--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা গোধ্ৰা কাণ্ডৰ ৮ জন অপৰাধীক উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে  জামিন প্ৰদান কৰে। অৱশ্যে শীৰ্ষ ন্যায়ালয় খনে  চাৰিজন দোষীৰ জামিন আবেদন নাকচ কৰে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত  এখন বিচাৰপীঠে বিষয়টোৰ শুনানি গ্ৰহণ কৰি আছিল। উচ্চতম ন্যায়ালয়ে আজি ৮ জন দোষীক জামিন প্ৰদানৰ নিৰ্দেশ দিয়ে। 

অভিযুক্তসকল ১৭ বছৰ ধৰি কাৰাগাৰত আছে আৰু মানৱীয়তাৰ ভিত্তিত তেওঁলোকক জামিন প্ৰদান কৰা হৈছে৷ ২০০২ চনৰ ২৭ ফেব্ৰুৱাৰীত গুজৰাটৰ গোধ্ৰা ষ্টেচনত সবৰমতী এক্সপ্ৰেছৰ এছ ৬ ডবাত সংঘটিত অগ্নিকাণ্ডত ৫৯ জন লোক নিহত হৈছিল। নিহত সকলৰ ভিতৰত সৰ্বাধিক সংখ্যক লোকেই  কৰ  সেৱক আছিল। 

কৰ সেৱকসকলে ৰে’ল খনেৰে  অযোধ্যাৰ পৰা উভতি আহিছিল ৷ তেতিয়াই তেওঁলোকক আক্ৰমণ কৰা হৈছিল। ইয়াৰ ফলত গোটেই গুজৰাটত হিংসাত্মক ঘটনা সংঘটিত হৈছিল। পিছদিনা গান্ধীনগৰৰ পালিয়াদ গাঁৱত সাম্প্ৰদায়িক হিংসাৰ জুই জ্বলি উঠিছিল। বহু সংখ্যালঘু পৰিয়ালক আক্ৰমণ কৰা হৈছিল৷ অভিযোগ কৰা হৈছিল যে সেইদিনা গোধ্ৰাত  সংঘটিত ঘটনাটো পূৰ্বে  পৰিকল্পনা কৰা হৈছিল। পৰিকল্পনা অনুসৰি ৰে’লখনত জুই লগাই দিয়া বুলি বহুতে অভিযোগ কৰিছিল৷  উক্ত ঘটনাৰ গোচৰত  জামিন লাভ কৰা আঠজন লোককেই আজীৱন কাৰাদণ্ড বিহা হৈছিল। 

গোচৰটোৰ বিচাৰত আদালতে মুঠ ১১ জন লোকক মৃত্যুদণ্ড প্ৰদান কৰিছিল। বিশজন লোকক  আজীৱন কাৰাদণ্ড বিহা হৈছিল। উচ্চতম ন্যায়ালয়ে চাৰিজন ব্যক্তিৰ মৃত্যুদণ্ড পৰৱৰ্তী সময়ত নাকচ কৰিছিল  আৰু শাস্তি আজীৱন কাৰাদণ্ডলৈ পৰিৱৰ্তন কৰিছিল৷  সেই চাৰিজনৰে জামিন আজি আদালতে নাকচ কৰে৷
উল্লেখ্য আহমেদাবাদৰ এখন বিশেষ আদালতে বৃহস্পতিবাৰে ২০০২ চনৰ গুজৰাটৰ নৰোদা গাম সংঘৰ্ষৰ গোচৰৰ ৬৮ জন অভিযুক্তক নিৰ্দোষী ঘোষণা কৰিছিল ৷গুজৰাটৰ প্ৰাক্তন মন্ত্ৰী আৰু বিজেপি নেতা মায়া কোদনানী আৰু বজৰং দলৰ বাবু বজৰংগী সেই গোচৰটোৰ মূল অভিযুক্ত আছিল।





FOLLOW US F
POPULAR
FEATURE
TRENDY
মধ্য প্রাচ্যৰ পৰিস্থিতিয়ে বিশ্বলৈ বিনাশ মাতি আনিব পাৰে:ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান গুটাৰেছ
জুলাইত পৰিবহণ বিভাগৰ 'সম্পূৰ্ণ সেৱা মাহ'
UPSC পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা সকলক আছুৱে কৰিব সহায়
যদি আপুনি বৃদ্ধ বয়সলৈকে সুস্থ আৰু ফিট হৈ থাকিব বিচাৰে তেন্তে এই কাম কৰক
তিনিচুকীয়া  স্ক্ৰেপিং প্ৰতিষ্ঠানত চুৰি ডাম্পাৰ উদ্ধাৰৰ অভিযোগ
পাকিস্তানলৈ বোৱা সিন্ধুৰ জলধাৰাৰ গতি পৰিৱৰ্তন কৰিব ৰাজস্থানলৈ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত