--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ওড়িশাত সংঘটিত কৰমণ্ডল এক্সপ্ৰেছৰ দুৰ্ঘটনাত এতিয়ালৈকে প্ৰায় ২৯০ গৰাকী যাত্ৰী নিহত হৈছে। আহত হৈছে সহস্ৰাধিক যাত্ৰী। বহুতে এতিয়াও যুঁজি আছে মৃত্যুৰ সৈতে। ৰে’ল খনেৰে চেন্নাইলৈ কামৰ সন্ধানত যোৱা বহু যুৱক এতিয়াও সন্ধানহীন হৈয়েই আছে। 

এতিয়াও ধ্বংসপ্ৰাপ্ত বহু দবাত বহু যাত্ৰী জীৱিত অথবা মৃত অৱস্থাতে আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে। পশ্চিমবংগৰ নাদিয়াৰ বাসিন্দা সুনীল হালদাৰে তেওঁৰ পুত্ৰৰ সৈতে যোগাযোগ কৰিবলৈ বহু চেষ্টা কৰি আছিল। পুত্ৰই সেই অভিশপ্ত ৰে’ল খনেৰেই চেন্নাইলৈ বুলি গৈছিল। পুত্ৰ নবীনৰ সৈতে তেওঁৰ পিতৃয়ে দুৰ্ঘটনাটোৰ পিছৰে পৰা কোনো পধ্যে যোগাযোগ কৰিবলৈ সক্ষম হোৱা নাছিল। ফলত চৰম আতংকত ভুগিছিল নবীনৰ পৰিয়ালটোৱে। 

টিভিত দুৰ্ঘটনাৰ দৃশ্য, মৃতদেহৰ শাৰী দেখি কঁপি উঠিছিল নবীনৰ পৰিয়ালৰ লোকসকল। দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ পিছতে  চুবুৰীয়া আৰু আত্মীয়সকলেও নবীনৰ ঘৰত  ভিৰ কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু হঠাতে দিনৰ ২.৪৫ বজাত নবীনৰ পিতৃৰ  ফোনটো বাজি উঠে। এয়া অচিনাকী নম্বৰৰ পৰা অহা ফোন। এক মুহূৰ্তও নষ্ট নকৰাকৈ নবীনৰ  পিতৃয়ে ফোনটো ৰিচিভ কৰে। 

সিফালৰ পৰা ভাঁহি আহিল নবীনৰ দুৰ্বল কণ্ঠস্বৰ "মই জীয়াই আছোঁ, দেউতা!"   পুত্ৰৰ মাতটো শুনি পিতৃ সুনীলে কান্দোন ৰখাব নোৱাৰিলে। ফোনটোত তেওঁ বেছি কথা পাতিবও নোৱাৰিলে। হঠাতে ফোনটো কাটি গ’ল। হয়তো নবীনে  আন কাৰোবাৰ মোবাইল ফোনৰ পৰা ফোন কৰিছিল। নবীনৰ সৈতে কামৰ সন্ধানত যোৱা বহু কেইজন যুৱকৰ এতিয়ালৈকে কোনো সন্ধান ওলোৱা নাই। নবীনো হয়তো আহত হৈ ক’ৰবাত পৰি ৰৈছে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস