--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • শিশুটিৰ নাম আলিন শ্বেৰিন আব্ৰাহাম। কেৰালাৰ এই কণমানি শিশুটি দেশজুৰি চৰ্চাৰ বিষয় হৈ পৰিছে।

ডিজিটেল ডেস্ক: এটি ১০ মহীয়া কণমানিয়ে নিজে মৃত্যুক সাবটি পাঁচজনক দিলে নতুন জীৱন। ইয়াৰ লগে লগে এখন ৰাজ্যৰ কনিষ্ঠতম অংগদাতা হৈ পৰিল কণমানি শিশুটি। শিশুটিৰ নাম আলিন শ্বেৰিন আব্ৰাহাম। কেৰালাৰ এই কণমানি শিশুটি দেশজুৰি চৰ্চাৰ বিষয় হৈ পৰিছে।


এটা পৰিয়ালৰ শোক হৈ পৰিল পাঁচটা পৰিয়ালৰ আশা। পাঠানমথিত্তাৰ এটি গীৰ্জাত ছোৱালীজনীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয়। আৰক্ষীয়ে ৰাজ্যিক সন্মানেৰে ‘গাৰ্ড অৱ অনাৰ’ প্ৰদান কৰে শিশুটিক। ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী বীনা জৰ্জ আৰু কেন্দ্ৰীয় মন্ত্ৰী সুৰেশ গোপীও উপস্থিত থাকে। সেই পৰিবেশটো ইমানেই আৱেগিক আছিল যে তাত উপস্থিত থকা সকলো মানুহে চকুলো টুকিছিল।


এনে অবৰ্ণনীয় শোক লগত লৈ আলিনৰ পিতৃ-মাতৃয়ে যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া মানৱতাৰ নিদৰ্শন বুলি মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে কয়। তেওঁ কয় যে এই কণমানি ছোৱালীজনীয়ে পাঁচজন মানুহক জীয়াই থকাৰ সুযোগ দি গ’ল।


ঘটনা অনুসৰি ৫ ফেব্ৰুৱাৰীত আলিনে মাক আৰু ককা-আইতাকৰ সৈতে গাড়ীৰে যাত্ৰা কৰি আছিল। বিপৰীত দিশৰ পৰা অহা এখন বাহনে তেওঁলোকক খুন্দা মাৰে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় আলিন। প্ৰথমে তাইক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল, তাৰ পিছত উন্নত চিকিৎসাৰ বাবে কোচিলৈ লৈ যোৱা হৈছিল। চিকিৎসকে যৎপৰোনাস্তি চেষ্টা কৰিলে, কিন্তু ১২ ফেব্ৰুৱাৰীত তাইক ব্ৰেইন ডেড বুলি ঘোষণা কৰা হয়। এই গভীৰ শোকৰ মাজতে তাইৰ পিতৃ-মাতৃয়ে তাইৰ অংগ দান কৰাৰ সিদ্ধান্ত লয়।


ইয়াৰ পিছতে প্ৰশাসনে ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰে। কোচিৰ পৰা তিৰুৱনন্তপুৰমলৈ অংগসমূহ কঢ়িয়াই নিয়াৰ বাবে এটা ‘গ্ৰীণ কৰিডৰ’ৰ সৃষ্টি কৰা হৈছিল।। নিশা হেলিকপ্টাৰ চলাচলৰ অনুমতি নাছিল, সেয়েহে ২৩০ কিলোমিটাৰ যাত্ৰা এম্বুলেন্সেৰে কৰা হৈছিল। এম্বুলেন্সখনে মাত্ৰ ৩ ঘণ্টা ২০ মিনিটতে দূৰত্ব অতিক্ৰম কৰিলে।


আলিনৰ লিভাৰটো ছমহীয়া কেঁচুৱা এটাত ট্ৰান্সপ্লাণ্ট কৰা হৈছিল। বৃক্কটো দান কৰা হয় এটি ১০ বছৰীয়া শিশুক। হাৰ্ট ভালভটো তিৰুৱনন্তপুৰম মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। ব্যক্তিগত চিকিৎসালয়ৰ চকুৰ বেংকলৈ দান কৰা হয় কৰ্ণিয়া।


সমগ্ৰ কেৰালাৰ লোকসকল এই ঘটনাত আৱেগিক হৈ পৰিছে। এটা দুৰ্ঘটনাই এটা পৰিয়াল ধ্বংস কৰিলে, কিন্তু সেই একেটা পৰিয়ালৰ এক সিদ্ধান্তই পাঁচজনৰ জীৱনত নতুন আশাৰ সঞ্চাৰ কৰিলে। এইটোৱেই হৈ পৰিল কণমানি আলিনৰ আটাইতকৈ ডাঙৰ পৰিচয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ