--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • যোৱা বৃহস্পতিবাৰে নিশা প্ৰায় ২:৩০ বজাত সৌন্দত গাঁৱৰ বাসিন্দা ইছৰাৰ আহমেদৰ পত্নী আনোৱাৰী খাতুনে (৭২) আৰক্ষীক এক ভয়ংকৰ ডকাইতিৰ খবৰ দিয়ে।

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ মীৰাট জিলাৰ পৰীক্ষিতগড় থানাৰ অন্তৰ্গত সৌন্দত গাঁৱত এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। এজন পুত্ৰৰ অপৰাধ ঢাকিবলৈ মাক-দেউতাকে ৰচনা কৰা ৩৭ লাখ টকাৰ ডকাইতিৰ মিছা কাহিনীৰ পৰিণতিত এতিয়া গোটেই পৰিয়ালটোৱে ৰঙাঘৰৰ আলহী হ'ল।


যোৱা বৃহস্পতিবাৰে নিশা প্ৰায় ২:৩০ বজাত সৌন্দত গাঁৱৰ বাসিন্দা ইছৰাৰ আহমেদৰ পত্নী আনোৱাৰী খাতুনে (৭২) আৰক্ষীক এক ভয়ংকৰ ডকাইতিৰ খবৰ দিয়ে। তেওঁৰ অভিযোগ অনুসৰি, পাঁচজন সশস্ত্ৰ দুৰ্বৃত্তই দেৱাল বগাই তেওঁলোকৰ ঘৰত প্ৰৱেশ কৰিছিল। দুৰ্বৃত্তৰ দলটোৱে আলমাৰিৰ পৰা ১৭ লাখ টকা নগদ আৰু প্ৰায় ২০ লাখ টকাৰ সোণ-ৰূপৰ অলংকাৰ লুটি লৈ যায় বুলি তেওঁ দাবী কৰিছিল। আনকি বাধা দিবলৈ যাওঁতে তেওঁক মাৰপিট কৰা হৈছিল বুলিও তেওঁ কান্দি কান্দি আৰক্ষীক জনাইছিল।


আৰক্ষীৰ তদন্তত ওলাল ওলোটা তথ্য


ঘটনাৰ গুৰুত্ব বুজি জিলা আৰক্ষীয়ে চাৰিটা বিশেষ দল গঠন কৰি তদন্ত আৰম্ভ কৰে। কিন্তু তদন্তকাৰী বিষয়াসকলে কিছুমান বিসংগতি লক্ষ্য কৰে:


গাঁৱৰ কোনো চিচিটিভি কেমেৰাত সেই নিশা কোনো সন্দেহজনক লোকৰ চলাচল ধৰা পৰা নাছিল। ডকাইতি হোৱা বুলি কোৱা কোঠাটোৰ দুৱাৰ ভিতৰৰ পৰা বন্ধ আছিল, যাৰ ফলত বাহিৰৰ পৰা কোনো সোমোৱাটো অসম্ভৱ আছিল।


মাতৃৰ স্বীকাৰোক্তি আৰু পুত্ৰৰ কুকাণ্ড


আৰক্ষীৰ কঠোৰ সোধা-পোছাৰ সন্মুখত অৱশেষত আনোৱাৰী খাতুনে সকলো সঁচা কথা স্বীকাৰ কৰে। দৰাচলতে, তেওঁৰ সৰু পুত্ৰ আব্দুল ওৱাহিদ অনলাইন জুৱা আৰু বেটিং খেলৰ নিচাত আসক্ত আছিল। ওৱাহিদে ঘৰৰ আলমাৰিৰ পৰা নগদ ধন আৰু গহনা উলিয়াই জুৱাত লগাই সকলো হেৰুৱাইছিল।


পুত্ৰক আৰক্ষী বা সমাজৰ চকুৰ পৰা ৰক্ষা কৰিবলৈ মাতৃয়ে এই ডকাইতিৰ নাটক ৰচনা কৰিছিল। পিতৃ ইছৰাৰ আহমেদেও এই সমগ্ৰ পৰিকল্পনাত পত্নীক সহায় কৰিছিল।



মীৰাট আৰক্ষীয়ে জনোৱা মতে, মিছা তথ্যৰে আৰক্ষীক বিপথে পৰিচালিত কৰা আৰু অপৰাধ লুকুওৱাৰ অভিযোগত পিতৃ-মাতৃ আৰু পুত্ৰ— তিনিওজনকে গ্ৰেপ্তাৰ কৰা হৈছে। বৰ্তমান তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু