্যৰ বিষয় হৈ আছে৷ শেহতীয়াকৈ এই কথা জানিব পৰা মতে পাকিস্তানী সন্ত্ৰাসবাদীয়ে গ্ৰেনেড নিক্ষেপ কৰাৰ ফলতে সেনাৰ ট্ৰাক খনত জুই লাগিছিল৷ 

 এই আক্ৰমণৰ আঁৰত পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ হাত আছে বুলি বহুতে ইতিমধ্যে নিশ্চিত হৈছে। সেনা বিষয়াসকলেধাৰণা কৰিছে  যে গ্ৰেনেড আক্ৰমণৰ বাবেই এই ধ্বংসযজ্ঞ সংঘটিত হৈছিল। সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডেই এই সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে কথা পাতিছে। দেশৰ বিৰোধী দলসমূহে ইতিমধ্যে ঘটনাটোক তীব্ৰ গৰিহণা দিছে। উল্লেখ্য বৃহস্পতিবাৰে সেনাৰ এখন ট্ৰাকত জুই লাগিছিল। সন্ত্ৰাসবাদীয়ে  সেনাৰ ট্ৰাকখনলৈ লক্ষ্য কৰি  গ্ৰেনেড নিক্ষেপ কৰাৰ ফলতে এই ঘটনা ঘটা বুলি সন্দেহ কৰা হৈছে৷ 

 ইপিনে কাশ্মীৰৰ এই ঘটনাটোৰ তদন্ত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা এনআইএয়ে কৰিব বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে৷ সূত্ৰটোৱে প্ৰকাশ কৰা মতে অতি কমেও সাতজন লস্কৰ সন্ত্ৰাসবাদীয়ে  ঘন অৰণ্যৰ মাজৰ পৰা   সেনাৰ ট্ৰাকখনত আক্ৰমণ চলাইছিল৷  অৱশ্যে, এতিয়ালৈকে কোনো সন্ত্ৰাসবাদীকে ধৰিব পৰা হোৱা  নাই। আক্ৰমণটোত পাঁচজন সৈনিক নিহত হৈছিল। তেওঁলোকৰ চাৰিজন পঞ্জাৱৰ আৰু এজন ওড়িশাৰ । ঘটনাটোত এজন সৈনিক গুৰুতৰভাৱে আহত হৈছিল।প্ৰতিৰক্ষা মন্ত্ৰী  ৰাজনাথ সিঙে  টুইট যোগে আক্ৰমণত নিহত সৈনিকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। আনহাতে, টিএমচিৰ মুখপাত্ৰ কুনাল ঘোষে সেনাৰ ওপৰত হোৱা আক্ৰমণক তীব্ৰ গৰিহণা দিছে। নিহত সেনা জোৱানসকলৰ প্ৰতি  শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে৷ 

বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ ভীম্ৰ গালিৰ পৰা চাংগিওতলৈ যাত্ৰা কৰি থকা অৱস্থাত সেনাৰ এক বাহনত জুই লাগিছিল৷ সেনাৰ এজন বিষয়াই জনোৱা অনুসৰি ঘটনাটো আবেলি প্ৰায় ৩ বজাত সংঘটিত হয়। বিষয়াগৰাকীয়ে কয় "আজি প্ৰায় ১৫০০ বজাত ভাৰতীয় সেনাৰ এখন বাহন ভীম্বাৰ গালিৰ পৰা পুঞ্চ  জিলাৰ চাংগিওটলৈ যাত্ৰা কৰি থকা অৱস্থাত বাহন খনত  জুই লাগিছিল" । 









FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন