--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হে ভগৱান! ভগৱানকো প্ৰতাৰণা। এজন ভক্তই মন্দিৰৰ দান বাকচত দি থৈ গল ১০০ কোটি টকাৰ এখন চেক। মন্দিৰৰ কৰ্মীসকলে যেতিয়া দানৰ বাকচটো খুলিলে, তেতিয়া তেওঁলোকে এই চেকখন পাইছিল। এই চেকখন লৈ বেংকলৈ যোৱাৰ পাছত দেখা গল যে সেই লোকজনে স্বয়ং ভগৱানকে প্ৰতাৰণা কৰিলে। 

জানিব পৰা মতে, দান বাকচত ১০০ কোটি টকাৰ চেক জমা দিয়া ব্যক্তিজনৰ বেংক একাউণ্টত মাত্ৰ ১৭ টকাহে আছিল। এই ঘটনা অন্ধ্ৰ প্ৰদেশৰ শ্ৰী বাৰহলক্ষ্মী নৰসিংহ স্বামী মন্দিৰত সংঘটিত হৈছে।

মন্দিৰ কৰ্তৃপক্ষই যেতিয়া চেকখন সংশ্লিষ্ট বেংকলৈ প্ৰেৰণ কৰে, তেতিয়া তেওঁলোকে ভুৱা ভক্তজনৰ একাউণ্টত মাত্ৰ ১৭ টকাহে থকা দেখি হতভম্ব হৈ পৰে।

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে চেকখনৰ ছবি। চেকখনত স্বাক্ষৰ কৰে বোদ্দেপল্লী ৰাধাকৃষ্ণই। ৰাধাকৃষ্ণই চেকখনত তাৰিখ লিখা নাই আৰু চেকখন কোটক মহিন্দ্ৰা বেংকৰ। চেকত প্ৰকাশ পাইছে যে ভুৱা ভক্তজন বিশাখাপট্টনমৰ বেংকৰ এটা শাখাৰ একাউণ্ট হোল্ডাৰ।

যদি দাতাৰ উদ্দেশ্য আছিল মন্দিৰ কৰ্তৃপক্ষক প্ৰতাৰণা কৰা, তেন্তে বেংকক তেওঁৰ বিৰুদ্ধে চেক বাউন্স গোচৰ আৰম্ভ কৰিবলৈ অনুৰোধ কৰা হ’ব পাৰে। ভুৱা ভক্তৰ এই কাৰ্যক লৈ বহু লোকেই ছ’চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ মন্তব্য কৰে। 

উল্লেখ্য যে বিশাখাপট্টনমৰ সিমহাচলাম পাহাৰত অৱস্থিত শ্ৰী বাৰহলক্ষ্মী নৰসিংহ স্বামী মন্দিৰ অন্ধ্ৰ প্ৰদেশৰ অন্যতম বিখ্যাত মন্দিৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস