--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ ইন্দোৰৰ পৰা অহা এই খবৰটো পঢ়াৰ পাছত আপুনি হতচকিত হৈ পৰিব। ইয়াত এজন আৰ টি আই কৰ্মীয়ে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত চৰকাৰৰ পৰা উত্তৰ বিচাৰিছিল। উত্তৰ এনেকুৱা দীঘলীয়া হ’ল যে এখন গাড়ী প্ৰশাসনৰ পৰা পোৱা কাগজ-পত্ৰৰে ভৰি পৰিল। আৰু সেইখনো সৰু বাহন নহয়, পূৰ্ণাংগ এছ ইউ ভি। ইয়াৰ প্ৰত্যুত্তৰত তেওঁ প্ৰশাসনৰ পৰা ৪০ হাজাৰ পৃষ্ঠাৰ উত্তৰ লাভ কৰিছে। আমোদজনক কথাটো হ’ল, সেই ব্যক্তিজনে এই উত্তৰৰ বাবে এটকাও দিব লগীয়া নহ’ল।

সাধাৰণতে এনে উত্তৰৰ বাবে আবেদনকাৰীয়ে চৰকাৰক প্ৰতিটো পৃষ্ঠাৰ বিপৰীতে ২ টকা দিব লাগে। কিন্তু ৩০ দিনৰ ভিতৰত উত্তৰ পালেহে এনেকুৱা হয়। কৰ্মী ধৰ্মেন্দ্ৰ শুক্লাক চৰকাৰৰ পৰা উত্তৰ পোৱাত পলম হৈছিল আৰু সেয়েহে ইয়াৰ বাবে তেওঁ ধন দিব লগা হোৱা নাছিল।

দ্য লালানটপ নামৰ সংবাদ প্ৰতিষ্ঠানটোৰ লগত হোৱা সাক্ষাৎকাৰত ধৰ্মেন্দ্ৰ শুক্লাই কয় যে তেওঁ প্ৰায় তিনিমাহ পূৰ্বে আৰ টি আইৰ জৰিয়তে ইন্দোৰৰ মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়াৰ ওচৰত আৰ টি আইৰ আবেদন দাখিল কৰিছিল। ধৰ্মেন্দ্ৰই কৈছে,‘কৰোনা কালত ঔষধ, চিকিৎসা সঁজুলি আৰু অন্যান্য সামগ্ৰী ক্ৰয়ৰ সৈতে জড়িত নিবিদা আৰু বিল পৰিশোধৰ সবিশেষ বিচাৰিছিলোঁ। কৰোনাৰ সময়ছোৱাত ক্ৰয় কৰা প্ৰতিটো সামগ্ৰী, প্ৰতিটো নিবিদা, কিমান পৰিমাণত কি ক্ৰয় কৰা হৈছে, কেছবুক, বিল আৰু ভাউচাৰৰ সৈতে জড়িত তথ্য বিচাৰিছিলোঁ।”

ধৰ্মেন্দ্ৰই আৰু কয় যে তেওঁ এমাহৰ ভিতৰত এই তথ্য লাভ কৰা নাছিল। সেইবাবে তেওঁ প্ৰথম আপীল বিষয়া ডাঃ শাৰদ গুপ্তাৰ সৈতে যোগাযোগ কৰিছিল। 

২৭ জুলাই বৃহস্পতিবাৰে আৰ টি আইৰ উত্তৰ পালে ধৰ্মেন্দ্ৰই। এইটো পাবলৈ তেওঁ নিজৰ গাড়ীখন লৈ গ’ল, যিখন সম্পূৰ্ণ ভৰি পৰিছিল। ধৰ্মেন্দ্ৰই কয় যে তেওঁৰ সমগ্ৰ এছ ইউ ভিখন নথি-পত্ৰৰে ভৰি আছিল। কেৱল ড্ৰাইভাৰৰ চিটখন খালী আছিল।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ৰাজ্যৰ স্বাস্থ্য বিভাগৰ আপীল বিষয়া তথা আঞ্চলিক যুটীয়া সঞ্চালক ডাঃ শাৰদ গুপ্তায়ো এই কথা নিশ্চিত কৰিছে। গুপ্তাই আৰু চিএমএইচঅ’ক নিৰ্দেশ দিছে যে সেইসকল কৰ্মীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ, যাৰ বাবে সময়মতে তথ্য দিয়া হোৱা নাছিল। ইয়াৰ বাবে চৰকাৰী ৰাজকোষৰ প্ৰায় ৮০ হাজাৰ টকাৰ লোকচান হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে