--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ওড়িশাত সংঘটিত কৰমণ্ডল এক্সপ্ৰেছৰ দুৰ্ঘটনাত এতিয়ালৈকে প্ৰায় ২৯০ গৰাকী যাত্ৰী নিহত হৈছে। আহত হৈছে সহস্ৰাধিক যাত্ৰী। বহুতে এতিয়াও যুঁজি আছে মৃত্যুৰ সৈতে। ৰে’ল খনেৰে চেন্নাইলৈ কামৰ সন্ধানত যোৱা বহু যুৱক এতিয়াও সন্ধানহীন হৈয়েই আছে। 

এতিয়াও ধ্বংসপ্ৰাপ্ত বহু দবাত বহু যাত্ৰী জীৱিত অথবা মৃত অৱস্থাতে আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে। পশ্চিমবংগৰ নাদিয়াৰ বাসিন্দা সুনীল হালদাৰে তেওঁৰ পুত্ৰৰ সৈতে যোগাযোগ কৰিবলৈ বহু চেষ্টা কৰি আছিল। পুত্ৰই সেই অভিশপ্ত ৰে’ল খনেৰেই চেন্নাইলৈ বুলি গৈছিল। পুত্ৰ নবীনৰ সৈতে তেওঁৰ পিতৃয়ে দুৰ্ঘটনাটোৰ পিছৰে পৰা কোনো পধ্যে যোগাযোগ কৰিবলৈ সক্ষম হোৱা নাছিল। ফলত চৰম আতংকত ভুগিছিল নবীনৰ পৰিয়ালটোৱে। 

টিভিত দুৰ্ঘটনাৰ দৃশ্য, মৃতদেহৰ শাৰী দেখি কঁপি উঠিছিল নবীনৰ পৰিয়ালৰ লোকসকল। দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ পিছতে  চুবুৰীয়া আৰু আত্মীয়সকলেও নবীনৰ ঘৰত  ভিৰ কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু হঠাতে দিনৰ ২.৪৫ বজাত নবীনৰ পিতৃৰ  ফোনটো বাজি উঠে। এয়া অচিনাকী নম্বৰৰ পৰা অহা ফোন। এক মুহূৰ্তও নষ্ট নকৰাকৈ নবীনৰ  পিতৃয়ে ফোনটো ৰিচিভ কৰে। 

সিফালৰ পৰা ভাঁহি আহিল নবীনৰ দুৰ্বল কণ্ঠস্বৰ "মই জীয়াই আছোঁ, দেউতা!"   পুত্ৰৰ মাতটো শুনি পিতৃ সুনীলে কান্দোন ৰখাব নোৱাৰিলে। ফোনটোত তেওঁ বেছি কথা পাতিবও নোৱাৰিলে। হঠাতে ফোনটো কাটি গ’ল। হয়তো নবীনে  আন কাৰোবাৰ মোবাইল ফোনৰ পৰা ফোন কৰিছিল। নবীনৰ সৈতে কামৰ সন্ধানত যোৱা বহু কেইজন যুৱকৰ এতিয়ালৈকে কোনো সন্ধান ওলোৱা নাই। নবীনো হয়তো আহত হৈ ক’ৰবাত পৰি ৰৈছে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত
যুদ্ধ বন্ধ নকৰিলে ইয়াৰ পৰিণতি ভয়ংকৰ হ'ব; পুটিনক সকীয়নি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ
ডিব্ৰুগড়ত 'হৰ ঘৰ তিৰংগা অভিযান' ৰূপায়ণ কেন্দ্রীয় মন্ত্ৰী সোণোৱালৰ
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স