--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • শিশুটিৰ নাম আলিন শ্বেৰিন আব্ৰাহাম। কেৰালাৰ এই কণমানি শিশুটি দেশজুৰি চৰ্চাৰ বিষয় হৈ পৰিছে।

ডিজিটেল ডেস্ক: এটি ১০ মহীয়া কণমানিয়ে নিজে মৃত্যুক সাবটি পাঁচজনক দিলে নতুন জীৱন। ইয়াৰ লগে লগে এখন ৰাজ্যৰ কনিষ্ঠতম অংগদাতা হৈ পৰিল কণমানি শিশুটি। শিশুটিৰ নাম আলিন শ্বেৰিন আব্ৰাহাম। কেৰালাৰ এই কণমানি শিশুটি দেশজুৰি চৰ্চাৰ বিষয় হৈ পৰিছে।


এটা পৰিয়ালৰ শোক হৈ পৰিল পাঁচটা পৰিয়ালৰ আশা। পাঠানমথিত্তাৰ এটি গীৰ্জাত ছোৱালীজনীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয়। আৰক্ষীয়ে ৰাজ্যিক সন্মানেৰে ‘গাৰ্ড অৱ অনাৰ’ প্ৰদান কৰে শিশুটিক। ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী বীনা জৰ্জ আৰু কেন্দ্ৰীয় মন্ত্ৰী সুৰেশ গোপীও উপস্থিত থাকে। সেই পৰিবেশটো ইমানেই আৱেগিক আছিল যে তাত উপস্থিত থকা সকলো মানুহে চকুলো টুকিছিল।


এনে অবৰ্ণনীয় শোক লগত লৈ আলিনৰ পিতৃ-মাতৃয়ে যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া মানৱতাৰ নিদৰ্শন বুলি মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে কয়। তেওঁ কয় যে এই কণমানি ছোৱালীজনীয়ে পাঁচজন মানুহক জীয়াই থকাৰ সুযোগ দি গ’ল।


ঘটনা অনুসৰি ৫ ফেব্ৰুৱাৰীত আলিনে মাক আৰু ককা-আইতাকৰ সৈতে গাড়ীৰে যাত্ৰা কৰি আছিল। বিপৰীত দিশৰ পৰা অহা এখন বাহনে তেওঁলোকক খুন্দা মাৰে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় আলিন। প্ৰথমে তাইক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল, তাৰ পিছত উন্নত চিকিৎসাৰ বাবে কোচিলৈ লৈ যোৱা হৈছিল। চিকিৎসকে যৎপৰোনাস্তি চেষ্টা কৰিলে, কিন্তু ১২ ফেব্ৰুৱাৰীত তাইক ব্ৰেইন ডেড বুলি ঘোষণা কৰা হয়। এই গভীৰ শোকৰ মাজতে তাইৰ পিতৃ-মাতৃয়ে তাইৰ অংগ দান কৰাৰ সিদ্ধান্ত লয়।


ইয়াৰ পিছতে প্ৰশাসনে ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰে। কোচিৰ পৰা তিৰুৱনন্তপুৰমলৈ অংগসমূহ কঢ়িয়াই নিয়াৰ বাবে এটা ‘গ্ৰীণ কৰিডৰ’ৰ সৃষ্টি কৰা হৈছিল।। নিশা হেলিকপ্টাৰ চলাচলৰ অনুমতি নাছিল, সেয়েহে ২৩০ কিলোমিটাৰ যাত্ৰা এম্বুলেন্সেৰে কৰা হৈছিল। এম্বুলেন্সখনে মাত্ৰ ৩ ঘণ্টা ২০ মিনিটতে দূৰত্ব অতিক্ৰম কৰিলে।


আলিনৰ লিভাৰটো ছমহীয়া কেঁচুৱা এটাত ট্ৰান্সপ্লাণ্ট কৰা হৈছিল। বৃক্কটো দান কৰা হয় এটি ১০ বছৰীয়া শিশুক। হাৰ্ট ভালভটো তিৰুৱনন্তপুৰম মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। ব্যক্তিগত চিকিৎসালয়ৰ চকুৰ বেংকলৈ দান কৰা হয় কৰ্ণিয়া।


সমগ্ৰ কেৰালাৰ লোকসকল এই ঘটনাত আৱেগিক হৈ পৰিছে। এটা দুৰ্ঘটনাই এটা পৰিয়াল ধ্বংস কৰিলে, কিন্তু সেই একেটা পৰিয়ালৰ এক সিদ্ধান্তই পাঁচজনৰ জীৱনত নতুন আশাৰ সঞ্চাৰ কৰিলে। এইটোৱেই হৈ পৰিল কণমানি আলিনৰ আটাইতকৈ ডাঙৰ পৰিচয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু