--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ১৪ ফেব্ৰুৱাৰীত আবুধাবিত BAPS হিন্দু মন্দিৰ উদ্বোধন কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ এই উদ্বোধনী অনুষ্ঠানৰ বাবে সমগ্ৰ বিশ্বৰ লোকে অপেক্ষা কৰি আছে বুলি ভাৰতীয় দূতাবাসে প্ৰকাশ কৰিছে।

দূতাবাসে কয় যে, নৰেন্দ্ৰ মোদীয়ে কৰিবলগীয়া আবুধাবিৰ মন্দিৰ উদ্বোধনৰ বাবে বিশ্বই অপেক্ষা কৰি আছে। মন্ত্ৰমুগ্ধকৰ স্থাপত্যৰ উজ্জ্বল দৃশ্যই মন্দিৰটোৰ ভৱিষ্যতৰে প্ৰতিফলন কৰিছে৷

আবুধাবিত বিএপিএছ হিন্দু মন্দিৰ উদ্বোধনৰ বাবে সঞ্চালক মণ্ডলীৰ লগতে স্বামী ঈশ্বৰচৰান্দাস আৰু স্বামী ব্ৰহ্মবিহৰিদাসে আগবঢ়োৱা আমন্ত্ৰণ শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীয়ে গ্ৰহণ কৰিছে বুলি বিএপিএছ স্বামীনাৰায়ণ সংস্থাই এক প্ৰেছ বিবৃতিত প্ৰকাশ কৰিছে।

ডিচেম্বৰ মাহত প্ৰধানমন্ত্ৰীৰ আৱাসিক কাৰ্যালয়ত প্ৰধানমন্ত্ৰী মোদী আৰু বিএপিএছ স্বামী ঈশ্বৰচৰান্দাসৰ বৈঠকত ঐতিহাসিক আৰু চিনাকি মন্দিৰটোৰ প্ৰতি উৎসাহী সমৰ্থন প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে আমন্ত্ৰণ গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা মাহত ইউএই ভ্ৰমণৰ সময়ত মন্দিৰ উদ্বোধনৰ এদিন পূৰ্বে ১৩ ফেব্ৰুৱাৰীত ‘আহলান মোদী’ শীৰ্ষক সামূহিক অভ্যৰ্থনা অনুষ্ঠানত প্ৰবাসী ভাৰতীয়সকলক সম্বোধন কৰিব।

প্ৰকাশ পোৱা তথ্য অনুসৰি এই ঐতিহাসিক অনুষ্ঠানৰ বিশদ পৰিকল্পনা আৰু সফল ৰূপায়ণৰ বাবে বিভিন্ন স্বেচ্ছাসেৱী সমিতি গঠন কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ