--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা গোধ্ৰা কাণ্ডৰ ৮ জন অপৰাধীক উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে  জামিন প্ৰদান কৰে। অৱশ্যে শীৰ্ষ ন্যায়ালয় খনে  চাৰিজন দোষীৰ জামিন আবেদন নাকচ কৰে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত  এখন বিচাৰপীঠে বিষয়টোৰ শুনানি গ্ৰহণ কৰি আছিল। উচ্চতম ন্যায়ালয়ে আজি ৮ জন দোষীক জামিন প্ৰদানৰ নিৰ্দেশ দিয়ে। 

অভিযুক্তসকল ১৭ বছৰ ধৰি কাৰাগাৰত আছে আৰু মানৱীয়তাৰ ভিত্তিত তেওঁলোকক জামিন প্ৰদান কৰা হৈছে৷ ২০০২ চনৰ ২৭ ফেব্ৰুৱাৰীত গুজৰাটৰ গোধ্ৰা ষ্টেচনত সবৰমতী এক্সপ্ৰেছৰ এছ ৬ ডবাত সংঘটিত অগ্নিকাণ্ডত ৫৯ জন লোক নিহত হৈছিল। নিহত সকলৰ ভিতৰত সৰ্বাধিক সংখ্যক লোকেই  কৰ  সেৱক আছিল। 

কৰ সেৱকসকলে ৰে’ল খনেৰে  অযোধ্যাৰ পৰা উভতি আহিছিল ৷ তেতিয়াই তেওঁলোকক আক্ৰমণ কৰা হৈছিল। ইয়াৰ ফলত গোটেই গুজৰাটত হিংসাত্মক ঘটনা সংঘটিত হৈছিল। পিছদিনা গান্ধীনগৰৰ পালিয়াদ গাঁৱত সাম্প্ৰদায়িক হিংসাৰ জুই জ্বলি উঠিছিল। বহু সংখ্যালঘু পৰিয়ালক আক্ৰমণ কৰা হৈছিল৷ অভিযোগ কৰা হৈছিল যে সেইদিনা গোধ্ৰাত  সংঘটিত ঘটনাটো পূৰ্বে  পৰিকল্পনা কৰা হৈছিল। পৰিকল্পনা অনুসৰি ৰে’লখনত জুই লগাই দিয়া বুলি বহুতে অভিযোগ কৰিছিল৷  উক্ত ঘটনাৰ গোচৰত  জামিন লাভ কৰা আঠজন লোককেই আজীৱন কাৰাদণ্ড বিহা হৈছিল। 

গোচৰটোৰ বিচাৰত আদালতে মুঠ ১১ জন লোকক মৃত্যুদণ্ড প্ৰদান কৰিছিল। বিশজন লোকক  আজীৱন কাৰাদণ্ড বিহা হৈছিল। উচ্চতম ন্যায়ালয়ে চাৰিজন ব্যক্তিৰ মৃত্যুদণ্ড পৰৱৰ্তী সময়ত নাকচ কৰিছিল  আৰু শাস্তি আজীৱন কাৰাদণ্ডলৈ পৰিৱৰ্তন কৰিছিল৷  সেই চাৰিজনৰে জামিন আজি আদালতে নাকচ কৰে৷
উল্লেখ্য আহমেদাবাদৰ এখন বিশেষ আদালতে বৃহস্পতিবাৰে ২০০২ চনৰ গুজৰাটৰ নৰোদা গাম সংঘৰ্ষৰ গোচৰৰ ৬৮ জন অভিযুক্তক নিৰ্দোষী ঘোষণা কৰিছিল ৷গুজৰাটৰ প্ৰাক্তন মন্ত্ৰী আৰু বিজেপি নেতা মায়া কোদনানী আৰু বজৰং দলৰ বাবু বজৰংগী সেই গোচৰটোৰ মূল অভিযুক্ত আছিল।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে