--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  বৃহস্পতিবাৰে কাশ্মীৰৰ পুঞ্চত সেনাৰ বাহনত জুই লাগি  পাঁচজন সৈনিক শ্বহীদ হোৱাৰ ঘটনাই সমগ্ৰ দেশতে আলোড়ণৰ সৗষ্টি কৰিছে৷ সেনাৰ ট্ৰাক খনত কিদৰে জুই লাগিল সেয়া এতিয়াও ৰহস্যৰ বিষয় হৈ আছে৷ শেহতীয়াকৈ এই কথা জানিব পৰা মতে পাকিস্তানী সন্ত্ৰাসবাদীয়ে গ্ৰেনেড নিক্ষেপ কৰাৰ ফলতে সেনাৰ ট্ৰাক খনত জুই লাগিছিল৷ 

 এই আক্ৰমণৰ আঁৰত পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ হাত আছে বুলি বহুতে ইতিমধ্যে নিশ্চিত হৈছে। সেনা বিষয়াসকলেধাৰণা কৰিছে  যে গ্ৰেনেড আক্ৰমণৰ বাবেই এই ধ্বংসযজ্ঞ সংঘটিত হৈছিল। সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডেই এই সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে কথা পাতিছে। দেশৰ বিৰোধী দলসমূহে ইতিমধ্যে ঘটনাটোক তীব্ৰ গৰিহণা দিছে। উল্লেখ্য বৃহস্পতিবাৰে সেনাৰ এখন ট্ৰাকত জুই লাগিছিল। সন্ত্ৰাসবাদীয়ে  সেনাৰ ট্ৰাকখনলৈ লক্ষ্য কৰি  গ্ৰেনেড নিক্ষেপ কৰাৰ ফলতে এই ঘটনা ঘটা বুলি সন্দেহ কৰা হৈছে৷ 

 ইপিনে কাশ্মীৰৰ এই ঘটনাটোৰ তদন্ত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা এনআইএয়ে কৰিব বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে৷ সূত্ৰটোৱে প্ৰকাশ কৰা মতে অতি কমেও সাতজন লস্কৰ সন্ত্ৰাসবাদীয়ে  ঘন অৰণ্যৰ মাজৰ পৰা   সেনাৰ ট্ৰাকখনত আক্ৰমণ চলাইছিল৷  অৱশ্যে, এতিয়ালৈকে কোনো সন্ত্ৰাসবাদীকে ধৰিব পৰা হোৱা  নাই। আক্ৰমণটোত পাঁচজন সৈনিক নিহত হৈছিল। তেওঁলোকৰ চাৰিজন পঞ্জাৱৰ আৰু এজন ওড়িশাৰ । ঘটনাটোত এজন সৈনিক গুৰুতৰভাৱে আহত হৈছিল।প্ৰতিৰক্ষা মন্ত্ৰী  ৰাজনাথ সিঙে  টুইট যোগে আক্ৰমণত নিহত সৈনিকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। আনহাতে, টিএমচিৰ মুখপাত্ৰ কুনাল ঘোষে সেনাৰ ওপৰত হোৱা আক্ৰমণক তীব্ৰ গৰিহণা দিছে। নিহত সেনা জোৱানসকলৰ প্ৰতি  শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে৷ 

বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ ভীম্ৰ গালিৰ পৰা চাংগিওতলৈ যাত্ৰা কৰি থকা অৱস্থাত সেনাৰ এক বাহনত জুই লাগিছিল৷ সেনাৰ এজন বিষয়াই জনোৱা অনুসৰি ঘটনাটো আবেলি প্ৰায় ৩ বজাত সংঘটিত হয়। বিষয়াগৰাকীয়ে কয় "আজি প্ৰায় ১৫০০ বজাত ভাৰতীয় সেনাৰ এখন বাহন ভীম্বাৰ গালিৰ পৰা পুঞ্চ  জিলাৰ চাংগিওটলৈ যাত্ৰা কৰি থকা অৱস্থাত বাহন খনত  জুই লাগিছিল" । 









FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে