--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই বিয়াৰ বাবে কোনো ডাঙৰ বিলাসী হোটেল বা ডেষ্টিনেচন ৱেডিং (Destination Wedding) বাছনি কৰা হোৱা নাই, এই সমগ্ৰ কাৰ্যসূচী আমিৰ খানৰ নিজা বাসগৃহতে অনুষ্ঠিত হ’ব।

ডিজিটেল ডেস্ক: বলিউডৰ পৰা এটা অতি ডাঙৰ খবৰ পোহৰলৈ আহিছে। 'মিষ্টাৰ পাৰফেকচনিষ্ট' আমিৰ খান পুনৰ এবাৰ দৰা হ’বলৈ সম্পূৰ্ণ সাজু হৈছে। আমিৰ খান আৰু গৌৰী স্প্ৰাটে দীৰ্ঘদিন ধৰি ইজনে সিজনক ডেট কৰি আছিল আৰু এতিয়া এই চৰ্চিত যুগলে বিবাহপাশত আৱদ্ধ হোৱাৰ সিদ্ধান্ত লৈছে। 


দুয়োপক্ষৰ সন্মতি আৰু সম্পূৰ্ণ বুজাবুজিৰে দুয়ো নিজৰ জীৱনৰ এই ডাঙৰ সিদ্ধান্তটো লৈছে, যাৰ প্ৰস্তুতিও ইতিমধ্যে আৰম্ভ হৈছে। এক ঘনিষ্ঠ সূত্ৰই জনোৱা মতে, তেওঁলোকে কেৱল নিজৰ পৰিয়াল আৰু ঘনিষ্ঠ লোকৰ উপস্থিতিত এই বিবাহ সম্পন্ন কৰিব। এই বিবাহৰ তাৰিখ আৰু স্থানো স্থিৰ কৰা হৈছে। অহা ৫ জুলাইত আমিৰ খান আৰু গৌৰী স্প্ৰাটৰ এই বিবাহ অনুষ্ঠান সম্পন্ন হ’ব।


এই বিয়াৰ বাবে কোনো ডাঙৰ বিলাসী হোটেল বা ডেষ্টিনেচন ৱেডিং (Destination Wedding) বাছনি কৰা হোৱা নাই, এই সমগ্ৰ কাৰ্যসূচী আমিৰ খানৰ নিজা বাসগৃহতে অনুষ্ঠিত হ’ব। যদিও অতিথিৰ তালিকা এতিয়ালৈকে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হোৱা নাই, তথাপিও চৰ্চা চলিছে যে তেওঁৰ অতি প্ৰিয় বন্ধু চলমান খান আৰু শ্বাহৰুখ খান এই বিয়াত উপস্থিত থাকিব পাৰে।


শেহতীয়া এটা সাক্ষাৎকাৰত আমিৰে তেওঁলোকৰ সম্পৰ্কৰ গভীৰতাৰ বিষয়ে মুকলিকৈ কথা পাতিছিল আৰু ইংগিত দিছিল যে কেৱল বিবাহেই প্ৰতিশ্ৰুতিৰ একমাত্ৰ মাপকাঠী নহয়। অভিনেতাগৰাকীয়ে কৈছিল, "গৌৰী আৰু মই ইজনে সিজনক লৈ অতি ছিৰিয়াছ (Serious) আৰু আমি এক অতি দায়বদ্ধ সম্পৰ্কত আছোঁ, আমি ইজনে সিজনৰ সংগী। আমি একেলগে আছোঁ। বিবাহৰ কথা ক’বলৈ গ’লে, মোৰ মনৰ ভিতৰত মই ইতিমধ্যে তেওঁৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছোঁ। ৬০ বছৰ বয়সত বিয়া পাতিলে ভালো নেদেখি, গতিকে আমি ইয়াক আনুষ্ঠানিক ৰূপ দিম নে নাই, সেইটো এনেকুৱা এটা কথা যাৰ সিদ্ধান্ত মই সময়ৰ লগত ল’ম।" এনেকৈ ক’লেও অৱশ্যে আমিৰে এতিয়া আনুষ্ঠানিকভাৱে বিয়া পাতি গৌৰীক পত্নীৰ মৰ্যাদা দিব বিচাৰিছে। 


আমিৰ (৬১) আৰু গৌৰী (৪৭)ৰ মাজত ১৪ বছৰৰ বয়সৰ ব্যৱধান থকা স্বত্বেও তেওঁলোকৰ মাজত অতি মজবুত সম্পৰ্ক আছে। তেওঁলোকক প্ৰায়ে বিভিন্ন অনুষ্ঠানত একেলগে দেখা পোৱা যায়। 


আমিৰৰ প্ৰথম বিবাহ ৰীণা দত্তৰ সৈতে হৈছিল, যি ১৯৮৬ চনৰ পৰা ২০০২ চনলৈকে বৰ্তি আছিল। এই প্ৰাক্তন দম্পতীৰ দুটা সন্তান আছে— জুনেইদ খান আৰু ইৰা খান। গৌৰীৰ প্ৰেমত পৰাৰ আগতে আমিৰে চলচ্চিত্ৰ নিৰ্মাতা কিৰণ ৰাওৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। ২০০৫ চনত তেওঁলোকৰ বিবাহ হৈছিল আৰু তেওঁলোকৰ আজাদ নামৰ এজন পুত্ৰ সন্তান জন্ম হৈছিল। ২০২১ চনত তেওঁলোকে বিচ্ছেদৰ কথা ঘোষণা কৰে। উল্লেখ্য যে গৌৰী স্প্ৰাটেও পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল আৰু তেওঁৰ এটি ৭ বছৰীয়া পুত্ৰ সন্তান আছে। আমিৰ খানে প্ৰথম বিয়াৰ ১৬ বছৰৰ পিছত বিবাহ বিচ্ছেদ কৰিছিল আৰু দ্বিতীয় বিবাহতো ১৬ বছৰৰ পিছতেই বিবাহ বিচ্ছেদ কৰিছিল। এইবাৰ তৃতীয় বিবাহ চিৰস্থায়ী হ’বনে নাই সেয়া নিশ্চয়কৈ হ’ব লক্ষ্যণীয়।




FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ কোটি কোটি কেঞ্চাৰ ৰোগীলৈ আশাৰ বতৰা; ১০ বছৰৰ ভিতৰত নির্মূল হ’ব কেঞ্চাৰ
পৰম্পৰাগত হালধিযুক্ত গাখীৰৰ স্বাস্থ্যসন্মত উপকাৰিতা
বাংলাদেশত দুই সহস্রাধিক শিক্ষক-শিক্ষাৰ্থীক ৰাজনৈতিক নির্যাতন; ফ্রান্সস্থিত মানৱ অধিকাৰ সংস্থাৰ প্ৰতিবেদনৰ তথ্য
ককাকৰ সম্পত্তিত নাতিৰ কোনো জন্মগত অধিকাৰ নাথাকে; উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়
বিশ্বৰ সবাতোকৈ প্ৰদূষিত ৫০ চহৰৰ ৪৯খনেই ভাৰতৰ
শ্বেখ হাছিনাৰ প্ৰত্যাৱৰ্তনৰ পূৰ্বে জ্বলিছে বাংলাদেশ
ধনতেৰছত কিয় ধনীয়া বীজ ক্ৰয় কৰিব লাগে? জানো আহক ইয়াৰ আধ্যাত্মিক আৰু ব্যৱহাৰিক গুৰুত্ব
টেঙাখাতৰ অইল ইণ্ডিয়াৰ ITFত ভয়ংকৰ অগ্নিকাণ্ড; এজনৰ মৃত্যু, কেইবাজনো গুৰুতৰভাৱে আহত, এজন সন্ধানহীন
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; ৯ নৱেম্বৰত পুনৰ ১০০০ কোটিৰ ঋণ ল’ব ৰাজ্য চৰকাৰে
ৰোগত আক্ৰান্ত হৈ হতাশ মহিলা; পুত্ৰৰ সৈতে ১৮ মহলাৰ পৰা জাঁপ দি ল’লে চৰম সিদ্ধান্ত
আজি ভূত চতুৰ্দশী; ১৪ গচ চাকি জ্বলোৱা আৰু ১৪ বিধ শাক খোৱাৰ পৰম্পৰা কিয় প্ৰচলিত?
পৰকীয়া প্ৰেমৰ ভয়ংকৰ কাণ্ড! পত্নীক চকীত বান্ধি পেট্ৰ’ল ঢালি জীৱন্তে জ্বলাই হ*ত্যা স্বামীৰ
সৰ্বকালৰ অভিলেখ ভংগ! এইবাৰ ধনতেৰছত সমগ্র দেশত ১.২৫ লাখ কোটিতকৈ অধিক টকাৰ সামগ্ৰী বিক্রী
গুৱাহাটীত ১২ নৱেম্বৰত বন্ধ থাকিব পেট্রল পাম্প