--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পঢ়া-শুনাৰ সমান্তৰালকৈ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সুলভ খৰচত চহৰত বাস কৰাটো ক্ৰমান্বয়ে আৰু অধিক ব্যয়বহুল হৈ পৰিব। কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে যে এতিয়া হোষ্টেলৰ ভাড়াত ১২ শতাংশ জি এছ টি আৰোপ কৰা হ’ব, যাৰ বাবে এতিয়া ছাত্ৰ-ছাত্ৰীয়ে অধিক ধন দিব লাগিব। অথৰিটি ফৰ এডভান্স ৰুলিংছ (AAR)-এ দুটা পৃথক গোচৰত এই সিদ্ধান্ত লৈছে। এ এ আৰৰ বেংগালুৰু বিচাৰপীঠে ৰায় দিছিল যে হোষ্টেল আৱাসিক ইউনিটৰ সমতুল্য নহয় আৰু সেয়েহে সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি)ৰ পৰা ৰেহাই পোৱা নাযায়। শ্ৰীসাই লাগজাৰী ষ্টে এল এল পিৰ আবেদন সন্দৰ্ভত ৰায়দান কৰি এ এ আৰ য়ে কয় যে ১৭ জুলাই, ২০২২ পৰ্যন্ত হোটেল, ক্লাব, কেম্প ছাইটৰ থকাৰ সেৱাৰ ক্ষেত্ৰত জি এছ টি ৰেহাই প্ৰযোজ্য আছিল আৰু প্ৰতিদিনে ১০০০ টকা পৰ্যন্ত চাৰ্জ লোৱা হৈছিল। বেংগালুৰু বিচাৰপীঠে কয় যে পি জি/হোষ্টেলৰ ভাড়া জি এছ টি ৰেহাইৰ বাবে যোগ্য নহয়।


কাৰণ আবেদনকাৰীৰ সেৱা আৱাসিক অট্টালিকা ভাড়াত দিয়াৰ সমান নহয়। ৰায়দানত উল্লেখ কৰা হৈছে যে আৱাসিক চৌহদ স্থায়ী বাসস্থানৰ বাবে, আৰু ইয়াত অতিথিশালা, লজ বা এনে ঠাই অন্তৰ্ভুক্ত কৰা হোৱা নাই। উল্লেখ্য যে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে অনলাইন গেমিংৰ ওপৰত ২৮ শতাংশ জি এছ টি নিৰ্ধাৰণ কৰিছিল। আজি ১১ জুলাইত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ অধ্যক্ষতাত পণ্য আৰু সেৱা কৰ পৰিষদৰ ৫০ সংখ্যক বৈঠকত অনলাইন গেমিংৰ ওপৰত ২৮ শতাংশ কৰ আৰোপ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। অনলাইন গেমিংৰ সম্পূৰ্ণ মূল্যৰ ওপৰত ২৮% জি এছ টি হাৰ কাৰ্যকৰী হোৱাৰ তাৰিখ জি এছ টি আইন সংশোধনৰ পিছত কাৰ্যকৰী কৰা হ’ব।


পশ্চিম বংগৰ বিত্তমন্ত্ৰী চন্দ্ৰিমা ভট্টাচাৰ্যই ইয়াত অনুষ্ঠিত জি এছ টি পৰিষদৰ বৈঠকত গ্ৰহণ কৰা এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰে। অনলাইন গেমিং, কেচিনো, ঘোঁৰা দৌৰত বাজি ধৰাৰ সময়ত ব্যয় কৰা সমগ্ৰ ধনৰ ওপৰত ২৮ শতাংশ হাৰত কৰ আৰোপ কৰা হ’ব বুলি জি এছ টি কাউন্সিলে সিদ্ধান্ত লৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে