--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • যোৱা বৃহস্পতিবাৰে নিশা প্ৰায় ২:৩০ বজাত সৌন্দত গাঁৱৰ বাসিন্দা ইছৰাৰ আহমেদৰ পত্নী আনোৱাৰী খাতুনে (৭২) আৰক্ষীক এক ভয়ংকৰ ডকাইতিৰ খবৰ দিয়ে।

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ মীৰাট জিলাৰ পৰীক্ষিতগড় থানাৰ অন্তৰ্গত সৌন্দত গাঁৱত এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। এজন পুত্ৰৰ অপৰাধ ঢাকিবলৈ মাক-দেউতাকে ৰচনা কৰা ৩৭ লাখ টকাৰ ডকাইতিৰ মিছা কাহিনীৰ পৰিণতিত এতিয়া গোটেই পৰিয়ালটোৱে ৰঙাঘৰৰ আলহী হ'ল।


যোৱা বৃহস্পতিবাৰে নিশা প্ৰায় ২:৩০ বজাত সৌন্দত গাঁৱৰ বাসিন্দা ইছৰাৰ আহমেদৰ পত্নী আনোৱাৰী খাতুনে (৭২) আৰক্ষীক এক ভয়ংকৰ ডকাইতিৰ খবৰ দিয়ে। তেওঁৰ অভিযোগ অনুসৰি, পাঁচজন সশস্ত্ৰ দুৰ্বৃত্তই দেৱাল বগাই তেওঁলোকৰ ঘৰত প্ৰৱেশ কৰিছিল। দুৰ্বৃত্তৰ দলটোৱে আলমাৰিৰ পৰা ১৭ লাখ টকা নগদ আৰু প্ৰায় ২০ লাখ টকাৰ সোণ-ৰূপৰ অলংকাৰ লুটি লৈ যায় বুলি তেওঁ দাবী কৰিছিল। আনকি বাধা দিবলৈ যাওঁতে তেওঁক মাৰপিট কৰা হৈছিল বুলিও তেওঁ কান্দি কান্দি আৰক্ষীক জনাইছিল।


আৰক্ষীৰ তদন্তত ওলাল ওলোটা তথ্য


ঘটনাৰ গুৰুত্ব বুজি জিলা আৰক্ষীয়ে চাৰিটা বিশেষ দল গঠন কৰি তদন্ত আৰম্ভ কৰে। কিন্তু তদন্তকাৰী বিষয়াসকলে কিছুমান বিসংগতি লক্ষ্য কৰে:


গাঁৱৰ কোনো চিচিটিভি কেমেৰাত সেই নিশা কোনো সন্দেহজনক লোকৰ চলাচল ধৰা পৰা নাছিল। ডকাইতি হোৱা বুলি কোৱা কোঠাটোৰ দুৱাৰ ভিতৰৰ পৰা বন্ধ আছিল, যাৰ ফলত বাহিৰৰ পৰা কোনো সোমোৱাটো অসম্ভৱ আছিল।


মাতৃৰ স্বীকাৰোক্তি আৰু পুত্ৰৰ কুকাণ্ড


আৰক্ষীৰ কঠোৰ সোধা-পোছাৰ সন্মুখত অৱশেষত আনোৱাৰী খাতুনে সকলো সঁচা কথা স্বীকাৰ কৰে। দৰাচলতে, তেওঁৰ সৰু পুত্ৰ আব্দুল ওৱাহিদ অনলাইন জুৱা আৰু বেটিং খেলৰ নিচাত আসক্ত আছিল। ওৱাহিদে ঘৰৰ আলমাৰিৰ পৰা নগদ ধন আৰু গহনা উলিয়াই জুৱাত লগাই সকলো হেৰুৱাইছিল।


পুত্ৰক আৰক্ষী বা সমাজৰ চকুৰ পৰা ৰক্ষা কৰিবলৈ মাতৃয়ে এই ডকাইতিৰ নাটক ৰচনা কৰিছিল। পিতৃ ইছৰাৰ আহমেদেও এই সমগ্ৰ পৰিকল্পনাত পত্নীক সহায় কৰিছিল।



মীৰাট আৰক্ষীয়ে জনোৱা মতে, মিছা তথ্যৰে আৰক্ষীক বিপথে পৰিচালিত কৰা আৰু অপৰাধ লুকুওৱাৰ অভিযোগত পিতৃ-মাতৃ আৰু পুত্ৰ— তিনিওজনকে গ্ৰেপ্তাৰ কৰা হৈছে। বৰ্তমান তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ