--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ১৪ ফেব্ৰুৱাৰীত আবুধাবিত BAPS হিন্দু মন্দিৰ উদ্বোধন কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ এই উদ্বোধনী অনুষ্ঠানৰ বাবে সমগ্ৰ বিশ্বৰ লোকে অপেক্ষা কৰি আছে বুলি ভাৰতীয় দূতাবাসে প্ৰকাশ কৰিছে।

দূতাবাসে কয় যে, নৰেন্দ্ৰ মোদীয়ে কৰিবলগীয়া আবুধাবিৰ মন্দিৰ উদ্বোধনৰ বাবে বিশ্বই অপেক্ষা কৰি আছে। মন্ত্ৰমুগ্ধকৰ স্থাপত্যৰ উজ্জ্বল দৃশ্যই মন্দিৰটোৰ ভৱিষ্যতৰে প্ৰতিফলন কৰিছে৷

আবুধাবিত বিএপিএছ হিন্দু মন্দিৰ উদ্বোধনৰ বাবে সঞ্চালক মণ্ডলীৰ লগতে স্বামী ঈশ্বৰচৰান্দাস আৰু স্বামী ব্ৰহ্মবিহৰিদাসে আগবঢ়োৱা আমন্ত্ৰণ শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীয়ে গ্ৰহণ কৰিছে বুলি বিএপিএছ স্বামীনাৰায়ণ সংস্থাই এক প্ৰেছ বিবৃতিত প্ৰকাশ কৰিছে।

ডিচেম্বৰ মাহত প্ৰধানমন্ত্ৰীৰ আৱাসিক কাৰ্যালয়ত প্ৰধানমন্ত্ৰী মোদী আৰু বিএপিএছ স্বামী ঈশ্বৰচৰান্দাসৰ বৈঠকত ঐতিহাসিক আৰু চিনাকি মন্দিৰটোৰ প্ৰতি উৎসাহী সমৰ্থন প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে আমন্ত্ৰণ গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা মাহত ইউএই ভ্ৰমণৰ সময়ত মন্দিৰ উদ্বোধনৰ এদিন পূৰ্বে ১৩ ফেব্ৰুৱাৰীত ‘আহলান মোদী’ শীৰ্ষক সামূহিক অভ্যৰ্থনা অনুষ্ঠানত প্ৰবাসী ভাৰতীয়সকলক সম্বোধন কৰিব।

প্ৰকাশ পোৱা তথ্য অনুসৰি এই ঐতিহাসিক অনুষ্ঠানৰ বিশদ পৰিকল্পনা আৰু সফল ৰূপায়ণৰ বাবে বিভিন্ন স্বেচ্ছাসেৱী সমিতি গঠন কৰা হৈছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰ্ণ জগতত ভৰি দিয়া নাই অর্চিতা ফুকনে
অসমীয়া সাহিত্যৰ বিশ্বমুখী যাত্রা, 'বুঢ়ী আইৰ সাধু'ৰ ওড়িয়া সংস্কৰণ উন্মোচন
শুভাংশু শুক্লাৰ ওভতনি যাত্ৰা ; আজি পৃথিৱীত পদার্পণ কৰিব শুভাংশু শুক্লাই
কোটিৰ ঘৰৰ পৰা কোটিৰ বাহনলৈ! জানক অনন্ত আম্বানীৰ বিলাসীতাৰ কথা
৮৭ কোটি টকাত বিক্ৰী হ’ল এটা হেণ্ডবেগ! জানো আহক এই বেগৰ ৰহস্য
ঋষভ পন্তে ভংগ কৰিলে এম এছ ধোনীৰ অভিলেখ
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে