--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: আমি সততে দেখি আহিছো যে, মন্ত্রীসকলে ৰাজহুৱা পুঁজিৰ ধনেৰে বিলাসী চৰকাৰী গাড়ী পায় বা ৰেলীলৈ যাবলৈ ৪০ হাজাৰ টকাৰ টি-চার্ট পিন্ধে৷ অৱশ্যে আজিৰ দিনটো ইয়াৰ ব্যতিক্ৰম বহু ৰাজনৈতিক নেতা আছে। আজি আমি আপোনালোকক জনাম এনে এজন মন্ত্ৰীৰ কথা, যাৰ কাহিনী শুনিলে আপুনিও আচৰিত হ’ব।

তেওঁৰ নাম প্ৰতাপ চন্দ্ৰ সাৰংগী। জীৱনৰ প্ৰতি সুকীয়া দৃষ্টিভংগী ৰখা এইগৰাকী ৰাজনীতিবিদ ভাৰতীয় জনতা পাৰ্টিৰ। প্ৰধানমন্ত্ৰী মোদীৰ মন্ত্ৰীসভাৰ একালৰ  ৰাজ্যমন্ত্ৰী ৬৪ বছৰীয়া নেতা সাৰংগী মাটিৰ ঘৰত থাকে আৰু চাইকেল চলাই কামলৈ যায়। অৱশ্যে সাৰংগীয়ে চৰকাৰক অনুৰোধ জনাইছিল যে কেন্দ্ৰই তেওঁক আবণ্টন দিয়া ঘৰটোৰ চৌহদত ঠিক তেওঁৰ গৃহ চহৰত থকা ঘৰটোৰ দৰেই এটা বোকাময় ঘৰ  বনাওক। তেওঁৰ অনুৰোধক সন্মান জনাই ইতিমধ্যে ঘৰৰ কাম আৰম্ভ হৈছে।

 দিল্লীত সহজে উপলব্ধ নথকাৰ বাবে গাঁথনিটোৰ ভেটি নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা বোকা ইটাবোৰ বাহিৰৰ পৰা অনা হৈছে। বোকাঘৰটো নিৰ্মাণৰ কামত চিমেণ্ট আৰু লোৰ ব্যৱহাৰ কৰা হোৱা নাই। ইতিমধ্যে ২০ দিন ধৰি নিৰ্মাণৰ কাম চলি আছে আৰু ছেপ্টেম্বৰৰ শেষৰ ফালে ইয়াৰ কাম শেষ হ’ব। বোকা ঘৰটোত দুটা কোঠা, এটা ৱাশ্বৰুম আৰু এটা ড্ৰেছিং ৰুম থাকিব। আনকি বিচনা আৰু আলমিৰাবোৰো বোকা ইটাৰে বনোৱা হ’ব। 
উল্লেখযোগ্য যে, ঘৰটো নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা সকলো সামগ্ৰী পুনঃব্যৱহাৰযোগ্য। শীঘ্ৰেই যদি মন্ত্ৰীগৰাকী আন ঠাইলৈ স্থানান্তৰিত হয় তেন্তে কোনো ধৰণৰ দুখ-কষ্ট নোহোৱাকৈ ঘৰটো স্থানান্তৰ কৰিব পাৰিব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক