--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হে ভগৱান! ভগৱানকো প্ৰতাৰণা। এজন ভক্তই মন্দিৰৰ দান বাকচত দি থৈ গল ১০০ কোটি টকাৰ এখন চেক। মন্দিৰৰ কৰ্মীসকলে যেতিয়া দানৰ বাকচটো খুলিলে, তেতিয়া তেওঁলোকে এই চেকখন পাইছিল। এই চেকখন লৈ বেংকলৈ যোৱাৰ পাছত দেখা গল যে সেই লোকজনে স্বয়ং ভগৱানকে প্ৰতাৰণা কৰিলে। 

জানিব পৰা মতে, দান বাকচত ১০০ কোটি টকাৰ চেক জমা দিয়া ব্যক্তিজনৰ বেংক একাউণ্টত মাত্ৰ ১৭ টকাহে আছিল। এই ঘটনা অন্ধ্ৰ প্ৰদেশৰ শ্ৰী বাৰহলক্ষ্মী নৰসিংহ স্বামী মন্দিৰত সংঘটিত হৈছে।

মন্দিৰ কৰ্তৃপক্ষই যেতিয়া চেকখন সংশ্লিষ্ট বেংকলৈ প্ৰেৰণ কৰে, তেতিয়া তেওঁলোকে ভুৱা ভক্তজনৰ একাউণ্টত মাত্ৰ ১৭ টকাহে থকা দেখি হতভম্ব হৈ পৰে।

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে চেকখনৰ ছবি। চেকখনত স্বাক্ষৰ কৰে বোদ্দেপল্লী ৰাধাকৃষ্ণই। ৰাধাকৃষ্ণই চেকখনত তাৰিখ লিখা নাই আৰু চেকখন কোটক মহিন্দ্ৰা বেংকৰ। চেকত প্ৰকাশ পাইছে যে ভুৱা ভক্তজন বিশাখাপট্টনমৰ বেংকৰ এটা শাখাৰ একাউণ্ট হোল্ডাৰ।

যদি দাতাৰ উদ্দেশ্য আছিল মন্দিৰ কৰ্তৃপক্ষক প্ৰতাৰণা কৰা, তেন্তে বেংকক তেওঁৰ বিৰুদ্ধে চেক বাউন্স গোচৰ আৰম্ভ কৰিবলৈ অনুৰোধ কৰা হ’ব পাৰে। ভুৱা ভক্তৰ এই কাৰ্যক লৈ বহু লোকেই ছ’চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ মন্তব্য কৰে। 

উল্লেখ্য যে বিশাখাপট্টনমৰ সিমহাচলাম পাহাৰত অৱস্থিত শ্ৰী বাৰহলক্ষ্মী নৰসিংহ স্বামী মন্দিৰ অন্ধ্ৰ প্ৰদেশৰ অন্যতম বিখ্যাত মন্দিৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'