--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ ইন্দোৰৰ পৰা অহা এই খবৰটো পঢ়াৰ পাছত আপুনি হতচকিত হৈ পৰিব। ইয়াত এজন আৰ টি আই কৰ্মীয়ে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত চৰকাৰৰ পৰা উত্তৰ বিচাৰিছিল। উত্তৰ এনেকুৱা দীঘলীয়া হ’ল যে এখন গাড়ী প্ৰশাসনৰ পৰা পোৱা কাগজ-পত্ৰৰে ভৰি পৰিল। আৰু সেইখনো সৰু বাহন নহয়, পূৰ্ণাংগ এছ ইউ ভি। ইয়াৰ প্ৰত্যুত্তৰত তেওঁ প্ৰশাসনৰ পৰা ৪০ হাজাৰ পৃষ্ঠাৰ উত্তৰ লাভ কৰিছে। আমোদজনক কথাটো হ’ল, সেই ব্যক্তিজনে এই উত্তৰৰ বাবে এটকাও দিব লগীয়া নহ’ল।

সাধাৰণতে এনে উত্তৰৰ বাবে আবেদনকাৰীয়ে চৰকাৰক প্ৰতিটো পৃষ্ঠাৰ বিপৰীতে ২ টকা দিব লাগে। কিন্তু ৩০ দিনৰ ভিতৰত উত্তৰ পালেহে এনেকুৱা হয়। কৰ্মী ধৰ্মেন্দ্ৰ শুক্লাক চৰকাৰৰ পৰা উত্তৰ পোৱাত পলম হৈছিল আৰু সেয়েহে ইয়াৰ বাবে তেওঁ ধন দিব লগা হোৱা নাছিল।

দ্য লালানটপ নামৰ সংবাদ প্ৰতিষ্ঠানটোৰ লগত হোৱা সাক্ষাৎকাৰত ধৰ্মেন্দ্ৰ শুক্লাই কয় যে তেওঁ প্ৰায় তিনিমাহ পূৰ্বে আৰ টি আইৰ জৰিয়তে ইন্দোৰৰ মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়াৰ ওচৰত আৰ টি আইৰ আবেদন দাখিল কৰিছিল। ধৰ্মেন্দ্ৰই কৈছে,‘কৰোনা কালত ঔষধ, চিকিৎসা সঁজুলি আৰু অন্যান্য সামগ্ৰী ক্ৰয়ৰ সৈতে জড়িত নিবিদা আৰু বিল পৰিশোধৰ সবিশেষ বিচাৰিছিলোঁ। কৰোনাৰ সময়ছোৱাত ক্ৰয় কৰা প্ৰতিটো সামগ্ৰী, প্ৰতিটো নিবিদা, কিমান পৰিমাণত কি ক্ৰয় কৰা হৈছে, কেছবুক, বিল আৰু ভাউচাৰৰ সৈতে জড়িত তথ্য বিচাৰিছিলোঁ।”

ধৰ্মেন্দ্ৰই আৰু কয় যে তেওঁ এমাহৰ ভিতৰত এই তথ্য লাভ কৰা নাছিল। সেইবাবে তেওঁ প্ৰথম আপীল বিষয়া ডাঃ শাৰদ গুপ্তাৰ সৈতে যোগাযোগ কৰিছিল। 

২৭ জুলাই বৃহস্পতিবাৰে আৰ টি আইৰ উত্তৰ পালে ধৰ্মেন্দ্ৰই। এইটো পাবলৈ তেওঁ নিজৰ গাড়ীখন লৈ গ’ল, যিখন সম্পূৰ্ণ ভৰি পৰিছিল। ধৰ্মেন্দ্ৰই কয় যে তেওঁৰ সমগ্ৰ এছ ইউ ভিখন নথি-পত্ৰৰে ভৰি আছিল। কেৱল ড্ৰাইভাৰৰ চিটখন খালী আছিল।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ৰাজ্যৰ স্বাস্থ্য বিভাগৰ আপীল বিষয়া তথা আঞ্চলিক যুটীয়া সঞ্চালক ডাঃ শাৰদ গুপ্তায়ো এই কথা নিশ্চিত কৰিছে। গুপ্তাই আৰু চিএমএইচঅ’ক নিৰ্দেশ দিছে যে সেইসকল কৰ্মীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ, যাৰ বাবে সময়মতে তথ্য দিয়া হোৱা নাছিল। ইয়াৰ বাবে চৰকাৰী ৰাজকোষৰ প্ৰায় ৮০ হাজাৰ টকাৰ লোকচান হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস